মুখ্যমন্ত্ৰী সোণোৱালে বিবৃতি নিদিয়াটো ৰাজনৈতিক চাল, ভূমিৰ অধিকাৰ খৰ্ব কৰাটো সংবিধানবিৰোধীঃউৰ্খাও

কোকৰাঝাৰঃ বিটিএডিত জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নোহোৱাৰ সিদ্ধান্ত লোৱা বুলি বিটিচিৰ শাসকীয় দল বিপিএফৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে৷ ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰিব বুলি বিটিচি কৰ্তৃপক্ষই সিদ্ধান্ত লোৱা বুলি প্ৰচাৰ হোৱাৰ পিছতেই বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিব বিছৰা বুলি কেইবাটাও সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷

নামনি অসমৰ ৰাজপথ উত্তাল হৈ থকাৰ সময়তে এই হাগ্ৰামা নেতৃত্বাধীন বিটি পৰিষদক উভতি ধৰিলে ধৰিলে প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই৷ হাগ্ৰামা মহিলাৰীক উভতি ধৰি বড়ো নেতা তথা প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই নিজ দলৰ স্থিতি স্পষ্ট কৰি বিটিচিত জনজাতি তথা অজনজাতিৰ ভূমিৰ অধিকাৰ কোনেও খৰ্ব কৰিব নোৱাৰে বুলি কয়৷ বিটিচিৰ ভূমি নীতিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সমষতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপিএল ৰাজনৈতিক দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই নিজ দলৰ স্থিতি কোকৰাঝাৰত এখন সংবাদমেল অনুষ্ঠিত কৰি স্পষ্ট কৰে।

কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, ষষ্ঠ অনুসূচীৰ অধীনত গঠন হোৱা বিটিচিত জনজাতি তথা অজনজাতিৰ ভূমিৰ অধিকাৰ কোনেও খৰ্ব কৰিব নোৱাৰে। বিটিএডি অসমৰ বাহিৰত নহয় তথা পৃথক ৰাজ্যও নহয় মাথো স্বায়ত্বশাসিত অঞ্চলহে আৰু আইন অনুসাৰে ইয়াত জনজাতি আৰু অজনজাতিৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে আৰু কোনোবাই খৰ্ব কৰিলে সেয়া সংবিধানবিৰুদ্ধ হ’ব বুলি মন্তব্য কৰে৷

উৰ্খাও গৌৰা ব্ৰহ্মই আৰু কয়, স্বায়ত্বশাসিত গঠন হোৱাৰ পূৰ্বৰে পৰা বিটিএডিত বসবাস কৰা জনজাতি আৰু অজনজাতিৰ ভূমিৰ অধিকাৰ নিয়মানুসাৰে বাহাল থাকিব লাাগে বুলি মত প্ৰকাশ কৰে। সংবাদমেলত ব্ৰহ্মই দিছপুৰ আৰু বিটিচিৰ চৰকাৰে বিষয়টো সন্দৰ্ভত গা এৰা দিছে বুলি কঠোৰ সমালোচনা কৰি সাাম্প্ৰদায়িক সংঘাতৰ মনোভাৱে গা কৰি উঠাৰ পিছতো সংঘাত নিৰাময়ৰ প্ৰচেষ্টা নকৰাটো ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ বিশেষ বুলি মন্তব্য কৰি নিজ স্বাৰ্থ সিদ্ধিৰ বাবেই সাম্প্ৰদায়িক ৰাজনীতি বৰ্তাই ৰখাটো দূৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই।

তদুপৰি সাাংসদ নৱ কুমাৰ শৰণীয়াক কঠোৰ ভাষাৰে সমালোচনা কৰি জনপ্ৰতিনিধি হিচাপে নিজ দায়িত্ব পালনত ব্যৰ্থ হোৱা বুলিও অভিযোগ উত্থাপন কৰে ব্ৰহ্মই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত অদ্যপি বিবৃতি নিদিয়াটো ৰাজনৈতিক চাল বুলিও অভিহিত কৰি ব্ৰহ্মই বিচ্ছিন্নতাবাদী দল, সংগঠন আৰু ব্যাক্তি বিশেষৰ পৰা ৰাইজক সাৱধান হোৱাৰ আহ্বাান জনাই সকলোকে শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বানো জনায়।