
চিৰাংঃ সোমবাৰে কপি উঠিল চিৰাং জিলাৰ ৰাজ পথ৷ ভূমি অধিকাৰ হেৰুৱাৰ আশংকাত দিন পাৰ কৰা হাজাৰ হাজাৰ মানুহৰ ধ্বনিৰে কঁপি উঠিল বিটিএডিৰ চিৰাং জিলাৰ ৰাজপথ৷ আদিবাসী-চাওঁতাল জনগোষ্ঠীৰ হাজাৰ হাজাৰ পুৰুষ-মহিলা-যুৱক-যুৱতীয়ে ভূমিৰ অধিকাৰ বিচাৰি উত্তাল কৰে ৰাজ পথ। বিটিচি ভূমি নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ।
৩১নং চি ৰাষ্ট্ৰীয় ঘাইপথেৰে সমদল কৰি চিদলী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি চাওঁতাল ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ আহ্বানত ওলাই অহা কেইবা সহস্ৰাধিক লোকে উত্তাল কৰে ৰাজপথ৷ বিটিএডিত জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নোহোৱাৰ সিদ্ধান্ত লোৱা বুলি বিটিচিৰ শাসকীয় দল বিপিএফৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে৷
ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰিব বুলি বিটিচি কৰ্তৃপক্ষই সিদ্ধান্ত লোৱা বুলি প্ৰচাৰ হোৱাৰ পিছতেই বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিব বিচৰা বুলি কেইবাটাও সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷
বিয়লি ১ বজালৈ প্ৰতিবাদ কৰি ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰক প্ৰদান কৰে। বিটিচি চুক্তিৰ পুনৰীক্ষণ, ১৮৮৬ চনৰ অসম ভূমি আৰু ৰাজহ আইনৰ দশম অনুচ্ছেদ মতে বিটিচি অঞ্চলত ভূমিৰ অধিকাৰ প্ৰদান, বিটিচিত সম উন্নয়নৰ দাবী সম্বলিত স্মাৰক প্ৰদান কৰে। প্ৰতিবাদী কাৰ্যসূচীত হাগ্ৰামা মুৰ্দাবাদ, চন্দন মুৰ্দাবাদ, বিটিচি ভংগ কৰক, এই মাটি আমাৰ মাটি, তেজ দিম মাটি নিদিওঁ ইত্যাদি শ্ল’গান দি আকাশ বতাহ কঁপাই তোলে৷