
ডিফুঃ মাতৃভূমিৰ বাবে প্ৰতিগৰাকী লোকে ভাল কাম কৰাৰ চেষ্টা কৰে৷ যাৰ বাবে আমি কোনো নহয় কোনো কামত পেছাগতভাৱে জড়িত হৈ আছো৷ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহকাৰে পালন কৰি আমি সকলোৱে আগুৱাই নিব খোজে মাতৃভূমিক৷ বিশেষকৈ নিজে বাস কৰা ঠাইখন সকলোৱে চাফ-চিকুণকৈ ৰাখিব বিচাৰে৷
দেশবাসীক সু-স্বাস্থ্য প্ৰদান কৰিবলৈ প্ৰতিটো অঞ্চল পৰিস্কাৰকৈ ৰখাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় কৰি স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছে। একাংশ লোকৰ বাবে স্বচ্ছ ভাৰত এতিয়া এক ফেশ্বন৷ মোবাইলৰ কেমেৰা অন কৰি ৰাজপথত ঝাড়ু মাৰি ফেচবুকত ফটো আপলোড কৰা মানুহ বহু আছে৷ একাংশ লোকে ঝাডু হাতত লৈ কেমেৰাৰ লেন্সত বন্দী হোৱাৰ তাড়নাত কাম কৰা দেখা যায়৷
ইয়াৰ বিপৰীতে দিন ৰাতি একাকাৰ কৰি চহৰ-নগৰসমূহ পৰিস্কাৰ কৰে চাফাই কৰ্মীয়ে৷ সীমান্তত যিদৰে শত্ৰুপক্ষৰ পৰা দেশমাতৃক ৰক্ষাৰ বাবে সৈনিকসকলে পহৰা দিয়ে তেনেদৰে সীমাৰ ভিতৰত থাকি শত্ৰু ৰূপী লেতেৰা-আৱৰ্জনাৰ পৰা দেশবাসীক ৰক্ষা কৰি আহিছে এইসকল ছাফাই কৰ্মীয়ে।
স্বচ্ছ ভাৰত অভিযান, মুখ্যমন্ত্ৰীৰ নিৰ্মল সেউজ অভিযান সফল কৰে এই চাফাই কৰ্মী সকলে৷ কোনো অভদ্ৰ লোকে ৰাস্তাৰ মাজলৈ দলিয়াই থৈ যোৱা আৱৰ্জনাৰ পলিথিনটো তুলি নি যাতায়তৰ উপযোগীকৈ ৰাখে ছাফাই কৰ্মীসকলে। ৰ’দ-বৰষুণ একাকাৰ কৰি তেওঁলোকে কাম কৰি যায়। কিন্তু এই চাফা কৰ্মীসকলৰ নিৰপত্তা সুনিশ্চিত নে? পৰ্য্যাপ্ত সুবিধা নোপোৱাকৈ কাম কৰি থকা এই ছাফাই কৰ্মীসকলক দেখিলে এটা কথা নিশ্চিত হ’ব পাৰি যে চাফাই কৰ্মীৰ শাৰিৰীক নিৰাপত্তাৰ প্ৰতি সম্পূৰ্ণৰূপে উদাসীন আমাৰ দেশৰ চৰকাৰ, জিলা প্ৰশাসন আৰু পৌৰ নিগম।
আমাৰ ৰাজ্যত জাৱৰ নিষ্কাশনৰ বাবে প্ৰতিনিয়ত নিয়োজিত হৈ আছে শ-শ পৌৰ কৰ্মী। কিন্তু এইসকল লোকৰ বাবে পৌৰ নিগমে উপযুক্ত জোতা, গ্লভছ, মাক্স আদি আজিলৈকে যোগান ধৰা পৰিলক্ষিত হোৱা নাই। আবৰ্জনা নিষ্কাশনৰ সৈতে জড়িত কৰ্মীৰো নাই পৰ্যাপ্ত সা-সুবিধা।
