
কামপুৰঃ ৰাজনীতিৰ বতাহ দেহত লগাৰ ফলত সকলো পাহৰি গৈছে অসমৰ মন্ত্ৰী বিধায়কে৷ অসমৰ মন্ত্ৰীয়ে এতিয়া ভাগ্য নিৰ্ণয় কৰে চুবুৰীয়া জনজাতীয় ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হ’ব৷ অসমৰ বাবে এয়া একপ্ৰকাৰ খুবেই আমোদজনক কথা৷ যাৰ বাবে অসমীয়া জাতিয়ে গৌৰৱ কৰিব পাৰে৷ অসমৰ মন্ত্ৰীক লৈ আৰু গৌৰৱ কৰিব পাৰিলে হেঁতেন যদি নিজৰ বিভাগ সমূহ সগৌৰৱেৰে পৰিচালনা কৰিব পাৰিলে হেঁতেন৷ চুবুৰীয়া ৰাজ্যত চৰকাৰ গঠনৰ অংকত ব্যস্ত থকা বিজেপি চৰকাৰৰ মন্ত্ৰীৰ নিজৰ বিভাগ কোনফালে গতি কৰিছে সেই কথাৰ খবৰ লবলৈ আহৰি নাই৷
অসমৰ শিক্ষা বিভাগ কোনফালে গতি কৰিছে সেই কথাৰ খবৰ ল’বলৈ আহৰি নাই খোদ অসমৰ শিক্ষা মন্ত্ৰীৰ৷ মন্ত্ৰী ব্যস্ত এতিয়া ত্ৰিপুৰা, নগালেণ্ড আৰু মেঘালয়ত জোৰা তাপলি মাৰি চৰকাৰ গঠন কৰাত৷ ৰাজ্যৰ শিক্ষানুষ্ঠানৰ কি কৈছে সেই খবৰ ল’বলৈ আহৰি নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ গ্ৰাম্য অঞ্চলৰ শিক্ষকক ঠাট্টা মস্কৰা কৰি কেমেৰাৰ সন্মুখত খতিয়ান লোৱা স্বাস্থ্যমন্ত্ৰীয়ে গ্ৰাম্য অঞ্চলৰ ইখনৰ পিছত সিখন বন্ধ কৰিছে যদিও শিক্ষানুষ্ঠান কেনেদৰে চলিছে সেই কথাৰ খবৰ ল’বলৈ সময় নাই৷ ক্ষমতাৰ ৰাগিত মাতাল হৈ সকলো পাহৰি পেলাইছে মন্ত্ৰীয়ে৷
শিক্ষা খণ্ডৰ উন্নয়ন সাধন কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা দলকেইটাই এতিয়া পাভলুটি মাৰিছে৷ কিয়নো আজিও শিক্ষকে সময় মতে স্কুলত নাহে শিক্ষক৷ শিক্ষকৰ বাবে ৰৈ ৰৈ কণ কণ ছাত্ৰী-ছাত্ৰীয়ে পিঠিত লৈ অহা বেগ পিঠিত লৈয়ে উভতি যাব লগা হয়৷ একাংশ শিক্ষকক নাকি লগাবলৈ আহৰি নাই শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীৰ৷ বৰ বৰ কথা কৈ চমক সৃষ্টি কৰা মন্ত্ৰীসকলৰ বিভাগত এতিয়া চৰম অৰাজকতাই দেখা দিছে৷ ৰাজ্য তথা সমষ্টিৰ উন্নয়নৰ পৰিৱৰ্তে কেৱল ৰাজনীতি কৰি ক্ষমতা দখল কৰি ৰখাৰ কুচকাৱাজ চলাই গৈছে মন্ত্ৰী-বিধায়কসকলে৷
নিৰ্বাচনৰ পূৰ্বে এটা আৰু নিৰ্বাচনৰ পিছত পাভলুটি মাৰি অসমৰ ৰাইজৰ জনমতক উপেক্ষা কৰি কাম কৰি যোৱা চৰকাৰখনে ৰাইজৰ প্ৰধান সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ চৰকাৰ গঠন কৰিয়েই নানান চমক সৃষ্টি কৰিলে যদিও সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷ গ্ৰাম্য অঞ্চলৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য, শিক্ষা আদিৰ ক্ষেত্ৰত ৰাইজে আজিও হাহাকাৰ কৰিব লগা হয়৷ ৰাজ্যৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পুতৌ লগা ছবি খন পুনৰ মঙলবাৰে স্পষ্ট হৈ পৰে৷
শিক্ষকৰ অনুপস্থিতিৰ বাবে এখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে পাঠদান নকিৰ উভতি যাব লগা হয় ঘৰলৈ৷ নগাওঁ জিলাৰ কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত চামগাঁও প্ৰাথমিক বিদ্যালয়ত মঙলবাৰে বিদ্যালয়লৈ নাহিল এজনো শিক্ষক৷ বিদ্যালয়খনৰ তিনি গৰাকী শিক্ষকৰ এগৰাকীও উপস্থিত নথকাত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠাৰ ভিতৰত-বাহিৰত খেল-ধেমালি কৰি অতিবাহিত কৰি অৱশেষত ঘৰলৈ উভতি যায়৷
এই কাৰ্য্যত ক্ষোভিত অভিভাৱকসকলে প্ৰাথমিক বিদ্যালয়খন ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে তিনি গৰাকীকৈ শিক্ষকৰ অনুপস্থিতিৰ ফলত ঘৰলৈ উভতি যাব লগা হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত৷
যি সময়ত ৰাজ্যৰ শিক্ষা বিভাগে গুণোৎসৱ অনুষ্ঠিত কৰি বিদ্যালয়সমূহৰ আমূল পৰিৱৰ্তন কৰিব বিচাৰিছে তেনে সময়তে বিদ্যালয়ত এজনো শিক্ষক উপস্থিত নথকাৰ বাবে মঙলবাৰে বন্ধ ৰাখিব লগা হয় বিদ্যালয় খন৷ তিনিজন শিক্ষক থকাৰ পিছতো কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত চামগাঁও প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষকো উপস্থিত নথকাত অভিভাৱক ক্ষোভিত হৈ পৰে৷ বিদ্যালয়খনত অভিভাৱকসকল উপস্থিত হৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শিক্ষকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