
গৌৰীসাগৰঃ শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দেওবাৰে শিৱসাগৰ জিলাৰ গেলেকী নাট্য মন্দিৰত অনুষ্ঠিত হ’ব। উল্লেখ্য যে, কৃষকসকলৰ উন্নয়নৰ কাম কৰি অহা বিজেপিৰ ভাতৃ সংগঠন কিষাণ মৰ্চাই দেশৰ কৃষকক চৰকাৰী আঁচনিৰে সৈতে জৰিত কৰাৰ উদ্দেশ্যে তথা আদৰ্শ কৃষক গঢ় দি দেশৰ ভৱিষ্যত কৃষকসকলক আগুৱাই কেনেকৈ নিব পাৰি তাৰ আলোচনা কৰাৰ বাবে দেওবাৰে শিৱসাগৰত একত্ৰিত হ’ব অসমৰ কিষাণ নেতাসকল।
কৃষকৰ উন্নয়ন সাধি কৃষকক আগুৱাই নি কৃষকৰ বাবে ৰূপায়ন কৰা আঁচনি সমূহৰ সৈতে জৰিত কৰোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হ'ব এই বৈঠক৷ কিষাণ মৰ্চাৰ ৰাজ্যিক বিষয়-ববীয়াই এক বিবৃতিত উল্লেখ কৰা মতে, এইবাৰ চৰকাৰে কৃষিখণ্ডত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি দেশৰ কৃষকৰ উন্নয়নৰ বাবে ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰিছে আৰু এই সমূহ আঁচনি কৃষকৰ মাজলৈ লৈ যাবৰ বাবে ব্যৱস্থা কৰা হ’ব বুলি কয়৷
সভাত বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্রাণ কুমাৰ দাস, কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক যতীন বড়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক মৃগাংক বৰ্মণৰ লগতে শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেন্দ্রনাথ মোহন, শিৱসাগৰ জিলা কিষাণ মৰ্চাৰ সভাপতি বকুল দে উপস্থিত থাকিব৷ কৃষকৰ বাবে আঁচনি সহজলভ্য, দেশত মীন, ৰেচম, পশুপালন, উন্নত বীজ উৎপাদনৰ বাবে দেশৰ কৃষকৰ বাবে চৰকাৰে ঘোষণা কৰা বুলিও কয় মৰ্চাই৷ অসমক আদৰ্শ ৰাজ্য হিচাপে গঢ়াৰ সংকল্প গ্রহণ কৰাৰ কথাও উল্লেখ কৰে মৰ্চাই৷