বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম, ফাডাৰ ছেমচনছিং ইংতি হঁতক স্বীকৃতি নিদিও কিয়?

বোকাজানঃ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ নিজ নিজ কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা ঐতিহ্য আছে৷ অসমৰ প্ৰতিটো জনগোষ্ঠী চহকী৷ 

কেতিয়াবা কেতিয়াবা জনগোষ্ঠীৰ কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক সংকটাপন্ন হয় যদিও জনগোষ্ঠীৰ সমূহৰ কোনো এগৰাকী লোকৰ আবিৰ্ভাৱ হৈ উদ্ধাৰ কৰিবলৈ থিয় দিয়ে৷

কাৰ্বিসকলৰ সমাজ, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক, আৰ্থিত, সমাজিক পৰিৱেশ সংকটাপন্ন হৈছে যদিও বিশ্বৰ সন্মুখত নিজ জনগোষ্ঠীটোক টনকীয়াল জনগোষ্ঠী হিচাপে উজলাই তুলিবলৈ এগৰাকী লোকে শিক্ষা দি গৈছে৷ 

তেওঁ হৈছে ছেমচনছিং ইংতি৷ যাক কাৰ্বি জনগোষ্ঠীৰ ফাডাৰ বুলি কোৱা হয়৷ কাৰ্বি সকলৰ সমাজ, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক, আৰ্থিক পৰিৱেশ, সামাজিক পৰিৱেশক লৈ সদা চিন্তিত তথা জাতিটোৰ উত্তৰণৰ বাবে কাম কৰা ছেমচনছিং ইংতিয়ে কাৰ্বিসকলক দি গৈছে প্ৰকৃত শিক্ষা৷ স্বাধীনতাৰ পূৰ্বে কাৰ্বি জনগোষ্ঠীক পৰামৰ্শ তথা জ্ঞানৰ পোহৰেৰে চহকী কৰি গৈছিল৷

শিক্ষাৰ বাণী, আৰ্থিক উন্নয়নৰ বাণী, ৰাজনৈতিক সচেতনা বৃদ্ধিৰ বাবে কাম কৰি গৈছিল৷ কাৰ্বি জনগোষ্ঠীয়ে আজিও যাক আদৰ্শ হিচাপে লৈ আগবাঢ়ি গৈছে৷ কিন্তু সময়ে সময়ে এনেধৰণৰ জনগোষ্ঠী একো একোটাৰ জনকসকলক জাতীয় সমাজ খনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷ তেওলোকৰ জন্ম-মৃত্যুৰ দিনটোক পালন কৰাৰ সময় নাথাকে জাতীয় সংগঠনৰ৷ 

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই হওক নতুবা কাৰ্বি জনগোষ্ঠীৰ জনক ছেনচনছিং ইংতিয়েই হওক সন্মান প্ৰদৰ্শন কৰাত যেন জাতীয় দল-সংগঠনে অনীহা প্ৰকাশ কৰে৷ গুৱাহাটী মহানগৰীত অসমীয়া সমাজৰ বাবে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা লোকসকলৰ আৱক্ষ প্ৰতিমূৰ্তি স্থাপন কৰা হয় যদিও জনগোষ্ঠীয় নেতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা দেখা নাযায়৷ 

সমাজ খনে জনগোষ্ঠীয় নেতাসকলক স্বীকৃতি দিব টান পোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বিভিন্ন জনগোষ্ঠীৰ জনক সকলৰ নামত পথ, আঁচনি শিক্ষানুষ্ঠান আদি নিৰ্মাণ কৰা দেখা নাযায়৷ হয়তো যাৰ বাবেই লাহে লাহে অসমীয়া বুলি কবলৈ টান পোৱা হৈছে জনগোষ্ঠীয় লোকসকলে৷ বিভিন্ন জনগোষ্ঠীয় লোকে সুকীয়া ৰাজ্যৰ দাবী কৰিবলৈ আৰম্ভ কৰিছে৷ 

