BTADৰ ৪ জিলাত আদিবাসী মহাসভাৰ বন্ধৰ ব্যাপক প্ৰভাৱ, ৬ মাৰ্চত পুনৰ বন্ধ, ২২ মাৰ্চত ৰেলপথ অৱৰোধ

ডিমাকুছি/টংলা/কোকৰাঝাৰ/ওদালগুৰি/চিৰাং/গোৰেশ্বৰঃ যোৱা তিনিটা দিন উত্তাল হৈ আছে বিটিএডিৰ চাৰিখন জিলা৷ শাসকীয় বিপিএফৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে জাঙু খাই উঠিছে বিটিএডিৰ জাতীয়-জনগোষ্ঠীয় সংগঠন৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰি, সমদল উলিয়াই ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটিএডিৰ কেইবাটাও জনগোষ্ঠীক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷

বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাত নামনি অসমৰ ৰাজপথ উত্তাল হ’ব ধৰিছে৷ বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আদিবাসী জাতীয় মহাসভাই বৃহস্পতিবাৰে পুৱাৰে পৰা ২ঘণ্টীয়া বিটিএডি বন্ধৰ আহ্বান জনায়৷ বন্ধৰ প্ৰভাৱ চাহ বাগিচা অঞ্চলত ব্যাপক ভাৱে পৰে৷ কোকৰাঝাৰ চহৰৰ লগতে আন আন ঠাইতো বন্ধৰ ব্যাপক প্ৰভাৱ পৰে৷

পুৱাৰে পৰা সৰু-বৰ গাড়ী, ব্যৱসায় প্ৰতিষ্ঠান, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ থাকে৷ আনহাতে ওদালগুৰি জিলা চিৰাং জিলা আৰু বাক্সা জিলাতো পুৱাৰে পৰা সৰু-বৰ গাড়ী, ব্যৱসায় প্ৰতিষ্ঠান, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ থাকে৷ পুৱাৰ ভাগত একাংশ বন্ধৰ সমৰ্থক ৰাজ পথলৈ ওলাই অহা পৰিলক্ষিত হয়৷ বন্ধ শান্তি পূৰ্ণ ভাৱে পাৰ হয় বুলি জানিব পৰা গৈছে৷

বিটিএডিত জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নোহোৱাৰ সিদ্ধান্ত লয় বিটিচিৰ শাসকীয় দল বিপিএফে৷ ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰিব বুলিও বিটিচি কৰ্তৃপক্ষই সিদ্ধান্ত লয়৷ তাৰ পিছতে আদিবাসী জাতীয় মহাসভাই আহ্বান জনাই বন্ধৰ৷ আদিবাসী জাতীয় মহাসভাই আহ্বান জনোৱা ১২ঘণ্টীয়া বিটিএডিৰ বন্ধৰ প্ৰভাৱ পৰে ওদালগুৰি জিলাত৷

জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ভেৰগাঁও, ওদালগুৰি চহৰ, ডিমাকুছি, বামুনজুলি, গৰুৱাঝাৰ, ৰজাগড়, শুক্লাই, ডিমাকুছি বাগান চক, নালাপাৰা, বৰঙাজুলি অঞ্চলত বন্ধৰ প্ৰভাৱ পৰে৷ অঞ্চল সমূহত সৰু-বৰ গাড়ী, ব্যৱসায় প্ৰতিষ্ঠান, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ থাকে। উল্লেখ্য যে, বিটিচি কৰ্তৃপক্ষই এক কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি অঞ্চলটোত বসবাস কৰি থকা কোচ ৰাজবংশী, চাওতাল, নেপালী আৰু নাথ-যোগীসকলৰ সংৰক্ষিত জনগোষ্ঠীয় মৰ্যদা বাতিল কৰি এইসকল লোকক সাধাৰণ শ্ৰেণীৰ বুলি গণ্য কৰে। ফলত এই লোকেসকলে এতিয়াৰে পৰা হেৰুৱাব লাগিব মাটি বেচা-কিনাৰ অধিকাৰ।

ইয়াকে কেন্দ্ৰ কৰি বিটিএডিৰ চাৰি খন জিলা তথা নামনি অসমৰ কেবাটাও অঞ্চল উত্তাল হৈ আছে৷ আনহাতে, ২২ মাৰ্চত ১০ ঘণ্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে আদিবাসী জাতীয় মহাসভাই। যৌথ মঞ্চই বিটিচি বাতিলৰ সমান্তৰালভাবে ভূমিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত অহা ৬ মাৰ্চত ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ আহ্বান জনায়৷ আদিবাসী নেতা বীৰসিং মুণ্ডাই শীঘ্ৰে হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবী জনাই উক্ত সিদ্ধান্ত কাৰ্যকাৰী হলে বিটিএডিৰ ভূখণ্ডত বসবাস কৰা চাওতাল-আদিৱাসীসকলৰ বিতাড়নৰ পথ সুচল হ’ব বুলি মন্তব্য আগবঢ়ায়।

বিটিচিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে আদিবাসী জাতীয় মহাসভাই ধাৰাবাহিক আন্দোলন কৰি যাব বুলি হুংকাৰ প্ৰদান কৰে বীৰসিং মুণ্ডাই। ইপিনে যোৱা ২৭ ফেব্ৰুৱাৰীত এখন সভা অনুষ্ঠিত কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা, নাথ-যোগী ছাত্ৰ সন্থা, আক্ৰাছু আৰু আগছু আদিৰ নেতৃত্বই এখন যৌথ মঞ্চ গঠন কৰে৷ আক্ৰাছুৰ প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মনক মুখ্য আহ্বায়ক হিচাপে লৈ এখন যৌথ মঞ্চ গঠন কৰে৷

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰা, আগছুৰ সভাপতি ৰোহিত কুমাৰ দাহাল, নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্মন নাথ, বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশা নন্দ নাথ, চাওতাল ছাত্ৰ সন্থাৰ সভাপতি ছাইমন কিস্কুক লৈ গঠণ কৰা যৌথ মঞ্চই বিটিচি পৰিষদৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন কৰি যাব বুলি কয়৷ বিটিচি পৰিষদৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি সংগঠন সমুহে জনগোষ্ঠী বিৰোধী এনে সিদ্ধান্ত বাতিলৰ দাবী উত্থাপন কৰে৷

বিটিচি গঠণৰ পিছতে ইয়াত আন আন নাগৰিকৰ এটা-এটাকৈ অধিকাৰ কৰ্তন কৰি প্ৰস্তাবিত পৃথক বড়ো ৰাজ্য গঠণৰ কুজকাৱাজ আৰম্ভ কৰা পৰিষদৰ এনে ষড়যন্ত্ৰ কোনো পধ্যেই সহ্য কৰা নহ’ব বুলি কয় মঞ্চই৷ যৌথ মঞ্চই বিটিচি বাতিলৰ সমান্তৰালভাবে অহা ৬ মাৰ্চত ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ আহ্বান জনোৱাৰ উপৰি কোচ-ৰাজবংশী সম্প্ৰদায়ৰ লোকক বিপিএফ ত্যাগ কৰিবলৈ আহ্বান জনাইছে আক্ৰাছুৱে৷