
গোসাঁইগাঁওঃ বিটিচি এলেকাত বসবাস কৰা কোচ ৰাজবংশী, নাথ-যোগী, চাওতাল আৰু নেপালী আদি জনগোষ্ঠীৰ সংৰক্ষিত মৰ্যদা কৰ্তন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ উত্তাল হৈ পৰিছে বিটিএডি৷ যোৱা ১২ জানুৱাৰীত বিটিচি কেবিনেট বৈঠকত সংৰক্ষিত জনগোষ্ঠী সমুহৰ ভুমিৰ অধিকাৰ কৰ্তন কৰি পৰিষদে লোৱা সিদ্ধান্ত মৰ্মে জনজাতীয় লোকৰ ভুমি ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি অৱধাৰিত৷ইমান দিনে বিটিচি এলেকাত সংৰক্ষিত জনগোষ্ঠী হিচাপে বিশেষ মৰ্যদা সহকাৰে বসবাস কৰা জনগোষ্ঠী কেইটাই ১৮৮৬ চনৰ আসাম লেণ্ড ৰেভিনিউ ৰিগুলেচন এক্টৰ অধীনত ভুমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সকলো সুবিধা লাভ কৰি আহিছিল৷
তাৰোপৰি তদানীন্তত বিএচি পৰিষদৰ সময়তো বিএচি চীফ প্ৰেম সিং ব্ৰহ্ম প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই এই জনগোষ্ঠী সমুহক ১৯৯০ চনতে সংৰক্ষিত জাতিৰ মৰ্যদা দি সন্মান সহকাৰে বসবাস কৰাৰ সুযোগ দিয়াৰ উপৰি ভুমি ক্ৰয়-বিক্ৰয়ৰ সুবিধা লাভ কৰিছিল৷কিন্তু বিটিচি এলেকাত বিগত দিনত জনগোষ্ঠী সমুহে ভোগ কৰি অহা ভুমিৰ অধিকাৰ খৰ্ব কৰি কেবিনেট বৈঠকত লোৱা হঠকাৰী সিদ্ধান্তত পুনৰ অশান্তিৰ বাতাবৰণ সৃষ্টি হৈছে৷সম্প্ৰতি বিটিচিৰ সৰ্বত্ৰতে ক্ষোভৰ বিস্ফোৰন সৃষ্টি হোৱা অৱস্থাত গোসাঁইগাঁৱত জনগোষ্ঠী কেইটাই আজি এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি পৰিষদৰ এনে ষড়যন্ত্ৰ মুলক সিদ্ধান্তৰ বিৰোধীতা কৰি পুনৰ সোচ্চাৰ হৈ কৰিছে৷
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ দলগাঁওস্থিত আক্ৰাছুৰ কাৰ্যলয়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,সদৌ চাওতাল ছাত্ৰ সন্থা,নাথ-যোগী ছাত্ৰ সন্থা,আক্ৰাছু আৰু আগছু আদিৰ নেতৃবৃন্দই অংশ গ্ৰহন কৰা এই প্ৰতিবাদী সভাত বিটিচি পৰিষদৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি সংগঠণ সমুহে জনগোষ্ঠী বিৰোধী এনে সিদ্ধান্তহবাতিলৰ দাবী উত্থাপন কৰিছে৷আক্ৰাছুৰ সভাপতি অৰুন ৰায়ে পৰিচালনা কৰা প্ৰতিবাদী সভাত আক্ৰাছুৰ প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মনক মুখ্য আহ্বায়ক হিচাপে লৈ আজি এখন যৌথ মঞ্চ গঠন কৰা হয়৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰা, আগছুৰ সভাপতি ৰোহিত কুমাৰ দাহাল,নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্মন নাথ, বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশা নন্দ নাথ, চাওতাল ছাত্ৰ সন্থাৰ সভাপতি ছাইমন কিস্কুক লৈ গঠণ কৰা যৌথ মঞ্চই বিটিচি পৰিষদৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে৷
বিটিচি গঠণৰ পিছতে ইয়াত বসবাস কৰা নাগৰিকৰ এটা-এটাকৈ অধিকাৰ কৰ্তন কৰি প্ৰস্তাবিত পৃথক বড়ো ৰাজ্য গঠণৰ কুজকাৱাজ আৰম্ভ কৰা পৰিষদৰ এনে ষড়যন্ত্ৰ কোনো পধ্যেই সহ্য কৰা নহ’ব বুলি দৃঢ়তা প্ৰকাশ কৰা মঞ্চই বিটিচি বাতিলৰ দাবীৰে এলানি আন্দোলনৰ কাৰ্যসূচীও ঘোষনা কৰিছে৷আজি যৌথ মঞ্চই বিটিচি বাতিলৰ সমান্তৰালভাবে অহা ৬ মাৰ্চত ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ আহ্বান জনোৱাৰ উপৰি কোচ-ৰাজবংশী সম্প্ৰদায়ৰ লোকক বিপিএফ ত্যাগ কৰিবলৈ আহ্বান জনাইছে আক্ৰাছুয়ে৷ বিটিচি পৰিষদৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ বিটিএডিত ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি গোসাঁইগাঁৱতো উত্তাল প্ৰতিবাদ আদিবাসীৰ৷
১৮৮৬ চনৰ আসাম লেণ্ড ৰেভিনিউ ৰিগুলেচন এক্টৰ অধীনত বিটিএডি এলেকাত সংৰক্ষিত শ্ৰেনীৰ মৰ্যাদা সহকাৰে দীৰ্ঘ দিনৰ পৰা বসবাস কৰি অহা চাওতাল,কোচ ৰাজবংশী,নেপালী আৰু নাথ-যোগী জনগোষ্ঠীসমুহৰ ভূমিৰ অধিকাৰ খৰ্ব কৰি বি টি চি চৰকাৰে লোৱা সিদ্ধান্তত বিগত দুদিন ধৰি বিটিএডি বিভিন্ন স্থানত প্ৰতিবাদী জনতাই বিক্ষোভ প্ৰদৰ্শন কৰি অহাৰ দৰে আজি পুৱা গোসাইগাঁও মহকুমাৰ পদ্মবিলত সদৌ চাওতাল ছাত্ৰ সন্থা আৰু আছাৰ দ্বাৰা হাগ্ৰামা মহিলাৰীৰ প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্থ কৰে৷ কাৰ্যসুচীত অংশগ্ৰহন কৰা প্ৰতাবাদকাৰী সকলে প্ৰথমতে হাগ্ৰামা মহিলাৰীৰ প্ৰতিমুৰ্তি লৈ শোভাযাত্ৰা কৰি দাহ কৰে৷ প্ৰতিবাদকাৰী সকলে হাগ্ৰামা মহিলাৰী হায় হায়,বিটিচি চৰকাৰ মুৰ্দাবাদ, বিটিচি চৰকাৰৰ স্বেচ্চাচাৰিতা নচলিব আদি শ্ল’গান দি পৰিস্থিতিৰ সৃষ্টি হয়৷