
কাকপথাৰঃ শিক্ষা মন্ত্ৰীয়ে শিক্ষাৰ মান উন্নত কৰা বুলি সময়ে সময়ে কব খোজে যদিও ৰাজ্যত আজিও চলি আছে এজনীয়া শিক্ষকেৰে স্কুল৷ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী শিক্ষা খণ্ডত শিক্ষাৰ মান উন্নত কৰাৰ অৰ্থে হাজাৰ হাজাৰ টেট শিক্ষকক নিযুক্তি প্ৰদান কৰি ইতিহাস সৃষ্টি কৰা বুলি খোদ মত ব্যক্ত কৰি আহিছে৷ কিন্তু ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ দূৰ হোৱা নাই৷
শিক্ষামন্ত্ৰীৰ হাজাৰ হাজাৰ টেট শিক্ষকৰ নিযুক্তিৰ পাছতো এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো শিক্ষানুষ্ঠান চলি আছে এজন শিক্ষকৰ পাঠদান৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কাকপথাৰৰ সৰুমেচাইৰ ২নং ললিত মৰাণ প্ৰাথমিক বিদ্যালয়ত মাত্ৰ এগৰাকী শিক্ষকে পাঠদান কৰিব লগা হৈছে৷
বৰ্তমান বিদ্যালয় খনৰ ৬৫গৰাকী ছাত্ৰ-ছাত্ৰীক মাত্র এজন শিক্ষকে পাঠদান কৰিব লগাত পৰিছে। উল্লেখ যে, প্ৰথম মানৰ পৰা পঞ্চম মানলৈ মুঠ পাঁচটা শ্ৰেণীত এজনীয়া শিক্ষকে পাঠদান কৰাৰ উপৰি মধ্যাহ্ন ভোজন, কাৰ্যালয়লৈ তাঁতবাতি কৰা আদি সমস্যাবোৰো শিক্ষকগৰাকীয়ে অকলেই কৰিবলগীয়া হয়।
ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত বৰ্ণাঢ্য সভা অনুষ্ঠিত কৰি টেট শিক্ষক-শিক্ষয়িত্ৰীসকলক নিযুক্তি পত্র প্ৰদান কৰাৰ পাছত ২নং ললিত মৰাণ প্ৰাথমিক বিদ্যালয়ত শিক্ষক আহিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছিল৷ কিন্তু অৱশেষত ৰাইজৰ আশাত চৰকাৰ খনে চেঁচা পানী পৰিল৷
অভিভাৱক, ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত শিক্ষক নিযুক্তিৰ দাবী জনাই আহিছে গুৰুত্ব প্ৰদান কৰা নাই৷ যাৰ ফলত সোমবাৰে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা খণ্ড কাৰ্যালয়ত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ কাৰ্যালয়ত তলা ওলোমাই কাকপথাৰৰ সৰুমেচাইৰ ২নং ললিত মৰাণ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে৷
শিক্ষা বিভাগৰ নিময় অনুসৰি বিশ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক থাকিব লাগে যদিও সেয়া বিদ্যালয়খনত দেখিবলৈ পোৱা নাযায়৷ জিলা প্ৰশাসনক পত্ৰ প্ৰেৰণ কৰি শিক্ষক নিযুক্তি দিয়াৰ দাবী জনাই আহিছে যদিও গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ কেইবাটাও সংগঠনে বিদ্যালয়খনত শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক দাবী জনায়৷ এমাহৰ ভিতৰত বিদ্যালয়খনত শিক্ষক নিযুক্তি নিদিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ভাবুক দিয়ে৷