প্ৰতিবাদকাৰীক ঘোষণা কৰিলে বে-আইনী জনতা ৰূপে, মহিলাক বৰ্বৰ ভাৱে আক্ৰমণ কৰিলে পুৰুষ আৰক্ষীয়ে

চিৰাংঃ আপুনি বা আপোনাৰ লাঞ্চিত-বঞ্চিত জনগোষ্ঠীৰ হৈ আপুনি প্ৰতিবাদ কৰিব নোৱাৰিব৷ আপুনি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিব নোৱাৰিব৷ এতিয়াৰ পৰা প্ৰতিবাদ কৰাৰ কথা আপুনি পাহৰি যাওক৷ প্ৰতিবাদ কৰিলে আপুনি হৈ পৰিব বে-আইনী জনতা৷ যদি আপুনি বে-আইনী জনতা ঘোষণা হৈছে তেন্তে আপোনাৰ নিস্তাৰ নাই৷ আৰক্ষী-চিআৰপিএফৰ লাঠিৰ কোব আপোনাৰ পিঠিত পৰিবই পৰিব৷ আপুনি মহিলাই হওক নতুবা পুৰুষেই হওক৷ অসম আৰক্ষীয়ে সকলো বৰ্বৰতাৰ সীমা অতিক্ৰম কৰিলে মঙলবাৰে৷

চিৰাং জিলাত মঙলবাৰে সকলো সীমা অতিক্ৰম কৰি আৰক্ষীয়ে পুৰুষক নালাগে মহিলাক নিতম্বত দুয়ো হাতেৰে গাৰ জোৰেৰে দিলে লাঠিৰ কোব৷ যৌথ মঞ্চই আহ্বাই জনোৱা বন্ধক সমৰ্থন কৰি বিটিচিৰ ভূমি নীতিৰ বিৰুদ্ধে চিৰাঙত প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদকাৰীক এনেদেৰ মাৰ ধৰ কৰে আৰক্ষীয়ে৷ জিলাখনৰ চিদলীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কৰিবলৈ অহাৰ সময়তেই লাঠি চালনা, কন্দুৱা গেছ, শূন্যলৈ গুলীচালনা কৰাৰ ফলত কেইবাগৰাকী লোক আহত হয়৷

হাগ্ৰামা নেতৃত্বাধীন বিটিচি কৰ্তৃপক্ষই ভূমি সন্দৰ্ভত লোৱা এটা প্ৰস্তাৱৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিটিএডিৰ অবড়ো ৰাইজ৷ জাঙুৰ খাই উঠিছে জাতীয়-জনগোষ্ঠীয় সংগঠন৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰি, সমদল উলিয়াই ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটিএডিৰ কেইবাটাও জনগোষ্ঠীক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাত নামনি অসমৰ ৰাজপথ উত্তাল হ’ব ধৰিছে৷

মঙলবাৰৰ পুৱাৰে পৰা ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাকে ধৰি ৫টা ছাত্ৰ সংগঠনে আহবান জনোৱা ২৪ ঘণ্টীয়া বিটিএডি বন্ধৰ ব্যাপক প্ৰভাৱ পৰে কোকৰাঝাৰত, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত। বন্ধৰ সময়ছোৱাত চিৰাং জিলাত চিদলীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ ওলাই আহে উক্ত সংগঠনৰ সমৰ্থকসকল৷ তেনে সময়তে চিৰাং আৰক্ষীয়ে বৃহৎ চিআৰপিএফ আৰু আৰক্ষীৰ জোৱান লৈ আগভেটা দি পথ অৱৰোধ কৰাত বাধা দিয়ে৷

আৰক্ষীয়ে ‘‘আপোনালোক বে-আইনী জনতা ঘোষণা হৈছে’’ লিখা থকা এখন বেনাৰ প্ৰদৰ্শন কৰাৰ লগতে মাইকেৰে বাৰে বাৰে ঘোষণা কৰে আপোনালোকক বে-আইনী ঘোষণা কৰা হৈছে৷ তাৰ পিছতো প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাধা অতিক্ৰম কৰি পথ অৱৰোধ কৰিব যোৱাত প্ৰথমে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তৰ্কাতৰ্কি হয়৷ তাৰ পিছতেই আৰক্ষীয়ে লাঠিচালনা কৰে আৰু পুৰুষ-মহিলা উভয়কে দেহৰ বিভিন্ন ঠাইত লাঠিৰে কোব শোধাই৷ মহিলাসকলক চত্ৰভংগ দিবলৈ আৰক্ষীৰ সৈতে নাছিল মহিলা আৰক্ষী৷ পুৰুষ আৰক্ষীয়ে মহিলাৰ নিতম্বত বেয়াকৈ মাৰ-কৰ দৃশ্যই ৰাইজক আচৰিত কৰি তুলিছে৷ ইমানে নহয় মহিলাক খেদি খেদি প্ৰহাৰ কৰে আৰক্ষীয়ে৷ লাঠিচালনা আৰু ক্নুৱা গেছ প্ৰয়োগ কৰাৰ লগতে শূন্যলৈ গুলীচলনা কৰে আৰক্ষীয়ে৷