
গুৱাহাটীঃ ইয়াক গাড়ীত উঠা৷ চানী ইয়াক গাড়ীত বহা৷ কৃষ্ণ তহতে কে এনেকুৱা কৰছে৷ তই যদি মোক তেনেকৈ মাৰিছ তোতকে মই সৰু হয় নে নহয়৷ তই সৰু হ’ল কি হ’ল-এ৷ তই কিবে ভাল কাম কৰিছে নেকি৷ কৃষ্ণ মোৰ ভুল হ’ব পাৰে৷ কৃষ্ণ মোৰ ভুল হ’ব পাৰে৷ তই ভুল স্বীকাৰ কৰছে নেকি৷ তোৰ ভুল হছি যদি ভুল স্বীকাৰ কৰছে নেকি৷ তুমি ছচিয়েল মিডিয়াত ভুল কৰবে৷ আকৌ বাহিৰত ভুল স্বীকাৰ কৰবে৷ তই কে লিখিবি৷ তই কেমেৰাৰ সন্মুখত ক, মোৰ ভুল হৈছে দাদাৰ বিষয়ে বেয়াকে লেখছে৷ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বেয়াকৈ লেখছে৷ য়ে তহতে কি ক হে?
এই কথা খিনি ছচিয়েল মিডিয়াত ভাইৰলে হৈ পৰা এটা ভিডিঅ’ৰ৷ কেইজনমান লোকে এজন যুৱকক মোবাইলৰ কেমেৰাৰ অন কৰি ৰাখি মাৰধৰ কৰে৷ যুৱকজনে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত পোষ্ট দিছিল৷ তাৰ পিছতে একাংশ লোকে যুৱকজনক বিচাৰি উলিয়াই মাৰ ধৰ কৰে৷ ইমানতে ক্ষান্ত নাথাকি যুৱকজনক গাড়ীত উঠাই নিয়াৰ চেষ্টা কৰে৷ ভিডিঅ’টোত যুৱক জনক ইজনে চৰ, সিজনে চৰ শোধোৱা পৰিলক্ষিত হয়৷
অসহায় যুৱকজনে সকলো সহি থাকিব লগা হয়৷ এই ঘটনা সংঘটিত হৈছে কামৰূপৰ বাইহাটা চাৰিআলি আৰক্ষী থানা এলেকাৰ বাইহাটা চাৰিআলি টাউনত৷ বাইহাটা চাৰিআলিত নিৰীহ যুৱকজনক আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত লিখা বুলি অভিযোগ উত্থাপন কৰি ৰাজহুৱা স্থানত মাৰ-ধৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অসমত৷ দাদা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা উল্লেখ কৰি যুৱক জনক মাৰ-ধৰ কৰে৷
ইতিমধ্য এই ভিডিঅ’টো ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত৷ বাইহাটা চাৰিআলিৰ গগণ কলিতা নামৰ যুৱক জনক মাৰধৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যুৱকজনে বাইহাটা চাৰিআলি আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷ একাংশ লোকে ছচিয়েল মিডিয়া যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিটলাৰৰ শাসন চলা বুলি কয়৷ বাইহাটা চাৰিআলিৰ দেউদুৱাৰৰ যুৱকজনে ইতিমধ্যে বাইহাটা চাৰিআলি আৰক্ষী থানাত অভিজিত আৰু কৃষ্ণ নামৰ দুজন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰে৷