শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথাৰ বিৰুদ্ধে কাম কৰিব আমছুৱে

নগাওঁঃ শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথাক ৰোধ কৰাৰ ক্ষেত্ৰত কাম কৰি যাব আমছুৱে৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ  ইউনিয়ন চমুকৈ 'আমছু'ৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত পৰমাইভেটি আঞ্চলিক সমিতিখন সোমবাৰে গঠন কৰা হয়। এই মৰ্মে, অধ্যাপক মেহেৰুল ইছলামৰ পৌৰহিত্যত পৰমাইভেটি বানাত মাদ্ৰাছা প্ৰাংগনত অনুষ্ঠিত হোৱা সভাখনত সদৌ অসম সংখ্যালঘু ছাত্ৰ  ইউনিয়ন (আমছু )ৰ নগাঁও জিলা সমিতিৰ সভাপতি মোশ্বাৰফ হুছেইন কবিৰে মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিশু শ্ৰমিক আৰু বাল্য বিবাহ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি কয় যে, সংখ্যালঘু সমাজখনক বিশেষভাৱে শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথাই খুব বেয়া ধৰণে গ্ৰাস কৰিছে।

এই দুই  প্ৰথাক যেতিয়ালৈকে নিঃশেষ কৰিব পৰা নাযায় তেতিয়ালৈকে সমাজত উন্নয়ন সাধন সম্ভৱপৰ নহয়। সেয়ে শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথা বন্ধ কৰাৰ বাবে সকলোকে ঐক্যবদ্ধ ভাৱে ওলাই আহিবলৈ আহ্বান জনাই জিলা সভাপতি গৰাকীয়ে৷ লগতে আমছুয়ে সদায়ে জাতিৰ স্বাৰ্থত কাম কৰি আহিছে বুলি মন্তব্য কৰি আমছুৰ নৱ গঠিত পৰমাইভেটি আঞ্চলিক সমিতিৰ বিষয়-ববীয়াক উক্ত অঞ্চলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাইজক প্ৰতি নিয়ত সহায়ৰ হাত আগবঢ়াই যাবলৈ পৰামৰ্শ আগবঢ়ায়।

উক্ত সভাখনতে ৰমিজ ৰাজাক সভাপতি তথা ছাদিকুৰ ৰহমান আৰু পাৰবিচ মোশ্বাৰফক সম্পাদক হিচাপে লৈ ২৫ জনীয়া আমছুৰ পৰমাইভেটি আঞ্চলিক সমিতিখন গঠন কৰা হয়।গুৰুত্বপূৰ্ণ সভাখনত আমছুৰ নগাঁও জিলা সমিতিৰ  সম্পাদক  জহিৰুল ইছলাম,  শিক্ষা  সম্পাদক আবিব ইছলামৰ  প্ৰমুখ্যে কৰি অঞ্চলটোৰ প্ৰায় শতাধিক লোক উপস্থিত থাকে ৷