NRC কেন্দ্ৰত ইনাই-বিনাই কান্দিছে থলুৱা মহিলাই

লংকাঃ NRC কৰ্তৃপক্ষৰ বাবে কান্দোনত ভাগি পৰিছে থলুৱা মহিলাই৷ বংশ বৃক্ষ পৰীক্ষণৰ বাবে আমন্ত্ৰণ জনাই তলা ওলোমাই থোৱা প্ৰত্যক্ষ কৰি কান্দোনত ভাগি পৰিছে কেইগৰাকীমান মহিলাই৷

NRCৰ কাৰ্যালয়ত এগৰাকীও মানুহ প্ৰত্যক্ষ নকৰি কান্দোনত ভাগি পৰিছে মহিলাকেইগৰাকীয়ে৷ হোজাই জিলাৰ ডবকালৈ আহিছিল শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাৰ মহিলা কেইগৰাকীয়ে৷ বৃহস্পতিবাৰে নিশা বাছত উঠি শুকুৰবাৰে পুৱাই ডবকা পোৱাৰ পিছত NRCৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়ত তলা ওলমি থকা প্ৰত্যক্ষ কৰি চকু কপালত উঠে৷

কিয়নো তেওলোকক NRC কৰ্তৃপক্ষই ০২ মাৰ্চত বংশ বৃক্ষ পৰীক্ষণৰ বাবে কেইবাটাও পৰিয়ালৰ বোৱাৰীক জাননী প্ৰেৰণ কৰিছিল৷ জাননী লাভ কৰি তেওলোকে ডবকালৈ আহে যদিও NRC কৰ্তৃপক্ষই ফাকুৱাৰ বাবে কাৰ্যালয় বন্ধ ৰাখে ৷

বন্ধৰ দিনটোতে আমন্ত্ৰণ জনোৱাত মহিলাসকলে কাৰ্যালয় খোলা থাকিব বুলি ভাবি উপস্থিত হয় যদিও NRC কৰ্তৃপক্ষই কাৰ্যালয় বন্ধ ৰখা প্ৰত্যক্ষ কৰি কান্দোনত ভাগি পৰে৷ কেচুৱা, ৰোগীয়া লোক এৰি প্ৰায় ৫০০ কিঃ মিঃ অতিক্ৰম কৰি ডবকালৈ অহা মহিলাকেইগৰাকীক ২৬ ফেব্ৰুৱাৰীত জাননী দিছিল ২ মাৰ্চত উপস্থিত হ’বলৈ৷ কিন্তু NRC কৰ্তৃপক্ষই জনোৱা নাছিল স্থানীয় বন্ধ থাকিব বুলি৷