
কোকৰাঝাৰঃ বিটিএডি বসবাস কৰা অন্যান্য সংৰক্ষিত জনগোষ্ঠীৰ লগতে আদিবাসী চাওতাল জনগোষ্ঠীক ভূমিৰ অধিকাৰ পৰা আৰু জনগোষ্ঠীও বেষ্টনিৰ সংৰক্ষিত শ্ৰেণীৰ পৰা বঞ্চিত কৰিব বিচাৰি বিটিচি কেবিনেটে গ্ৰহণ কৰা প্ৰস্তাৱক হঠকাৰী বুলি মন্তব্য কৰি ইয়াৰ প্ৰতিবাদত অহা ১ মাৰ্চত ১২ ঘণ্টীয়া বিটিএডিৰ বন্ধৰ আহ্বান জনোৱাৰ লগতে ২২ মাৰ্চত ১০ ঘণ্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে আদিৱাসী জাতীয় মহাসভাই।
কোকৰাঝাৰৰ তিতাগুৰীস্থিত চিধু কানহু ভৱনত আদিবাসী জাতীয় মহাসভাৰ সভাপতি বয়েল হেমব্ৰমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ সভাৰ পিছতে আদিবাসী জাতীয় মহাসভাৰ সংগ্ৰামী গোটৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই এই ঘোষণা কৰে।
সংবাদমেলত বীৰসিং মুণ্ডাই শীঘ্ৰে হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবী জনাই উক্ত সিদ্ধান্ত কাৰ্যকাৰী হলে বিটিএডিৰ ভূখণ্ডত বসবাস কৰা চাওতাল-আদিৱাসীসকলৰ বিতাড়নৰ পথ সুচল হ’ব বুলি মন্তব্য আগবঢ়ায়। বিটিচিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে আদিবাসী জাতীয় মহাসভাই ধাৰাৱাহিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে বীৰসিং মুণ্ডাই।