
কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ ৫নং ৱাৰ্ডৰ অন্তৰ্গত দক্ষিণ টেঙাপাৰাত বুধবাৰে ৰেলৱে বিভাগে উচ্ছেদ অভিযান চলায়৷ ৰেলৱে মাটিত অবৈধ ভাৱে দীৰ্ঘদিন ধৰি বসবাস কৰি অহা মুঠ ২৮টা পৰিয়ালক বুধবাৰে উচ্ছেদ কৰে ৰেলৱে বিভাগে। ফকিৰাগ্ৰাম জংচনৰ ৰেলৱে সংমণ্ডলৰ বিষয়া আৰ পি গগৈৰ নেতৃত্বত যোৱা নিৰাপত্তা বাহিনীৰ দল এটাই উচ্ছেদ অভিযান চলোৱাৰ পিছত উচ্ছেদিত লোক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷
উল্লেখ্য যে, অঞ্চলটোত মুঠ ৩৮টা পৰিয়ালে অবৈধভাবে বসবাস কৰি আহিছিল যদিও পূৰ্বে ১০টা পৰিয়ালক উচ্ছেদ কৰাৰ পিছত আজি পুনৰাই ২৮টা পৰিয়ালক উচ্ছেদ কৰে ৰেলৱে বিভাগে৷ ৰেলৱে বিভাগৰ মাটিত অবৈধভাৱে বসবাস কৰা পৰিয়াল সকললৈ উক্ত স্থান ত্যাগ কৰাৰ জাননী দিয়া হৈছিল যদিও পৰিয়াল কেইটাই উক্ত স্থান ত্যাগ নকৰাৰ ফলতেই তেওঁলোকক উচ্ছেদ কৰা হল বুলি জানিবলৈ দিছে ফকিৰাগ্ৰাম জংচনৰ ৰেলৱে সংমণ্ডলৰ বিষয়া আৰ পি গগৈয়ে।