তুলিৰামৰ মহলদাৰৰ দাদাগিৰী, ২৫-৩০ টকা মূল্যৰ ঝাড়ু কৃষকে বিক্ৰী কৰিছে ১০ টকাত

খেৰণিঃ দেশৰ কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য, বেংকৰ ঋণ ৰেহাই বিচাৰি প্ৰতিবাদ অব্যাহত ৰাখিছে৷ নিজৰ প্ৰস্ৰাৱ পান কৰি, এন্দুৰ ভক্ষণ কৰি, মামনিহৰ লাও খোলা লৈ পথত উৎপাদিত সামগ্ৰী দ’মাই প্ৰতিবাদ কৰি আহিছে৷ কেইবা খনো ৰাজ্যত কৃষকে প্ৰতিবাদ কৰিবলৈ ওলাই আহি আৰক্ষীৰ গুলী বুকু পাতি লব লগা হৈছে৷ কিন্তু চৰকাৰ নাচোৰ বান্দা৷

কৃষকে আজিও উৎপাদিত সামগ্ৰীৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ দেহৰ ঘাম মাটিত পেলাই ৰ'দ বৰষুণ কাটি কৰি কৃষকে উৎপাদন কৰা ফচলৰ উচিত মূল্য নোপোৱাত আজিও ক্ষোভিত দেশ তথা আমাৰ ৰাজ্যৰ কৃষক৷

চৰকাৰ খনেও কৃষকৰ সমস্যাক গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰ কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মুল্য দিয়াৰ কোনো ব্যৱস্থা কৰা দেখা নাযায়৷ শাক-পাঁচলি, মৰাপাট আদিৰ পৰা আন আন উৎপাদিত সামগ্ৰী পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে কৃষকে৷ হাজাৰ হাজাৰ টকা খৰছ কৰি উৎপাদন কৰা ফচল পশুধনৰ খাদ্য কৰিব লগা হয়৷

বিক্ৰীৰ অভাৱত পেলাই দিব লগা হয় উৎপাদিত ফচল৷ কৃষকৰ উৎপাদিত ফচল চৰকাৰে ক্ৰয় নকৰাৰ লগতে শীতলীকৰণ গৃহ নথকাত অবাবতে কৃষকৰ ফচল সমূহ নষ্ট হয়। আজিও ৰাজ্যৰ কৃষকে মৰাপাট পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে৷ লৰা-ছোৱালীৰ কাপোৰ-কানি, স্কুল কলেজৰ খৰছ, বেমাৰ-আজাৰ আদিকে ধৰি সকলো খৰছৰ বাবে উৎপাদিত ফচলৰ ওপৰতে ৰাজ্যৰ খেতিয়কসকল নিৰ্ভৰশীল৷ 

তেনেক্ষেত্ৰত উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নোহোৱা হলে কৃষকসকল ক্ষুব্ধ হৈ উঠাটো তেনেই স্বাভাৱিক কথা৷ মূৰৰ ঘাম মাটীত পেলাই দিনৰ দিনটো সুৰুযটো মুৰত লৈ খেতিয়কে খেতি কৰে। আনন্দত খেতি চপায়।

কিন্তু শেষত যেতিয়া সেই খাদ্যশস্য বজাৰ পায়গৈ, তেতিয়া পানীৰ দামতে বিক্ৰী কৰিব লগা হয় সেই খাদ্যশস্য। পাইকাৰী খাদ্যশস্য, পাচলি, ফল-মূল আদি বজাৰত পানীৰ দামত এনেদৰে বিক্ৰী কৰি দিবলগা হোৱাত মুৰে-কপালে হাত দিবলগীয়া হৈছে বৰ্তমান অসমৰ ক্ষুদ্ৰ খেতিয়কসকলে। কঠোৰ পৰিশ্ৰমৰ মূল্য আৰু আনুষাংগিক ব্যয়খিনিও লাভ কৰিবলৈ সক্ষম নোহোৱাৰ কৃষকে উচিত মূল্যতো বাদেই, বৰঞ্চ লোকচানৰ সমুখীন হোৱা পৰিলক্ষিত হৈছে কৃষকে। 

পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাতো জনজাতিয়ে কৃষকসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য বিচাৰি হাহাকাৰ কৰিব লগা হৈছে৷ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ নকৰাৰ লগতে চিণ্ডিকেচ চক্ৰই মাধমাৰ শোধাইছে কৃষকক৷ জানিব পৰা মতে, পাৰ্বত্য জিলা কাৰ্বি আংলঙত প্ৰায়ে প্ৰায়ে ফুল ঝাড়ুৰ খেতি কৰে৷ বছৰ বছৰ অতি কষ্টৰে খেতি কৰে যদিও বিক্ৰী কৰি উচিত মূল্য লাভ নকৰে খেতিয়তসকলে৷ 

ৰাজ্য চৰকাৰ আৰি কাৰ্বি আংলং স্বয়ত্ত পৰিষদে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভযোগ উত্থাপন কৰে কৃষকসকলে৷ যাৰ ফলত উচিত মূল্য বিচাৰি হাহাকাৰ কৰিব লগা হৈছে কৃষকসকলে। তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি পৰিষদ চৰকাৰে মাধমাৰ শোধাইছে সাধাৰণ কৃষকক। ফলত পানীৰ দৰত বিক্ৰী কৰিবলৈ বাধ্য হৈছে ফুল ঝাড়ু। 

দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা এক দেশ এক কৰৰ সম্পৰ্কে যেন কাৰ্বি পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে তিল মানো গুৰুত্ব প্ৰদান নকৰাক লৈ ভুক্তভোগী হৈ আহিছে খাটিখোৱা সাধাৰণ কৃষকসকলে। কাৰ্বি পৰিষদীয় চৰকাৰে অনুমোদন প্ৰদান কৰা মহলদাৰসকলৰ দৌৰাত্ম্যত মূৰে কপালে হাত দিব লগাত পৰিছে কাৰ্বি পাহাৰৰ ঝাড়ু কৃষক ৰাইজে। 

উত্থাপিত অভিযোগ মতে,  মহলদাৰসকলে উচিত মূল্যৰ পৰা বঞ্চিত কৰিছে ফুল ঝাড়ু কৃষকসকলক। উপায় নাপাই বহু কৃষকে নিজৰ শৰীৰৰ কেঁচা ঘাম মাটিত পেলাই উৎপাদন কৰা ঝাড়ু পানীৰ দৰত বিক্ৰী কৰিব লগীয়া হৈছে আৰু বহুজন কৃষকে খেতিত শুকুৱাই পেলােৱা পৰিলক্ষিত হৈছে৷ 

ইফালে মেঘালয়ৰ পৰা অহা ঝাড়ু ব্যৱসায়ী সকলে কেজিয়ে প্ৰতি (এক কেজিত) ঝাড়ুৰ মূল্য ২৫-৩০ টকা দিয়াৰ বিপৰীতে কাৰ্বি আংলঙৰ মহলদাৰসকলে খেতিয়কসকলৰ কেৱল ১০-১৫ টকা দিয়েই বলপূৰ্বকভাৱে ক্ৰয় কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ আনহাতে অধিক মূল্য দি ক্ৰয় কৰিব বিচৰা ব্যৱসায়ীসকলৰ ওচৰত বিক্ৰী নকৰিবলৈও কৃষক ৰাইজক বাধা প্ৰদান কৰি আহিছে পৰিষদৰ পৰা অনুমোদন লাভ কৰা মহলদাৰসকলে। 

এনে দৰে এতিয়া কাৰ্বি পাহাৰৰ ঝাড়ু কৃষিৰ ক্ষেত্ৰত শোষণ চলাইছে তুলিৰাম চৰকাৰৰ মহলদাৰসকলে। যাৰ পৰিপ্ৰেক্ষিতত তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন পৰিষদীয় বিজেপি চৰকাৰৰ ছিণ্ডিকেটৰাজৰ তীব্ৰ প্ৰতিবাদ জনাই পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেঙত মঙলবাৰে এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ 

কাৰ্বি ছাত্ৰ সন্থাৰ জিৰিকিন্দেঙ শাখাই আয়োজন কৰা সভাত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি চেমচন টেৰণে অংশগ্ৰহণ কৰি ফুল ঝাড়ু কৃষকৰ সমস্যাৰ বুজ লয় আৰু সভাত ছাত্ৰ নেতাগৰাকীয়ে পৰিষদখনে এনেদৰে কৃষকক শোষণ চলোৱা নীতিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। আনহাতে ছিণ্ডিকেট বন্ধ কৰি কৃষকসকলক উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়৷