মদৰ বটল বিতৰণ কৰি আদায় কৰিব ভোট, নাগালেণ্ডলৈ নি থকা অৱস্থাত বৃহৎ পৰিমাণৰ সুৰা জব্দ

বোকাজানঃ ভাৰতবৰ্ষত নিৰ্বাচনৰ সময়ত মদ টকা বিতৰণ কৰাটো ডাঙৰ কথা নহয়৷ দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা লোকসকলে টকা-মদ বিতৰণ কৰি ভোট আদায় কৰাৰ অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে৷ তাৰ মাজতে, নাগালেণ্ডৰ নিৰ্বাচনত বিতৰণ কৰিবলৈ নিয়া মদ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

অসম-নগালেণ্ড সীমান্তৰ লাহৰিজানত খটখটি আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ সুৰা৷ সুৰা নিষিদ্ধ ৰাজ্য নগালেণ্ডলৈ চোৰাংকৈ নি থকা অৱস্থাত বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে খটখটি আৰক্ষীয়ে৷ এনএল-০৭-এফ-৮৮৪৯ নম্বৰৰ এখন অটোৰ পৰা ২৫ কাৰ্টুন সুৰা জব্দ কৰাৰ লগতে সন্তোষ চৌধুৰী নামৰ অট'চালক জনক আটক কৰে।

আৰক্ষীয়ে জব্দ কৰা সুৰাখিনি নিৰ্বাচনত ভোটাৰ ৰাইজৰ মাজত বিতৰণ কৰিবলৈ নিয়া হৈছিল বুলি অট'চালকজনে জানিবলৈ দিয়াৰ লগতে তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত এটা অবৈধ গুদামত মজুত কৰি ৰখা অৱস্থাত ২০০ কাৰ্টুন সুৰা জব্দ কৰে খটখতি আৰক্ষীয়ে। জব্দ কৰা সুৰাখিনিৰ মূল্য প্ৰায় পাঁচ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, নাগালেণ্ডৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কাৰ্বি আংলঙত ড্ৰাই দে ঘোষণা কৰিছিল চৰকাৰে।