সময় থাকোতেই বৃহত্তৰ জাতিটোক একত্ৰিত কৰি জনগোষ্ঠীসমূহৰ জনকসকলক উপযুক্ত মৰ্যদা প্ৰদান কৰাৰ বাবে আগবাঢ়ি আহিব লাগিব জাতীয় সংগঠন আৰু ৰাজ্য চৰকাৰে৷ অন্যথাই লাহে লাহে অসমীয়া বুলি চিনাকী নিদিয়া হ’ব জনগোষ্ঠী সমূহে৷ এই অভিযোগ আজিৰ নহয়৷

বিভিন্ন সময়ত এই অভিযোগ উত্থাপন হৈ আহিছে৷ কেৱল একাংশ মুল খুঁতিৰ নেতাই জনগোষ্ঠীয় নেতাসকলক বিস্তাৰ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন হয়৷ যেনেদৰে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম, ফাডাৰ ছেমচনছিং ইংতি হতৰ দৰে জনকসকল স্বীকৃতি দিবলৈ কুন্ঠাবোধ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে

#ছেমচনছিং ইংতিৰ জীৱন পৰিক্ৰমা

#সামাজিক আৰু অৰ্থনৈতিক সংস্কাৰক আছিল তেওঁ৷ তেওঁক কাৰ্ব জনগোষ্ঠীৰ ফাডাৰ বুলি কোৱা হয়৷ ০৮ ফেব্ৰুৱাৰী ১৯১০ চনত জন্ম গ্ৰহণ কৰা ইংতিয়ে ১৯৪৮ চনৰ ২৮ ফেব্ৰুৱাৰীত মৃত্যুবৰণ কৰে৷ তেওঁৰ মৃত্যুৰ দিনটোত প্ৰতিবছৰে কাৰ্বিকে ধৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে স্মৰণ কৰি আহিছে৷ কাৰ্বি ভাষাৰ প্ৰথম গ্ৰন্থ লিখক হোৱাৰ বাবে তেওঁক লাম্পেটো বুলি কোৱা হয়৷ গোলাঘাটৰ জিলাৰ মিছন হাইস্কুল, বেজবৰুৱা হাইস্কুলৰ পৰা শিক্ষ গ্ৰহণ কৰি শিক্ষকতা কৰিছিল৷ কটন মহাবিদ্যালয় আৰু বাংলাদেশৰ চিলেটৰ মুৰাৰী চান্দ কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈছিল৷ 

#শিক্ষাৰ পোহৰ

#পৃথিৱীৰ সকলো লোকক শিক্ষিত হোৱাটো কামনা কৰিছিল৷ তেওঁ দুৰ্গম এলেকাত থাকিও দেশৰ হকে, দহৰ হকে কাম কৰি গৈছিল৷ তেওঁ বিশ্বাস কৰিছিল পিছপৰা ঠাইসমূহত শিক্ষাই হে পোহৰ আনিব পাৰে৷ যাৰ বাবে প্ৰতিগৰাকী শিশুৰ শিক্ষাৰ অধিকাৰৰ কথা কৈছিল তেওঁ৷ 

#দেশৰ হকে, দহৰ হকে 

#সেই সময়ত তেও এটা সামাজিক পৰিৱৰ্তনৰ সপোন দেখিছিল৷ মহিলাক পুৰুষৰ সমানে সমানে আগবাঢ়ি যোৱাটো বিছাৰিছিল৷ কোনো জনগোষ্ঠীৰ মহিলাক পিছ পৰি নাথাকি সমাজৰ উন্নয়নৰ বাবে সকলোৱে আগবাঢ়ি যোৱাটো বিছাৰি কাম কৰিছিল৷ তেওঁ সৰু সৰু গোটবোৰৰ জৰিয়তে কৃষকে উৎপাদন বৃদ্ধি কৰিব পাৰে তাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছিল৷

