জনসমুদ্ৰত পৰিণত বৰপেটা-বৰদোৱাৰ দৌলযাত্ৰা মহোৎসৱ, হৰিনামৰ ধ্বনিৰে মুখৰিত চৌপাশ

নগাঁওঃ যুগ যুগ ধৰি অসমত খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে ফাকুৱা উৎসৱ পালন কৰিছে আহিছে৷ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ হোলী উৎসৱ অসমৰ ৰাইজেও পালন কৰে৷ নগাঁও জিলাৰ বৰদোৱাত প্ৰায় ৫৫০ বছৰীয়া পৰম্পৰা অটুট ৰাখি দৌলৎসৱ পালন কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱৰ দৌলযাত্ৰা মহোৎসৱৰ স্মৃতি বিজড়িত বটদ্ৰৱাত ‘গোঁসাই মূৰত ফাঁকু দিয়া উৎসৱ’ সম্পন্ন হয়।

'বৰপেটা আমাৰে পাটবাউসী আমাৰে/মধুপুৰ আমাৰে থান/বৰদোৱা থানতে শ্ৰীমন্ত শংকৰ গুৰুৱে/ নামৰে বান্ধিলা সেতু-' বৰদোৱা-বৰপেটা৷ এফালে জন্মভূমি, সিফালে কৰ্মভূমি৷ নগাঁও জিলাৰ বৰদোৱাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা অতীতৰ ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি এইবেলিও পাঁচদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে ২৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ আজি তৃতীয় দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ সমাগমেৰে থান প্ৰাংগণ জনসমুদ্ৰত পৰিণত হৈ পৰিছে ৷

প্ৰথম দিনাৰে পৰা আজি পৰ্যন্ত সমবেত হোৱা প্ৰায় পাঁচ লক্ষাধিক শিশু-আৱাল-বৃদ্ধ-বণিতাৰ উপস্থিতিত সমগ্ৰ বৰদোৱা অঞ্চলত উখল-মাখল পৰিবেশৰ সৃষ্টিৰে একপ্ৰকাৰে সমন্বয় ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হৈছে ৷দবা,শংখ,আয়তীৰ উৰুলি,গায়ন-বায়নৰ খোল-তালৰ মাংগলিক ধ্বনি আৰু হৰিনামৰ মন-প্ৰাণ হৰি নিয়া অমিয়া সুৰে বৰদোৱাৰ আকৰশ-বতাহ মুখৰিত কৰি তোলাৰ লগতে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰি তুলিছে ৷তদুপৰি দুৰ-দুৰণিৰ পৰা আহি সমবেত হোৱা অগণন ভক্তই নিজৰ মনোবাঞ্চা পূৰণৰ অৰ্থে আগবঢ়োৱা ধূপ-ধূণা,ফল-মুলৰ আমোল-মোলোৱা সুবাস আৰু চাকি-বন্তি,নৈবদ্য আদিৰে থান প্ৰাংগন ভৰি পৰি অনন্য পৰিবেশৰ সূচনা কৰিছে ৷

আজি পুৱা নিত্য নৈমিত্তিক প্ৰসংগৰ অন্তত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ অংশহিচাপে বিয়লি প্ৰায় দুই বজাত সু-সৰ্জ্জিত ৰথত গোঁসাইক উঠাই ৰভাতলৰ পৰা ফুৰাবলৈ নিয়া হয় ৷গায়ন-বায়ন,ভকত-বৈষ্ণৱ,আইমাতৃ আৰু ধৰ্ম-বৰ্ণ-জাতি নিৰ্বিশেষে উপস্থিত থকা শত-সহস্ৰ তীৰ্থযাত্ৰীৰ অংশগ্ৰহনেৰে এটি আকৰ্ষণীয় সাংস্কৃতিক সমদল উলিয়াই গোঁসাইক দৌলমন্দিৰলৈ নি আনুষংগিক আচাৰ-ৰীতি পালনেৰে দৌল মন্দিৰ প্ৰদক্ষিন কৰোৱা হয় ৷এই মনোমোহা কাৰ্যসূচীত বটদ্ৰৱাৰ শ্ৰী শ্ৰী নৰোৱা সত্ৰ আৰু শ্ৰী শ্ৰী শ’লগুৰি সত্ৰৰ গায়ন-বায়ন আৰু আইসকলে বিভিন্ন অসমীয়া কলা-কৃষ্টি প্ৰদৰ্শনেৰে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ৷

ইয়াৰ পিছতে গোঁসাইক বটদ্ৰৱা থানৰ এলেকাভূক্ত বৰহিচা,সৰুহিচা আৰু বৰভেটী গাঁৱত ফুৰোৱাৰ উপৰি সত্ৰ দুখনৰ দুই সত্ৰাধিকাৰ আৰু ডেকা গোঁসাইসকলৰ ঘৰত প্ৰবেশ কৰাই সন্ধ্যা ঘোষা আৰু হৰিনাম-কীৰ্তনৰ ধ্বনিৰে গোঁসাইক কীৰ্ত্তন ঘৰত প্ৰবেশ কৰোৱাৰ পিছতে পৰম্পৰাগত দুৱাৰ ধৰা অনুষ্ঠানৰ জৰিয়তে গোঁসাই ফুৰোৱা উৎসৱৰ সামৰণি পেলোৱা হয় ৷উল্লেখ্য,দৌলযাত্ৰা মহোৎসৱৰ লগত সংগতি ৰাখি পবিত্ৰ আকাশী গংগাৰ পাৰত বিস্তৃৰ্ণ এলেকাজুৰি আয়োজিত ৰঙৰ হাটত বিভিন্ন প্ৰকাৰৰ সামগ্ৰীৰ সৰু-বৰ বিপনীয়ে অংশগ্ৰহন কৰিছে ৷ এইবোৰত উৎসুক জনতাই মনোৰঞ্জনৰ লগতে সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰচণ্ড ভিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে৷

