কম্পমান হাগ্ৰামা বাহিনী, বিটিচিৰ সচিবৰ হতুৱাই দিলে স্পষ্টীকৰণ, ভূমিৰ অধিকাৰ খৰ্ব কৰা নাই

গুৱাহাটী/কোকৰাঝাৰঃ জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ৰাজ্যৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নহয়।

ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰে। অৱশ্যে অজনজাতিসকলে আন অজনজাতিসকলৰ লগত ভূমি কিনা বেচা কৰিব পাৰে। এয়া সংবিধানপ্ৰদত্ত নিয়ম। এই মন্তব্য আছিল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

একাংশ সংবাদ মাধ্যমত বিটিএডিত ভূমিৰ অধিকাৰ হেৰুৱাব অবড়োৱে বুলি প্ৰকাশিত বাতৰিৰ আঁত ধৰি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য প্ৰকাশ কৰি নিজৰ স্থিতিত অটল থাকি বিটিচি প্ৰধানে আৰু কৈছিল ‘‘সংবিধান সংশোধন নকৰালৈকে এনে নিয়মে বাহাল থাকিব আৰু প্ৰতিবাদ-ধৰ্ণাই কোনো ধৰণৰ প্ৰভাৱ নেপেলাব।

প্ৰতিবাদী কাৰ্যসূচী ললে দিল্লীত লওঁক আৰু কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সংসদত আইন সংশোধনৰ চেষ্টা কৰক৷ ট্ৰাইবেল বেল্ট আৰু ব্লকত অজনজাতিয়ে জনজাতিৰ ভূমি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰে’’৷ এয়া আছিল দুদিন পূৰ্বৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য৷ ইমানে নহয় বিটিচি পৰিষদে এই সিদ্ধান্ত লোৱা বুলি প্ৰচাৰ হয়৷

সংবাদ মাধ্যমৰ হাতত পৰে এটা কপি৷ তাৰ পিছতে উত্তপ্ত হৈ পৰে বিটিচি৷ ধৰ্ণা, প্ৰতিবাদ, প্ৰতিকৃতি দাহেৰে উত্তাল হৈ পৰে বিটিএডিৰ ৰাজ পথ৷ বিটিচি কৰ্তৃপক্ষই কথা বিষম হোৱাৰ আগজাননী লাভ কৰি ততাতৈয়াকৈ আমোলাৰ হতুৱাই সংবাদমেল অনুষ্ঠিত কৰে৷ শাসকীয় বিপিএফ দলৰ কোনো নেতাই তথা কাৰ্যবাহীয়ে স্পষ্ট নকৰি আমোলাৰ হতুৱাই স্পষ্টিকৰণ দিব লগা হয়৷

বিটিএডি বসৱাস কৰা কোচ ৰাজবংশী, আদিবাসী, নাথ-যোগী, নেপালীকে ধৰি অন্যান্য সংৰক্ষিত জনগোষ্ঠীক বিটিএডিত ভূমিৰ অধিকাৰ পৰা আৰু জনগোষ্ঠীও বেষ্টনিৰ সংৰক্ষিত শ্ৰেণীৰ পৰা বঞ্চিত কৰিব বিচাৰি বিটিচি কেবিনেটে গ্ৰহণ কৰা প্ৰস্তাৱে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত বুধবাৰে বিটিচি সচিবালয়ত অনুষ্ঠিত কৰা এখন সংবাদমেলত বিটিচিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকনে বিটিচিয়ে তেনেধৰণৰ কোনো আইন প্ৰণয়ন কৰা নাই বুলি স্পষ্ট কৰে।

সংবাদমেলত বীৰেন চন্দ্ৰ ফুকনে কয় যে, বিটিচি কেবিনেটে আইন প্ৰণয়ন কৰি কোনো ধৰণৰ ভূমিৰ অধিকাৰ খৰ্ব কৰা নাই আৰু ভৱিষ্যতেও নকৰে। বিটিচি কেবিনেটে বিটিচি চুক্তি অনুসৰিয়ে কাম কৰি আছে আৰু ভৱিষ্যতেও কাম কৰি যাব। বিটিচি সচিবালয়ত আয়োজিত সংবাদমেলত বিটিচিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকনে বিটিচিৰ ভূমি নীতি সন্দৰ্ভত স্পষ্টীকৰণ দাঙি ধৰি কয় যে, বিটিচিয়ে কোনো ধৰণৰ নতুন ভূমি নীতি তৈয়াৰ কৰা নাই বৰং বিটিচি চুক্তিৰ মতে তথা প্ৰচলিত ভূমি নীতিমতেই কাম কৰি আছে।

বিটিচি চুক্তিৰ সময়ছোৱাত অৰ্থাৎ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ পূৰ্বৰ পৰা যিসকল বৈধ নাগৰিকে বিটিএডিত বসৱাস কৰি আছে, তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হৈ থকাৰ নিশ্চয়তা দিয়ে বিটিচিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকনে। তদুপৰি বিটিচিয়ে প্ৰণয়ন কৰা আইন ৰাজ্যপালে অনুমোদন দিলেহে সেয়া আইনত পৰিণত হয় বুলি মন্তব্য কৰি প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকনে সকলো ভুল বুজাবুজি আঁতৰ কৰি শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান জনোৱাৰ লগতে বিটিচি চুক্তিৰ পূৰ্বৰে পৰা বসবাস কৰা বিটিএডিৰ বৈধ নাগৰিকৰ কোনো অধিকাৰ হৰণ নহয় বুলি স্পষ্ট কৰি দিছে।