
কোকৰাঝাৰঃ এগৰাকী জ্যেষ্ঠ সাংবাদিকক বন্ধৰ সমৰ্থকে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷ কোকৰাঝাৰৰ জ্যেষ্ঠ সাংবাদিক ধনঞ্জয় নাথক একাংশ বন্ধ সমৰ্থকে বেয়াকৈ মাৰ ধৰ কৰাৰ ঘটনাক সহজে লব পৰা নাই ৰাইজে৷ বাতৰি সংগহ কৰিব যোৱাৰ সময়তে একাংশ লোকে মাৰধৰ কৰে সাংবাদিকগৰাকীক৷ ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাকে ধৰি পাঁচটাকৈ ছাত্ৰ সংগঠনে আহবান জনোৱা ২৪ ঘণ্টীয়া বি টি এ ডি বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছিল কোকৰাঝাৰত।
কোকৰাঝাৰৰ বিভিন্ন স্থানৰ ৰাজপথত প্ৰতিবাদকাৰী সকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও হাগ্ৰামা মহিলাৰীৰ পুত্তলিকা দাহ কৰে। কোকৰাঝাৰ জিলাৰ বালাজান তিনালী, চৰাইখোলা, চন্দ্ৰপাৰা, কাৰিগাঁওৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ সমূহত বন্ধ সমৰ্থকসকলে কেবাখনো দুচকীয়া, চাৰিচকীয়া বাহনৰ লগতে আৰু সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ ক্ষতিসাধন কৰে।
তাৰোপৰি বালাজান তিনালীত বন্ধ সমৰ্থনকাৰীসকলে শাক পাচলিৰ দোকানসমুহ লণ্ডভণ্ড কৰে। তেনে সময়তে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্রমণৰ লক্ষ্য কৰি লয় বন্ধৰ সমৰ্থকে। newsnextone.comৰ আৱাসিক সম্পাদক, আছাম টকচৰ কোকৰাঝাৰৰ সংবাদদাতা তথা জনসাধাৰণ আৰু গণঅধিকাৰ কাকতৰ সাংবাদিক ধনঞ্জয় নাথক মুল লক্ষ্য কৰি লয় আৰু শিল ইটাৰে আক্ৰমণ কৰে।
ঘটনাস্থলীত কোকৰাঝাৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক প্ৰকাশ মেধী সহ বিশাল আৰক্ষীৰ দল উপস্থিত আছিল যদিও দুষ্কৃতিকাৰী সকলে আৰক্ষীৰ বাধাক নেওচি আৰক্ষীৰ সন্মুখতে সাংবাদিক ধনঞ্জয় নাথৰ কেমেৰা কাঢ়ি নি ভাঙি চুৰমাৰ কৰে। আৰক্ষীৰ সন্মুখতে এগাৰকী সাংবাদিকৰ কেমেৰা ভাঙি, মাৰধৰ কৰাৰ ঘটনাই সাংবাদিকৰ জীৱনৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। সাংবাদিক ধনঞ্জয় নাথক মাৰধৰ কৰাৰ ফলত গুৰুতৰ ভাৱে আহত হয়। অৱশ্যে পিছত আৰক্ষীয়ে সাংবাদিকগৰাকীক দুষ্কৃতিকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰে।
উক্ত ঘটনাত প্ৰাগ নিউজৰ সাংবাদিক ৰবিৰাম বৰগয়াৰীয়েও দুষ্কৃতিকাৰীৰ শিলাবৰ্ষণত আঘাতপ্ৰাপ্ত হয়। পিছত ঘটনাস্থলীত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি অৰুন কুমাৰ ৰায় আৰু নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথে প্ৰতিবাদস্থলীৰ পৰা বিটিচি বাতিলৰ আহ্বান জনায়।
বি টি চিয়ে প্ৰস্তাৱ গ্ৰহণ কৰা ভুমি নীতি সন্দৰ্ভত বি টি চিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে স্পষ্টীকৰন সংবাদ মাধ্যমৰ যোগেদি দিছে যদিও সেয়া সন্তোষজনক নহয় বুলি মন্তব্য কৰি সংৰক্ষিত শ্ৰেণীৰ সংগঠন সমূহৰ সৈতে উক্ত প্ৰস্তাৱৰ ওপৰত ততালিকে আলোচনাত বহিবলৈ দাবী জনায়। প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি সৰ্বানন্দ সোণোৱাল গ'বেক, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, ভুমি নীতি প্ৰত্যাহাৰ কৰক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে।
উল্লেখ যোগ্য যে, কোকৰাঝাৰ চৰাইকোলাত বন্ধ সমৰ্থককাৰীসকলে এখন অটোত অগ্নি সংযোগ কৰাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় বঙাইগাঁও অভয়াপুৰীৰ ছফিহুৰ ৰহমান আৰু চন্দ্ৰপাৰা পথত কোকৰাঝাৰ ইউ এন একাডেমী স্কুলৰ শিক্ষক দৈপায়ান নাৰ্জাৰীৰ মটৰচাইকেলত বন্ধ সমৰ্থনকাৰীয়ে অগ্নি সংযোগ কৰাত মটৰচাইকেলখন ভষ্মীভূত হয়।
বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ জিলাৰ দোকান, পোহাৰ, ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। বন্ধৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন৷ চৰকাৰে উক্ত দাবীৰ প্ৰতি কোনো সঁহাৰি নজনালে পৰৱৰ্তী সময়ত পুনৰ জংগী আন্দোলন কৰাৰ ভাবুকি প্ৰদান কৰিছে ইউনাইটেট অৰগানাইজেচন কঅৰ্ডিনেচন সমিতিয়ে। আনহাতে সাংবাদিকক আক্ৰমণৰ ঘটনাক কেইবাটাও দল-সংগঠনে গৰিহণা দি দোষীক আটক কৰাৰ দাবী জনায়৷