
ডিমাকুছিঃ আজিও উত্তাল হৈ আছে বিটিএডি প্ৰতিটো প্ৰান্ত৷ হাগ্ৰামা নেতৃত্বাধীন বিটিচি কৰ্তৃপক্ষই ভূমি সন্দৰ্ভত লোৱা এটা প্ৰস্তাৱৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিটিএডিৰ অবড়ো ৰাইজ৷ জাঙুৰ খাই উঠিছে জাতীয়-জনগোষ্ঠীয় সংগঠন৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰি, সমদল উলিয়াই ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটিএডিৰ কেইবাটাও জনগোষ্ঠীক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷
বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাত নামনি অসমৰ ৰাজপথ উত্তাল হ’ব ধৰিছে৷ মঙলবাৰৰ পুৱাৰে পৰা ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাকে ধৰি ৫টা ছাত্ৰ সংগঠনে আহবান জনোৱা ২৪ ঘণ্টীয়া বিটিএডি বন্ধৰ ব্যাপক প্ৰভাৱ পৰে কোকৰাঝাৰত, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত। বন্ধৰ সময়ছোৱাত ওৰাং আৰু কোকৰাঝাৰত হিংসাত্মক ঘটনা সংঘটিত হয়৷
তাৰ মাজতে ওদালৰগুৰি জিলাৰ ডিমাকুছিত বন্ধক কেন্দ্ৰ কৰি পুৱাৰে পৰা উত্তেজনাৰ সৃষ্টি হয়৷ যৌথ মঞ্চই আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত বন্ধৰ সমৰ্থকক আটক কৰাত মঙলবাৰে উত্তাল হৈ পৰে বিটিএডিৰ ওদালগুৰি জিলাৰ ডিমাকুছি এলেকা৷ জানিব পৰা মতে, ইউনাইটেট অৰগানাইজেচন কঅৰ্ডিনেচন সমিতিয়ে আহ্বান জনোৱা বন্ধৰ সমৰ্থন কৰিবলৈ মঙলবাৰে পুৱাই ৰাজ পথলৈ ওলাই আহে পুৰুষ-মহিলা৷ ডিমাকুছি বজাৰত বন্ধৰ সমৰ্থক আৰু বন্ধৰ বিৰোধীতা কৰা লোকৰ মাজত মতানৈক্যৰ সৃষ্টি হয়৷
মতানৈক্যই এটা সময়ত অন্য দিশলৈ ৰূপান্তৰ হোৱাৰ পূৰ্বে আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ তাৰ পিছতেই আৰক্ষীয়ে ১১গৰাকী যুৱকক আটক কৰে৷ ১১গৰকী যুৱকক আটক কৰাৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতেই স্থানীয় মহিলা ওলাই আহি ডিমাকুছি আৰক্ষী থানা ঘেৰাও কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷ আৰক্ষীৰ সৈতে ফেৰ পাতি স্থানীয় মহিলাই যুৱক কেইজনক এৰি দিবলৈ দাবী জনায়৷ মহিলাসকলে আৰক্ষী আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷
ফলত ৩ জন যুৱকক এৰি দিয়ে যদিও ৮গৰাকী যুৱকক এতিয়ালৈ এৰি দিয়া নাই আৰক্ষীয়ে৷ উল্লেখ্য যে, বিটিচি কৰ্তৃপক্ষই এক কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি অঞ্চলটোত বসবাস কৰি থকা কোচ ৰাজবংশী, চাওতাল, নেপালী আৰু নাথ-যোগীসকলৰ সংৰক্ষিত জনগোষ্ঠীয় মৰ্যদা বাতিল কৰি এইসকল লোকক সাধাৰণ শ্ৰেণীৰ বুলি গণ্য কৰে। ফলত এই লোকেসকলে এতিয়াৰে পৰা হেৰুৱাব লাগিব মাটি বেচা-কিনাৰ অধিকাৰ। ইয়াকে কেন্দ্ৰ কৰি বিটিএডিৰ চাৰি খন জিলা তথা নামনি অসমৰ কেবাটাও অঞ্চল উত্তাল হৈ আছে৷ আনহাতে, ২২ মাৰ্চত ১০ ঘণ্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে আদিবাসী জাতীয় মহাসভাই