
কাজিৰঙাঃ মন্ত্ৰী বিধায়কে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ লাখ লাখ টকা খৰচ কৰে কেৱল হেলিকপ্টাৰৰ নামত৷ ৰাজ ভঁড়ালৰ কিমান টকা খৰচ কৰে সেই কথা হিচাপ কৰি শেষ কৰিব নোৱাৰি৷ একো একোটা কনভয়, বিয়াগোম সুৰক্ষা বেষ্টনীৰ নামত লাখ লাখ টকা খৰচ হয় প্ৰতিদিনে৷ কিন্তু জনসাধৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ নামত তেনে ব্যৱস্থা কৰা হৈছে জানো তাক লৈ উত্থাপন হৈ আহিছে বাৰে বাৰে প্ৰশ্ন৷ অসমত এতিয়া অৰাজক পৰিস্থিতি বুলি কলে হয়তো বঢ়াই কোৱা নহ’ব৷
কিয়নো বিধান সভাৰ অধিবেশনত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সদনত নাথাকে শাসকীয় দলৰ মন্ত্ৰী৷ ইমানে নহয় গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ সম্পূৰ্ণ ৰূপে স্তদ্ধ হৈ পৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ টকাৰ অভাৱত ঠিকাদাৰক বিল দিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ লগে লগে দিছপুৰত আৱদ্ধ হৈ আছে শ-শ ফাইল৷ এতিয়া মন্ত্ৰী-বিধায়ক ব্যস্ত চুবুৰীয়া ৰাজ্যৰ নিৰ্বাচনত৷ চুবুৰীয়া ৰাজ্যত শাসকীয় দলে ভাল ফলাফল কৰাৰ বাবেই এতিয়া হয়তো মিঠাই খোৱাত ব্যস্ত মন্ত্ৰী-বিধায়ক৷
কিন্তু অসম-মিজোৰাম সীমান্তত কি হৈছে সেয়া খবৰ লবলৈ আহৰি নাই৷ কাজিৰঙাত বোকাত পৰি প্ৰায় ৭ ঘন্টা ধৰি ককবকাই থাকি এটি গঁড়ৰ মৃত্যু হয় তাৰ খবৰ লবলৈ আহৰি নাই মন্ত্ৰী বিধায়কৰ৷ মাজুলিত গঁড় হত্যা কৰি গঁড়ৰ খৰ্গ কাটি নিয়ে এইবোৰ খবৰ লবলৈ আহৰি নাই চৰকাৰৰ৷ কেৱল চুবুৰীয়া ৰাজ্যৰ নিৰ্বাচনৰ গৰম বতাহ গাত লগাই মতলীয়া হৈ পৰিছে অসমৰ ৰজাসকল৷ ৰাজ্য চৰকাৰে ৰাজধানীত ৰং-বিৰঙৰ অনুষ্ঠান অনুষ্ঠিত কৰি মানুহক ৰঙীন কৰাৰ চেষ্টা চলাই৷
মানুহক সকলো ফালৰ পৰা ফালৰি কাটি আনি ৰঙীন সপোনৰ মাজত ৰাখিবলৈ চেষ্টা কৰা হয়৷ নমানি ব্ৰহ্মপুত্ৰ উৎসৱ, নমামি বৰাকৰ দৰে উৎসৱ পাতি কোটি কোটি টকা খৰচ কৰি মানুহক ৰঙত বিভোৰ কৰিবলৈ চেষ্টা কৰা হয়৷ দেশ-বিদেশৰ মানুহক মাটি আনি বিশ্ব বাণিজ্য সন্মিলন অনুষ্ঠিত কৰি অতিথিক আদৰাৰ নামত কোটি কোটি টকা খৰচ কৰা হয়৷
কিন্তু আমি কেতিয়াবা কেতিয়াবা ৰাজধানী মহানগৰীৰ পৰা ওলাই অসমৰ গাঁও কেইখনলৈ যাব লাগিব৷ মহানগৰীত অতিথিক আদৰাৰ নামত কোটি কোটি টকা খৰচ কৰা, নমামি ব্ৰহ্মপুত্ৰ-নমামি বৰাক উৎসৱ অনুষ্ঠিত কৰি কোটি কোটি টকা খৰচ কৰা চৰকাৰ খনে গাঁৱৰ দৰিদ্ৰ, খাটিখোৱা, শ্ৰমিকৰ খবৰ ল’ব লাগিব৷ তেতিয়াহে ৰাজ্য খনৰ লোকসকলৰ আচল ৰূপটো ওলাই পৰিব৷ মুম্বাইৰ পৰা চাৰ্টাৰ্ড বিমান ভাড়া কৰি চৰকাৰৰ টকা খৰচ কৰাৰো উদাহৰণ আছে অসমৰ শাসকৰ৷
খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাৰ্টাৰ্ড বিমানত উৰি মুম্বাইৰ পৰা গুৱাহাটীলৈ আহি খৰচ কৰিছিল লাখ লাখ টকা৷ কোৱা বাহুল্য ৰাজ্য খনৰ জনসাধৰণ আৰু জীৱকূলৰ জীৱনৰ মূল্য কম নহয়৷ যদি মন্ত্ৰীয়ে চাৰ্ডাৰ্ট বিমান ব্যৱহাৰ কৰি লাখ লাখ টকা খৰচ কৰিব তেন্তে জনসাধৰণেও জীৱন ধাৰণৰ ব্যৱস্থাৰ উন্নয়ন হ’ব লাগে৷ আন হে নালাগে কাজিৰঙাৰ এশিঙীয়া গঁড় কেইটাক সুৰক্ষা দিবলৈ সক্ষম হোৱা নাই এই খন চৰকাৰে৷ এটাৰ পিছত এটা গঁড় মাৰিছে চোৰাং চিকাৰীয়ে৷
কিন্তু গঁড় ৰক্ষাৰ সকলো আস্ফালন এক বুমেৰাং হৈ পৰে৷ দুদিন পূৰ্বে কাজিৰঙাত এটা গঁড়ৰ বোকাত আৱদ্ধ হৈ মৃত্যু হয়৷ অসহায় বন বিভাগে পাৰত থিয় হৈ চাই থকাৰ সময়তে মৃত্যুক আকোৱালি লৈছিল গঁড়টোৱে৷ বোকাত গঁড় আৱদ্ধ হলে কি কিৰব লাগিব সেয়া পূৰ্বৰ কোনো আঁচনি প্ৰস্তুত নাছিল বন বিভাগৰ হাতত৷ কেৱল এক্সভেটৰেৰে গঁড়টোক উদ্ধাৰৰ চেষ্টা চলাই৷
বন বিভাগৰ বৃথা চেষ্টা কৰি এসময়ত হাৰ মানে বন বিভাগে৷ এখন বিয়াগোম চৰকাৰ এটা বিয়াগোম বিভাগে এটা গঁড়ক জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰাৰ বিষয়টো অসমীয়া জাতিৰ বাবে লজ্জাৰ বিষয়৷ পূৰ্বেও বোকাত গঁড় আৱদ্ধ হোৱাৰ ইতিহাস আছে৷ কিন্তু তেনে ইতিহাসক সাৰোগত কৰি বোকাত আৱদ্ধ হোৱাৰ গঁড় উদ্ধাৰৰ বাবে তেনে সা-সৰঞ্জাম লাগিলে বিদেশৰ পৰা হওক ক্ৰয় কৰিব লাগিছিল বন বিভাগে৷ কিন্তু কোনো চিন্তা নকৰে বন বিভাগে৷ এতিয়া চোৰাং চিকাৰীৰ গুলী, বোকাত আৱদ্ধ হৈ মৃত্যু হোৱাৰ গঁড়ৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হ’ব ধৰিছে৷
এতিয়া প্ৰশ্ন উত্থাপন হয় কাজিৰঙাত গঁড় মৰিলে মন্ত্ৰী-বিধায়কে গুৰুত্ব সহকাৰে নলয় নেকি৷ যদি মন্ত্ৰী-বিধায়কে গুৰুত্ব সহকাৰে লয় তেন্তে গঁড় হত্যা হলে, বোকাত আৱদ্ধ হৈ মৃত্যু হলে দৌৰি নাযায় কিয়৷ হেলিকপ্টাৰ লৈ খবৰ লবলৈ নাযায় কিয় মন্ত্ৰী-বিধায়কে৷ অনাহকতে আকাশত উৰি লাখ লাখ টকা খৰচ কৰা মন্ত্ৰী বিধায়কে এই প্ৰশ্নৰ উত্তৰ হয়তো এদিন ৰাইজৰ কাঠগড়াত থিয় হৈ দিব লাগিব৷ বাৰিষা কালত হাইলেণ্ডৰ অভাৱত বানৰ কৱলত পৰি ককবকাব লগা হয় অসমৰ মান-অভিমান, অসমীয়াৰ গৌৰৱ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূল৷
