নিজ গাঁৱত উপস্থিত হৈ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে

চাবুৱাঃ ব্যস্ততাৰ মাজতো ৰঙৰ উৎসৱ হোলীৰ প্ৰথম দিনটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় জিলাৰ নিজ গৃহত অতিবাহিত কৰে৷ বৃহস্পতিবাৰে নিজ গাঁৱৰ ৰাইজৰ সৈতে আলাপ-আলোচনা কৰাৰ লগতে উন্নয়নৰ খতিয়ান লয়৷ পুৱাই নিজ গৃহত উপস্থিত হৈ গাঁও খনৰ বিভিন্ন উন্নয়নমূলক আঁচনি সমূহ পৰ্যবেক্ষণ কৰি অগ্ৰগতিৰ বুজ লয়৷

জিলা খনৰ চাবুৱাৰ বিন্ধাকটাৰ মুলুক গাঁৱত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হোৱাৰ পিছতেই প্ৰশাসনৰ উচ্চ পদস্থ কেইবাগৰাকী বিষয়া উপস্থিত হয়৷ আনহাতে খহনীয়া পৰ্যবেক্ষণ কৰি খহনীয়া ৰোধ কৰাৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে৷

মুলুক গাঁও টেঙাবাৰী গাঁৱৰ ৰাস্তা ঘাটকে ধৰি বিভিন্ন উন্নয়ন কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে৷ ৰাজ্যবাসীক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে বিটিএডিৰ ভূমি নীতি সন্দৰ্ভত মত প্ৰকাশ কৰি চিন্তাৰ কাৰণ নাই বুলি কৈ আমি সকলো সমিল মিলেৰে থাকিম বুলি কয়৷ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত শইকীয়া উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ সৈতে৷