চিৰিয়াৰ গৃহযুদ্ধত নিহিত লোকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা

ৰঙিয়াঃ সমগ্ৰ বিশ্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিৰিয়াৰ গৃহযুদ্ধৰ বিৰুদ্ধে৷ চিৰিয়া পৰিণত হৈছে মানৱতাৰ বধ্যভূমিত৷ চিৰিয়াত উগ্ৰপন্থী দমনৰ নামত আমেৰিকা আৰু মিত্ৰ বাহিনীৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া লোকসকলৰ আত্মাৰ শান্তি কামনা কৰি দেওবাৰে ৰঙিয়াত শান্তি যাত্ৰা কৰে একাংশ যুৱকে।

ৰঙিয়া অঞ্চলৰ প্ৰায় শতাধিক সচেতন যুৱকে হাতে হাতে মম জ্বলাই নীৰিহ লোকসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰা, হত্যা বন্ধ কৰক আদি প্লেকাৰ্ড হাতে হাতে লৈ ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বিৰদত্ত ভৱনৰ সন্মুখৰ পৰা পদ যাত্ৰা কৰে। চিৰিয়াৰ নীৰিহ জনসাধাৰণৰ ওপৰত আমেৰিকাৰ বৰ্বৰ অত্যাচাৰ বন্ধ কাৰাৰ বাবে আহ্বান জনাই প্ৰতিবাদকাৰীসকলে। ৰঙিয়া চহৰৰ মুল-পথৰে পদযাত্ৰা কৰি পুনৰ হৰদত্ত বিৰদত্ত ভৱনৰ সন্মখত পদযাত্ৰাৰ অন্ত পেলায়।