বিশেষকৈ এশিঙিয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত উদ্যান খনৰ জীৱকূলৰ আলাই-আথানি নোহোৱা হয়৷ বছৰ বছৰ ধৰি চোৰাং চিকাৰীয়ে উদ্যান খনৰ জীৱ-জন্তু হত্যা কৰি আহিছে৷ সমানে সমানে বান আৰু পিটনি সমূহেও প্ৰাণ লৈ আহিছে জীৱ-জন্তুৰ৷ বছৰটোৰ প্ৰায় ৪মাহ কাল উদ্যান খন পানীত ডুবি থকাৰ ফলত বহু জীৱ-জন্তুৰ মৃত্যু হয়৷ এটুকুৰা ওখ ঠাই বিচাৰি ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হোৱাৰ চেষ্টা কৰি গাড়ীৰ চেপাত প্ৰাণ দিব লগা হয় জীৱকূলে৷ প্ৰতিবছৰে বানৰ ফলত মানুহৰ দৰে নাজল-নাথল অৱস্থা হৈ পৰে কাজিৰঙাৰ জীৱকূলৰ৷
প্ৰতিশ্ৰুতি অনুযায়ী গঁড় হত্যা ৰোধ কৰিব নোৱাৰা চৰকাৰখনে বানপানীৰ সময়ত জীৱ-জন্তুৰ বাবে হাইলেণ্ডৰ ব্যৱস্থা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ লগতে খৰালি কালত জীৱকূলক খাদ্য সামগ্ৰী, পানীৰ ব্যৱস্থা কৰাত বিফল হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷ যাৰ পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰীয় উদ্যানখনত অসহায় হৈ পৰে অসম গৌৰৱ গঁড়কে আদি কৰি প্ৰতিটো জীৱ-জন্তু।
১৫ বছৰীয়া কংগ্ৰেছৰ শাসনত কেইবাবাৰো জীৱ-জন্তুৰ বাবে হাইলেণ্ড নিৰ্মাণকে ধৰি বিভিন্ন ধৰণৰ উন্নয়ন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সকলোবোৰ ফোটোকাৰ ফেনত পৰিণত হয়৷ আনহাতে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নানান কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও জীৱ জন্তুৰ ৰক্ষাৰ বাবে বিশেষ কাম কৰা পৰিলক্ষিত নহয়৷
তাৰ মাজতেই খাদ্যৰ অভাৱত তথা এটুপি পানীৰ বাবে পিটনিত নামি বোকাত আৱদ্ধ হ’ব লগা হয় গঁড়৷ নিশা পানীৰ খাবলৈ পিটনিত নামি এটা প্ৰকাণ্ড গঁড় বোৰাত আৱদ্ধ হ’ব লগা হয়৷ ০২ মাৰ্চত কাজিৰঙাত নিশা পানী খাবলৈ পিটনিত নামি আৱদ্ধ হৈ ককবকাই থকা গঁড়টোৱে মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে৷
উল্লেখ্য যে, পুৱা সুৰক্ষা কৰ্মীয়ে পহৰা দিবলৈ যোৱাৰ সময়তে প্ৰত্যক্ষ কৰে গঁড়টো৷ বন বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ এক্সেভেটৰৰে গাত খান্দি গঁড়টো পিটনিৰ পৰা উদ্ধাৰৰ চেষ্টা চলাই যদিও সক্ষম হোৱা নাছিল বন বিভাগে৷ গঁড়টোৱে খাদ্যৰ অভাৱতে এনেদৰে বোকাত আৱদ্ধ হৈ পৰা বুলি অনুমান কৰা হৈছিল৷ ৭ ঘন্টা ধৰি আৱদ্ধ হৈ থকা গঁড়টোক বনবিভাগে উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল বনবিভাগ৷