#পিছপৰি ৰৈছে কাৰ্বি জনগোষ্ঠী

#৭০ বছৰ পিছতো কাৰ্বিসকলৰ জীৱনৰ কৰুণ গাঁথা সময়ে সময়ে প্ৰচাৰ হয়৷ একাংশ নেতাই পূৰ্বপুৰুষে দেখুৱাই থৈ যোৱা আদৰ্শৰ পৰা ফালৰি কাটি অহাৰ বাবে ক্ৰমান্বয়ে উন্নয়নৰ পৰা ফালৰি কাটি আহিছে জনগোষ্ঠীটোৱে৷ ৰাজনীতিৰ সৈতে জৰিত লোকসকলে ব্যাপক দুৰ্নীতি কৰা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হয়৷ 

#আধুনিকতা

#জীৱনৰ গীত গাই ভালপোৱা কাৰ্বি জনগোষ্ঠীৰ লোকসকলে আধুনিকতাৰ কৱলত পৰিও স্বকীয়তা বৰ্তাই ৰাখিবলৈ প্ৰচেষ্টা কৰি আহিছে৷ পিছপৰি থকা জনগোষ্ঠীটোৱে এতিয়া কঠিন পৰিস্থিতিত জীৱন, জীৱিকাৰ বাবে সংগ্ৰাম কৰি আছে যদিও চৰকাৰৰ সুদৃষ্টি পৰা নাই।

#মৃত্যু বাৰ্ষিকীত ছেমচনছিং ইংতিক জন্মভূমিত স্মৰণ

কাৰ্বি জনগোষ্ঠীক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ আহোপুৰুষাৰ্থ কৰা এগাৰকী হোতা আছিল ছেমচনছিং ইংতি৷ বুধবাৰে কাৰ্বি আংলঙবাসীয়ে জননায়ক ছেমচনছিং ইংতিক স্মৰণ কৰে৷ 

কাৰ্বি আংলং জিলাৰ বোকাজান নগৰস্থিত ছেমচনছিং ইংতি সমন্বয় ক্ষেত্ৰত বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে ছেনচনছিং ইংতি আৱক্ষ মূৰ্তি সংৰক্ষণ সমিতিৰ সহযোগত কাৰ্বি জনগোষ্ঠীৰ খনিকৰ তথা জননায়ক ছেমচনছিং ইংতিৰ ৭০ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰা হয়৷ জননায়ক ছেমচনছিং ইংতিৰ আৱক্ষ মূৰ্তিত মাল্যৰ্পণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে কাৰ্বি লামেট আমেইৰ বোকাজান শাখাৰ সভাপতি ৰোহিণী কুমাৰ বে'ৰ লগতে বন্তি প্ৰজ্বলন কৰে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি নৰেন্দ্ৰ নাথ হাজৰিকাই৷ 

পুৱা ১০ বজাত বৰমাণ্টি আৱেকিমি সাংস্কৃতিক দলৰ সমবেত সংগীত পৰিৱেশনৰে মুকলি সভা উদ্ধোধন কৰে সমাজকৰ্মী অম্বেশ্বৰ চেতিয়াই৷ জননায়ক ছেমচনছিং ইংতিৰ আবক্ষ মূৰ্তি সংৰক্ষণ সমিতিৰ সভাপতি বাৰিম ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ লগতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জিটুল ৰাজখোৱা৷ 

সভাত যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই উপস্থিত থাকি কাৰ্বি জনগোষ্ঠীৰ খনিকৰ তথা জননায়ক ছেমচনছিং ইংতিৰ দৰে অসমৰ অন্যান্য জনজাতীয় নেতাসকলৰ আদৰ্শ তথা চিন্তাধাৰাক কেৱল এটা জনগোষ্ঠীটোৰ মাজত আৱদ্ধ নাৰাখিবলৈ আহ্বান জনায়৷ ৰাজ্য তথা দেশৰ প্ৰতিটো প্ৰান্তলৈ আগবঢ়াই লৈ যাবৰ বাবে সকলোকে আহ্বান জনোৱাৰ লগতে যুৱ-ছাত্ৰ পৰিষদে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি কয়৷