
নলবাৰীঃ মা মানেই মমতা৷ মা মানেই নিৰাপত্তা৷ মা মানেই অস্তিত্ব৷ মা মানেই আশ্ৰয়৷ মা মানেই এবুকু ভালপোৱা৷ মা পৃথিৱাৰ সকলোতকৈ আপোন সকলোতকৈ প্ৰিয়৷ মাৰ ভালপোৱাক আজীৱন স্মৰণ কৰে মানুহে৷ মাক শ্ৰদ্ধা জনাই, মাৰ ভালপোৱাৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো৷ প্ৰতি বছৰে মা দিৱস পালন কৰি মাক আমি শ্ৰদ্ধা যাচো৷
যিয়ে মাকৰ পৰা দূৰত থাকে তেওঁ এবাৰ ক’বলৈ পাহৰি নাযায় মা তোমাক মই ভালপাওঁ বুলি ক’বলৈ৷ মাক অভিনন্দন শুভেচ্ছা যিয়ে নাযাচো কিয় মাৰ মৰমৰ অৱদান আমি কেতিয়াও দিব নোৱাৰোঁ৷ জন্মৰ পৰাই আমাৰ শুশ্ৰুষা মায়ে কৰে৷ কাপোৰতে শৌচ-প্ৰস্ৰাৱ কৰা কেঁচুৱাটোক তালি-তুলি ডাঙৰ-দীঘল কৰে মায়ে৷ মাতৃৰ মৰম কি, সেই কথা সকলোৱে জানে৷ এই পৃথিৱীত মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই৷ নমাহ দহ দিন পেটত ৰাখি বহু কষ্টেৰে লালন-পালন কৰে সন্তানক৷
কিন্তু সেই সন্তানেই পিছত অৱজ্ঞা কৰে মাতৃক৷ নতুন সংসাৰ লাভ কৰি পাহৰি পেলায় মাকৰ মৰম-ভালপোৱাক৷ কিন্তু সন্তান যিমানেই বেয়া নহলেও এগৰাকী মাতৃয়ে কেতিয়াও নিজৰ সন্তানক এলাগী নকৰে। সন্তানৰ প্ৰতি এগৰাকী মাতৃৰ মৰম অতুলনীয়। অবুজ প্ৰাণী এটিয়েও জানে সন্তানক মৰম কৰিব৷ সন্তানৰ কাৰণে সমস্ত পৃথিৱীৰ লগত যুদ্ধও কৰিব পাৰে৷ বিশ্ব ব্ৰহ্মাণ্ড ক’তো আশ্ৰয় নাপালেও মাতৃৰ কোলা কিন্তু নিজৰ সন্তানৰ বাবে সদায় সুৰক্ষিত।
মাতৃয়ে নিজে ভোকে পিয়াহে থাকি হলেও সন্তানক এমুঠি অন্ন যোগান ধৰে। কিন্তু সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাত এটা প্রধান সমস্যাৰূপে দেখা দিছে একাংশ সন্তান নিজৰ বৃদ্ধ পিতৃ-মাতৃক অৱহেলাৰ দৃষ্টিৰে চোৱাটো। বৃদ্ধ পিতৃ-মাতৃসকল সন্তানসকলৰ কাৰণে যেন এটা বোজাহে। আধুনিক সমাজ ব্যৱস্থাত যৌথ পৰিয়ালৰ বিলুপ্তি আৰু একক পৰিয়ালৰ মানসিকতা গঢ় লৈ উঠা হেতু পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক দায়বদ্ধতা কমি আহিছে আৰু মানুহৰ আন্তৰিক মৰম-চেনেহৰ বান্ধোন চিঙো চিঙো হৈছে।
কিন্তু আলাসৰ লাড়ু পুত্ৰই হত্যা কৰি এগৰাকী মাতৃক জ্বলাই দিয়ে৷ এই অমানৱীয় হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে নলবাৰী জিলাত৷ পুনৰ ভু-লুণ্ঠিত হ’ল মানৱতা৷ জন্মদাত্ৰী মাতৃক হত্যা কৰি নিশা জংঘলত জ্বলাই দিয়াৰ ঘটনাই প্ৰমাণ কৰিছে সমাজ খনৰ পৰা ক্ৰমান্বয়ে যেন হেৰাই গ’ল মানৱতা৷ একাংশ মানুহে মানৱতা সঁচাকৈয়ে যেন হেৰুৱাই পেলাইছে৷ জীৱ শ্ৰেষ্ঠ মানুহে ক্ৰমান্বয়ে হেৰাই পেলালে নেকি মানৱতা৷
তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ উত্থানে মানুহক সভ্যতাৰ উচ্চ শিখৰলৈ নিয়া বুলি চৰ্চা হোৱাৰ সময়তে একাংশ লোকৰ কৰ্মকাণ্ডই মানুহ যে লাহে লাহে মানৱতাহীন হৈ পৰিছে তাকেই প্ৰমাণ কৰে৷ একৈশ শতিকাৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সঁচাকৈয়ে মানুহৰ মানৱতাৰ স্খলন হ’ল নেকি৷ মৰম, ভালপোৱা, স্নেহ হেৰাই গ’ল নেকি৷ শিক্ষিত মানুহৰ জিলা ৰূপে জনাজাত নলবাৰী জিলা৷
মানৱতাক জীয়াই ৰখা জিলাৰূপে বিখ্যাত নলবাৰী জিলাত সংঘটিত এই ঘটনাই মা শব্দৰ পৰিভাষাই সলনি কিৰ দিলে৷ নলবাৰী জিলাৰ বাহজানীত যোৱা ২ মাৰ্চত এগৰাকী অৱলা নাৰীৰ শৰীৰ জ্বলাই দিয়ে৷ কেৱল ভৰিৰ কলাফুলৰ তলৰ পৰা চেণ্ডেল দুপাট ৰৈ গৈছিল জ্বলি শেষ হ’বলৈ৷ বাঁহ, গছ আদিৰ মাজত উদ্ধাৰ হৈছিল ছাঁই হৈ পৰা ভৰি দুখন৷ শনিবাৰে পুৱা নিৰ্জন ঠাইত ছাঁইৰ কাষত পৰি থকা ভৰি দুখন উদ্ধাৰ কৰিছিল৷ সন্দেহ কৰা হৈছিল নিশা কোনো দুৰ্বৃত্তই মহিলাগৰাকীক হত্যা কৰি জ্বলাই দিয়া বুলি৷
এই খবৰ ৰাষ্ট্ৰ হ’ল৷ ঘটনাস্থলীত নলবাৰী-কমাৰকুছি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিলে তদন্ত৷ আৰক্ষীয়ে তদন্ত কৰাৰ পিছতেই উদয় ডেকা নামৰ লোকজনক আটক কৰাৰ পিছত ওৰহিৰ ওৰ ওলাল৷ মহিলাগৰাকী আছিল আৰক্ষীয়ে আটক কৰা উদয় ডেকা নামৰ লোকজনৰ মাতৃ পদুমী ডেকা আছিল৷ উদয় ডেকাই, পত্নী সংগীতা ডেকা আৰু খুলশালী বিনিতা ডেকাৰ সৈতে লগলাগি মাতৃক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰে৷ ইতিমধ্যে আৰক্ষীৰ এই সন্দেহ প্ৰমাণো হয় বুলি জানিব পৰা গৈছে৷
উদয় ডেকাই দীৰ্ঘদিনৰ পৰাই মাতৃক মাৰধৰ কৰি আহিছিল৷ ১ মাৰ্চত উদয় ডেকাৰ কন্যাৰ জন্মদিন আছিল৷ জন্মদিনৰ পাৰ্টি খাবলৈ আহিছিল খুলশালী বিনিতা ডেকা৷ নিশা উদয় ডেকাৰ মাতৃৰ সৈতে কোনো কথাক লৈ তৰ্কাতৰ্কি হৈছিল৷ প্ৰথমে উদয়ে মাতৃক মাৰধৰ কৰে তাৰ পিছতে হত্যা কৰা বুলি জানিব পৰা যায়৷
খুলশালী বিনিতা ডেকা আৰু পত্নী সংগীতা ডেকাৰে সৈতে লগ হৈ প্ৰায় ৬৫ বছৰীয়া মাতৃ পদুমী ডেকাক অতি নৃশংস ভাৱে হত্যা কৰে উদয়ে৷ নিশাই হত্যাকাণ্ডৰ চিনচাব নোহোৱা কৰিবলৈ উদয় ডেকাই পত্নী আৰু খুলশালিৰে সৈতে লগ-লাগি জংঘলত মাতৃৰ মৃতদেহ জ্বলাই দিয়ে৷
কিন্তু সত্যক ঢাকি ৰাখিব কোনে৷ শৰীৰটোৰ বাকী অংশ জুইত জাহ গৈছিল যদিও আধা পোৰা হৈ থাকিল ভৰি দুখন আৰু শৰীৰৰ হাড় কেইডাল পৰি থাকিল৷ এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ নলবাৰী জিলাক৷ জন্মদাত্ৰী মাতৃক নৃশংস ভাৱে হত্যা কৰি জ্বলাই দিয়াৰ ঘটনাই জীৱ শ্ৰেষ্ঠ মানুহে যে ক্ৰমান্বয়ে মানৱতা হেৰুৱাই পেলাইছে ইয়াকে প্ৰতিপন্ন কৰে৷