বিপিএফত নাথাকে গোৰ্খাসকল, বড়ো-অবড়োৰ সংঘাত সৃষ্টি কৰিছে বিটিচি কৰ্তৃপক্ষই

গোৰেশ্বৰঃ যোৱা ৫টা দিন উত্তাল হৈ আছে বিটিএডি৷ শাসকীয় বিপিএফৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে জাঙু খাই উঠিছে বিটিএডিৰ জাতীয়-জনগোষ্ঠীয় সংগঠন৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰি, সমদল উলিয়াইস বিভিন্ন প্ৰান্তত সভা অনুষ্ঠিত কৰি উত্তাল কৰি ৰাখিছে বিটিএডি৷ ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটিএডিৰ কেইবাটাও জনগোষ্ঠীক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷

বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাত নামনি অসমৰ ৰাজপথ উত্তাল হ’ব ধৰিছে৷ বিটিএডিত জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নোহোৱাৰ সিদ্ধান্ত লয় বিটিচিৰ শাসকীয় দল বিপিএফে৷ ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰিব বুলিও বিটিচি কৰ্তৃপক্ষই সিদ্ধান্ত লয়৷

তাৰ মাজতে, বাক্সা জিলাৰ ভোলাঝাৰ বাঙালীপাৰা হাইস্কুলত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ সভাত উপস্থিত থাকি সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰেম তামাঙে ভূমি নীতি সম্পৰ্কত বিটিচি প্ৰশাসনে যি ভূমিকা গ্ৰহণ কৰিছে সেয়াই বিটিএডিত অশান্তি আৰু বৃদ্ধি কৰিব বুলি কয়। বড়ো-অবড়োৰ মাজত সৃষ্ট সংঘাট বিটিচি প্ৰশাসনৰে সৃষ্টি বুলিও কয়। আগছুৰ আহ্বানত বাক্সা জিলাৰ ভোলাঝাৰ বাঙালীপাৰা হাইস্কুলত অনুষ্ঠিত সভাত বিটিচিৰ চৰকাৰৰ ভূমি নীতি সন্দৰ্ভত আলোচনা কৰা হয়৷ প্ৰেম তামাঙে আৰু কয়, গোৰ্খাসকল কেতিয়াও বড়োসকলৰ বিটিচি চুক্তিৰ বিৰোধী নহয়।

গোৰ্খাসকলৰ সহযোগ মৰ্মে এসময়ত বিটিচি চুক্তি গঠন হৈছিল। কিন্তু হাগ্ৰামা মহিলাৰীয়ে বিটিএডিত বৰ্তমান বিতৰ্ক চলি থকা ভূমি নীতি সম্পৰ্কত স্পষ্ট নীতি ঘোষণা কৰক। ১৮৮৬ চনৰ ১০ নং দফা মৰ্মে কোন কোন জনগোষ্ঠী বিটিএডিত সুৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত হৈ আছে সেই বিষয়ে হাগ্ৰামা মহিলাৰীয়ে স্পষ্ট কৰিব লাগে। নেপালীসকল বিটিএডি সুৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত হৈ আছে নে নাই সেই বিষয়েও স্পষ্ট মত প্ৰকাশ কৰক। তেওঁ ক্ষোভেৰে কয় যে, আজি বিটিএডিত সকলো জাতি জনগোষ্ঠীয়ে মিলাপ্ৰীতিৰে বাস কৰাৰ যি সময়ত পৰিৱেশ সৃষ্টি হ'ব লাগিছিল সেই সময়ত বড়ো, অনাবড়ো নতুবা সাধাৰণ শ্ৰেণীৰ কথা ক'ৰ পৰা আহিল?

ভূমি নীতি সম্পৰ্কত হাগ্ৰামাক ৰাজনীতি নকৰিবলৈও সকীয়াই দিয়ে আগছুৰ সভাপতিগৰাকীয়ে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ আহ্বানত বিটিএডিৰ চাৰিওখন জিলা আগছুৰ সহযোগত কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়াৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়। বিটিচি ক্ষেত্ৰীয় সমিতি আগছুৰ সম্পাদক ৰোহিত দাহালে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে আগছুৰ সভাপতি প্ৰেম তামাঙে। সভাত বিটিচি প্ৰশাসনে ভূমিনীতি সম্পৰ্কত জাৰি কৰা নিৰ্দেশনাক তীব্ৰ ভাষাৰে বিৰোধিতা কৰে।

অৱশ্যে গোৰ্খা ছাত্ৰ সন্থাই কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয় বুলিও স্পষ্ট কৰে। ইপিনে কালি একাংশ সংবাদ মাধ্যমত আগছুৱে বিটিচি চুক্তি বাতিলৰ দাবী জনোৱা বুলি প্ৰকাশিত বাতৰি অস্বীকাৰ কৰে আগছুৰ কেন্দ্ৰীয় নেতৃবৰ্গই।

তামাঙে কয় যে, তেওঁলোকে বিটচি চুক্তি বাতিলৰ দাবী কেতিয়াও নজনাই কিন্তু বিটিএডিত শান্তি সম্প্ৰীতিৰে বসবাস কৰি থকা গোৰ্খা জনগোষ্ঠীৰ লোকৰ যদি অধিকাৰ খৰ্ব কৰিব বিচৰা হয় তেন্তে আগছুৱে বহি নাথাকিব বুলিও স্পষ্ট কৰে। আনহাতে ভূমি নীতি সম্পৰ্কত যদিহে বিটিচি প্ৰশাসনে শীঘ্ৰে কোনো স্পষ্টিকৰণ জাৰি নকৰে তেন্তে গোৰ্খা জনগোষ্ঠীৰ যিসকল লোকে বিপিএফ দলৰ সৈতে জড়িত হৈ আছে তেওঁলোকক মৰ্যদাসহকাৰে বিপিএফ দল ত্যাগ কৰাৰ বাবে আহ্বান জনাই বিটিচি ক্ষেত্ৰীয় আগছুৰ সভাপতি জন কুমাৰ চৌহানে।