ফলত দৈনিক ডাষ্টবিন, মুকলি ঠাইৰ পৰা লেতেৰা সামগ্ৰী সংগ্ৰহ কৰা বহু কৰ্মী নানা ৰোগত আক্ৰান্ত হ’বলগীয়া হয়। পদ নিয়মীয়া নোহোৱা এনে কৰ্মীসকলে বিভিন্ন সময়ত চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰি অহাৰ লগতে প্ৰাপ্যৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে। আনহাতে, পৌৰ নিগমৰ অধিনৰ চাফাই কৰ্মীসকলৰ স্বাস্থ্যৰ প্ৰতি উদ্বিগ্ন হৈ আহিছে সমাজ সচেতক৷
কিন্তু কাৰ্যক্ষেত্ৰত পৌৰ নিগমে কৰ্মীসকলক এনে সামগ্ৰীসমূহ যোগান নধৰি নিগমৰ চৰম ব্যৰ্থতাক উদঙাই দিছে। উল্লেখ্য যে আজিকোপতি চাফাই কৰ্মীসকলে খালী ভৰি আৰু হাতেৰে একো একোখন চহৰ-নগৰৰ বিষাক্ত আবৰ্জনাসমূহ প্ৰতিনিয়ত সংগ্ৰহ কৰি আহিছে। এনে কৰ্মীসকলৰ প্ৰতি পৌৰ নিগমে কেতিয়া পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়৷ পৌৰ নিগমে এই কৰ্মীসকলৰ বাবে সবল শৰীৰ, অনাময়, আৱাস গৃহ, চিকিৎসা শিবিৰৰ ব্যৱস্থা নকৰাৰো অভিযোগ উঠিছে৷
তাৰ মাজতে, আমাৰ ৰাজ্য খনৰ এখন জিলাত চাফাই কৰ্মীয়ে দৰমহা নোপোৱাকৈ কাম কৰিব লগা হৈছে৷ দেশত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে, মন্ত্ৰী-আমোলাৰ পৰা বিধায়কলৈ সকলোৱে সময়ে সময়ে স্বচ্ছ ভাৰত অভিযান মিছনৰ নামত হাতত ঝাড়ু লোৱা দেখা যায়৷ তাৰ মাজতে একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনক শ্ল'গান তথা বেনাৰ পোষ্টাৰতে সীমাবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে৷
ফলস্বৰূপে আজিকোপতি এই অভিযানে বিশেষ সফলতা লাভ কৰিব পৰা নাই৷ ৰাজ কোষৰ কোটি কোটি টকা স্বচ্ছ ভাৰত অভিযান আঁচনিৰ নামত খৰছ কৰাৰ সময়তে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ ডিফু চহৰৰ কদৰ্য অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে। উৎকট দুৰ্গন্ধময় পৰিৱেশে এক প্ৰকাৰ ভেঙুচালি কৰিছে স্বচ্ছ ভাৰত অভিযান আঁচনিক৷ জানিব পৰা মতে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চাফাই কৰ্মচাৰী সকলে ব্যস্ততম চহৰ খনত নিতৌ জমা হোৱা বৃহৎ সংখ্যক জাৱৰ-জোঁথৰসমূহ পৰিষ্কাৰ কৰে৷
কিন্তু চাফাই কৰ্মী সকলে কৰ্তব্য সম্পাদন কৰাৰ পিছতো সময়মতে বেতন লাভ নকৰে৷ দীৰ্ঘ দিনৰ পৰা তেওঁলোকে দৰমহাৰ বাবে নগৰ সমিতি কৰ্তৃপক্ষক দাবী জনাই অহাৰ পিছতো নগৰ সমিতি বা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ সঁহাৰি জনোৱা নাই৷