আনহাতে আবিৰৰ ৰং আৰু হোলী গীতেৰে মুখৰিত হৈ পৰিছে ঐতিহ্যমণ্ডিত বৰপেটাৰ আকাশ বতাহ। ঐতিহ্যমণ্ডিত বৰপেটাৰ দৌল মহোৎসৱৰ শুকুৰবাৰে ভৰদৌল অনুষ্ঠিত হৈছে। পুৱাৰে পৰা বৰপেটা সত্ৰত পৰিলক্ষিত হয় অগণন ভক্তৰ সমাগম৷ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ লগতে কেইবাজনো আতাৰ লীলাভূমি সদৃশ বৰপেটা হৰিনামেৰে মুখৰিত হৈ পৰে৷ সমগ্ৰ ৰাইজে ভক্তিৰসত গদ গদ হৈ পৰে৷ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈ পৰে৷

চৌপাশে তালখোল মৃদংগৰ শব্দৰে ৰজনজনাই উঠিছে সত্ৰৰ চৌহদ৷ প্ৰায় ৫ লক্ষাধিক শিশু-আৱাল-বৃদ্ধ-বণিতাৰ উপস্থিতিত সমগ্ৰ বৰপেটা অঞ্চলত উখল-মাখল পৰিবেশৰ সৃষ্টিৰে একপ্ৰকাৰে সমন্বয় ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হৈছে৷ দবা, শংখ, আয়তীৰ উৰুলি, গায়ন-বায়নৰ খোল-তালৰ মাংগলিক ধ্বনি আৰু জাউৰিয়ে জাউৰিয়ে গোৱা হোলী গীতৰ লগতে হৰিনামৰ মন-প্ৰাণ হৰি নিয়া সুৰে বৰপেটা আকাশ-বতাহ মুখৰিত কৰি তুলি দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰিছে ৷

তদুপৰি দুৰ-দুৰণিৰ পৰা আহি সমবেত হোৱা অগণন ভক্তই নিজৰ মনোবাঞ্চা পূৰণাৰ্থে আগবঢ়োৱা ধূপ-ধুনা, ফল-মুলৰ আমোল-মোলোৱা সুবাস আৰু চাকি-বন্তি, নৈবদ্য আদিৰে থান প্ৰাংগণ ভৰি পৰি অনন্য পৰিবেশৰ সূচনা কৰিছে৷ ইফালে,পুৱা নিত্য নৈমিত্তিক প্ৰসংগৰ অন্তত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ অংশ হিচাপে বিয়লি ভাগত সু-সৰ্জ্জিত ৰথত গোঁসাইক উঠাই ৰভাতলৰ পৰা ফুৰাবলৈ নিয়া হয় ৷

গায়ন-বায়ন, ভকত-বৈষ্ণৱ, আইমাতৃ আৰু ধৰ্ম-বৰ্ণ-জাতি নিৰ্বিশেষে উপস্থিত থকা শত-সহস্ৰ তীৰ্থযাত্ৰীৰ অংশগ্ৰহনেৰে এটি মনোমোহা সাংস্কৃতিক সমদল উলিয়াই গোঁসাইক দৌলমন্দিৰলৈ নি আনুসংগিক ধৰ্মীয় আচাৰ-নীতিৰ পালনেৰে দৌলমন্দিৰ প্ৰদক্ষিণ কৰোৱা হয়৷ আনহাতে ৰাজ্যৰ বিভিন্ন ঠাইত আবাল, বৃদ্ধ বনতাই ৰাজ পথলৈ ওলাই আহি ৰঙৰ উৎসৱত মতলীয়া হৈ পৰে৷ যুৱক-যুৱতী, কিশোৰ-কিশোৰী, শিশু সকলোৱে সকলো পাহৰি ৰঙত ৰঙীন হৈ পৰে৷

ইপিনে, ফাকুৱাত আমদানিকৃত অপসংস্কৃতি ঘটাব যাতে কোনোৱে নোৱাৰে তাৰ বাবে সকলোকে সজাগ হ’বলৈ আহ্বান জনাই সচেতন নাগৰিকে৷ যুগ যুগ ধৰি অসমত খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে পালন কৰি অহা ফাকুৱা অাৰু দৌল উৎসৱত বহিঃৰাজ্য একাংশই অামদানিকৃত অপসংস্কৃতিৰ পয়োভৰ ঘটাই অসমৰ এই পবিত্র ফাকুৱা অাৰু দৌল উৎসৱক বিকৃত ৰূপ দিবলৈ চেষ্টা কৰাসকললৈ কঠোৰ সকীয়নি প্ৰদান কৰিছে সচেতন লোকসকলে৷

কিছু বছৰৰ পৰা বহিঃৰাজ্যৰ পৰা অহা ব্যৱসায়-বাণিজ্যৰ সৈতে জড়িত একাংশ লোকে অসমৰ ঐতিহাসিক ফাকুৱা আৰু দৌল উৎসৱৰ সমান্তৰালকৈ 'হোলী'ৰ নামত অশ্লীল নৃত্য-গীতেৰে অসমৰ বাট-পথ, ৰাজহুৱা স্থানত মাতাল হৈ অতপালি কৰি সমগ্ৰ অসমৰ কৃষ্টি-সংস্কৃতিত অাঘাত হানিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