
ডিমাকুছি/টংলা/কোকৰাঝাৰ/ওৰাং/ওদালগুৰি/চিৰাং/গোৰেশ্বৰঃ আজিও উত্তাল হৈ আছে বিটিএডি প্ৰতিটো প্ৰান্ত৷ হাগ্ৰামা নেতৃত্বাধীন বিটিচি কৰ্তৃপক্ষই ভূমি সন্দৰ্ভত লোৱা এটা প্ৰস্তাৱৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিটিএডিৰ অবড়ো ৰাইজ৷
জাঙুৰ খাই উঠিছে জাতীয়-জনগোষ্ঠীয় সংগঠন৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰি, সমদল উলিয়াই ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটিএডিৰ কেইবাটাও জনগোষ্ঠীক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷
বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাত নামনি অসমৰ ৰাজপথ উত্তাল হ’ব ধৰিছে৷ বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আদিবাসী জাতীয় মহাসভাই যোৱা ০১ মাৰ্চৰ পুৱাৰে পৰা ১২ঘণ্টীয়া বিটিএডি বন্ধ পালন কৰিছিল৷ এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছিল বিটিএডিৰ চাৰি খন জিলাত৷
পুনৰ মঙলবাৰৰ পুৱাৰে পৰা ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাকে ধৰি ৫টা ছাত্ৰ সংগঠনে আহবান জনোৱা ২৪ ঘণ্টীয়া বি টি এ ডি বন্ধৰ ব্যাপক প্ৰভাৱ পৰে কোকৰাঝাৰত, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত। বন্ধৰ সময়ছোৱাত ওৰাং আৰু কোকৰাঝাৰত হিংসাত্মক ঘটনা সংঘটিত হয়৷
এগৰাকী জ্যেষ্ঠ সাংবাদিকক বন্ধৰ সমৰ্থকে আক্ৰমণ কৰে৷ কোকৰাঝাৰৰ জ্যেষ্ঠ সাংবাদিক ধনঞ্জয় নাথক একাংশ বন্ধ সমৰ্থকে বেয়াকৈ মাৰ ধৰ কৰে৷ কোকৰাঝাৰৰ চৰাইকোলাত বন্ধ সমৰ্থকে এখন অটোত অগ্নি সংযোগ কৰাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় বঙাইগাঁও অভয়াপুৰীৰ ছফিহুৰ ৰহমান৷
কোকৰাঝাৰৰ চন্দ্ৰপাৰা পথত কোকৰাঝাৰ ইউ এন একাডেমী স্কুলৰ শিক্ষক দৈপায়ান নাৰ্জাৰীৰ মটৰচাইকেলত বন্ধ সমৰ্থকে অগ্নি সংযোগ কৰাত মটৰচাইকেলখন ভষ্মীভূত হয়। ওৰাংত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনত বন্ধৰ সমৰ্থকে আক্ৰমণ কৰি আইনা ভাঙি পেলায়৷
জিলা চাৰি খনত পুৱাৰে পৰা সৰু-বৰ গাড়ী, ব্যৱসায় প্ৰতিষ্ঠান, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ থাকে৷ আনহাতে ওদালগুৰি জিলা চিৰাং জিলা আৰু বাক্সা জিলাতো পুৱাৰে পৰা সৰু-বৰ গাড়ী, ব্যৱসায় প্ৰতিষ্ঠান, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ থাকে৷ পুৱাৰ ভাগত একাংশ বন্ধৰ সমৰ্থক ৰাজ পথলৈ ওলাই অহা পৰিলক্ষিত হয়৷ ঠায়ে ঠায়ে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
বিটিএডিত জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নোহোৱাৰ সিদ্ধান্ত লয় বিটিচিৰ শাসকীয় দল বিপিএফে৷
ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰিব বুলিও বিটিচি কৰ্তৃপক্ষই সিদ্ধান্ত লয়৷ এই বন্ধৰ আহ্বান জনাই ইউনাইটেট অৰগানাইজেচন কঅৰ্ডিনেচন সমিতিয়ে৷
আনহাতে ওদালগুৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ওৰাং, ভেৰগাঁও, ওদালগুৰি চহৰ, ডিমাকুছি, বামুনজুলি, গৰুৱাঝাৰ, ৰজাগড়, শুক্লাই, ডিমাকুছি বাগান চক, নালাপাৰা, বৰঙাজুলি অঞ্চলত বন্ধৰ প্ৰভাৱ পৰে৷ অঞ্চল সমূহত সৰু-বৰ গাড়ী, ব্যৱসায় প্ৰতিষ্ঠান, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ থাকে।
উল্লেখ্য যে, বিটিচি কৰ্তৃপক্ষই এক কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি অঞ্চলটোত বসবাস কৰি থকা কোচ ৰাজবংশী, চাওতাল, নেপালী আৰু নাথ-যোগীসকলৰ সংৰক্ষিত জনগোষ্ঠীয় মৰ্যদা বাতিল কৰি এইসকল লোকক সাধাৰণ শ্ৰেণীৰ বুলি গণ্য কৰে। ফলত এই লোকেসকলে এতিয়াৰে পৰা হেৰুৱাব লাগিব মাটি বেচা-কিনাৰ অধিকাৰ।
ইয়াকে কেন্দ্ৰ কৰি বিটিএডিৰ চাৰি খন জিলা তথা নামনি অসমৰ কেবাটাও অঞ্চল উত্তাল হৈ আছে৷ আনহাতে, ২২ মাৰ্চত ১০ ঘণ্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে আদিবাসী জাতীয় মহাসভাই
জনজাতিৰ সুৰক্ষাৰ বাবে স্বীকৃত বিটিএডিৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত পঞ্জীয়ন কৰিব নোৱাৰাৰ সিদ্ধান্ত লোৱাৰ পিছতেই বিটিএডিত প্ৰতিবাদ অব্যাহত আছে৷