চাফাই কৰ্মী সকলে অভিযোগ উত্থাপন কৰা মতে প্ৰায় ৫৩ মাহৰ দৰমহা নগৰ সমিতিয়ে চাফাই কৰ্মীসকলক আদায় দিবলৈ আছে৷ কেইবাগৰাকীও নগৰ সমিতিৰ অধ্যক্ষ নিৰ্বাচিত হৈ নগৰ সমিতি পৰিচালনা কৰিলে, বিভিন্ন কাম-কাজ কৰিলে কিন্তু নগৰখনক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা সমিতি খনৰ অবিচ্ছেদ্য অংগ চাফাই কৰ্মীসকলক জীয়াই থকাৰ সম্বল নূন্যতম দৰমহাখিনিকে সময়মতে আদায় নিদিয়াকলৈ বিবুধিত পৰিছে কৰ্মীসকল৷
চাফাই কৰ্মী সকলে দৰমহাৰ দাবীকলৈ কেইবাবাৰো কৰ্মবিৰতি পালন কৰিছে যদিও বকেয়া দৰমহা খিনি সম্পূৰ্ণকৈ লাভ কৰিবলৈ সক্ষম নহ'ল৷ প্ৰতিবাৰৰ কৰ্মবিৰতিৰ দৰে কাৰ্যসূচী হাতত লোৱাৰ পাছত এমাহ বা দুমাহৰ দৰমহা আদায়দি নগৰ সমিতি খনে চাফাই কৰ্মী সকলক কাম কৰোৱাৰ নামত প্ৰলোভিত কৰি আহিছে৷
বিগত ডিচেম্বৰ মাহৰ চাফাই কৰ্মীৰ কৰ্মবিৰতিয়ে হিংসাত্মক ৰূপলৈ নগৰ সমিতি খনৰ বহুতো সম্পদ ক্ষতিসাধন কৰিছিল যদিও কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বিভাগীয় ইএম ৰতন টেৰণৰ মধ্যস্থতাত চাফাই কৰ্মীসকলে পুনৰ কামত নিয়োজিত হয়৷ কিন্তু কৰ্মচাৰীসকলে সম্পূৰ্ণকৈ পাবলগীয়া দৰমহা নোপোৱাৰ বাবে ২৩ ফেব্ৰুৱাৰীৰ পৰা পুনৰ কৰ্মবিৰতি পালন কৰিছে৷
ফলত চহৰ খনৰ বিভিন্ন ঠাইত গোট খাবলৈ ধৰা জাঁৱৰৰ দ'মে কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰি তুলিছে৷ জাঁৱৰৰ পৰা নিৰ্গত দুৰ্গন্ধই অস্বাস্থ্যকৰ পৰিৱেশৰ সূচনা কৰিছে চহৰখনত৷ পৰিতাপৰ বিষয়, যোগ্য প্ৰাপ্তিৰ পৰা চাফাই কৰ্মীসকলক বঞ্চিত কৰি অহাৰ বাবে এনে পৰিৱেশৰ সৃষ্টি হোৱাত ডিফু নগৰ সমিতিৰ কৰ্ম কাণ্ডকলৈ অতিষ্ঠ হৈ পৰিছে সচেতনমহল।
সমগ্ৰ কাৰ্বি আংলঙত পৰিৱৰ্তনৰ ধুমুহা আনিবলৈ প্ৰয়াস কৰা কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চাফাই কৰ্মীসকলৰ দুখ-দুৰ্দশা আৰু চহৰখনৰ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱৰ্তী সময়ত কেনে ব্যৱস্থা গ্ৰহণ কৰা নাছিল যদিও বৃহস্পতিবাৰে স্থানীয় প্ৰশাসনে চাফাই কৰ্মীসকলৰ সৈতে আলোচনাত বহে৷ পূৰ্বৰ দৰেই তেওলোকৰ সমস্যা সমাধান কৰাৰ আশ্বাস দিয়াত চাপাই কৰ্মীসকলে তেওলোকৰ কৰ্মবিৰতি কাৰ্যসূচী উঠাই লয় যদিও প্ৰশাসনে দাবী প্ৰকৃততে পূৰণ কৰিব নে নাই সেয়াহে লক্ষণীয় হ’ব৷