ওদালগুৰিত যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখৰ ফাৰ্মাচীতে পাই ম্যাদ উকলা ঔষধ

ওদালগুৰিঃ আপুনি যদি ওদালগুৰি জিলাৰ ৰোগী তেন্তে ঔষধ কিনোতে সাৱধান৷ আপোনাৰ চহৰ ওদালগুৰি ম্যাদ উকলা ঔষধ বিক্ৰী কৰিব পাৰে আপোনাক৷ ম্যাদ উকলা ঔষধ বিক্ৰী কৰিলে ধৰোতা কোনো নাই বাবেই বিক্ৰী কৰি আহিছে তেনে ঔষধ৷

আমাৰ ৰাজ্যত অসম্ভৱ একো নাই৷ এতিয়া সকলোৱে সম্ভৱ৷ কেতিয়াবা যদি শিশুৰ ম্যাদ উকলা ঔষধ বিক্ৰী আন কেতিয়াবা আকৌ প্ৰসূতিৰ বাবে ম্যাদ উকলা পুষ্টিকৰ খাদ্য বিতৰণ কৰাৰ অভিযোগ উত্থাপন হয় আমাৰ ৰাজ্যত৷ শেহতীয়াকৈ ওদালগুৰিত স্বাস্থ্য বিভাগৰ নগ্নতাৰ এটা দিশ পোহৰলৈ আহিছে। এইবাৰ স্বাস্থ্য বিভাগৰ কৃপাত ফাৰ্মাচীত উদ্ধাৰ হ'ল ম্যাদ উকলা ঔষধ।

এগৰাকী ৰোগীৰ আত্মীয়ই ওদালগুৰি চহৰৰ মাজমজিয়াৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখৰ এখন ব্যক্তিগত ফাৰ্মাচীত ঔষধ ক্ৰয় কৰাৰ সময়তে পোহৰলৈ আহিল এই ভয়ংকৰ ঘটনা। কেৱল ব্যক্তিগত ফাৰ্মাচীতেই নহয়, কিছুমাহ পূৰ্বে ওদালগুৰি স্বাস্থ্য বিভাগে ম্যাদ উকলা পুষ্টিকৰ খাদ্য গৰ্ভৱতী মহিলাক প্ৰদান কৰা ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছিল৷ জিলা স্বাস্থ্য বিভাগৰ ভিতৰচৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

কেৱল এয়াই নহয় ওদালগুৰি চহৰৰ সমীপৰ এখন চৰকাৰী চিকিৎসালয়ে প্ৰদান কৰা ঔষধৰ কাচৰ বটলৰ ভিতৰত কাঁচৰ টুকুৰা উদ্ধাৰ হোৱা ঘটনাইও চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ইয়াৰ পাছত বুধবাৰে ওদালগুৰি চহৰৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখতে ফাৰ্মাচী এখনত এনে ম্যাদ উকলা ঔষধ উদ্ধাৰ হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতেই জিলা স্বাস্থ্য বিভাগৰ নগ্ন ৰূপ পুনৰবাৰ ওলাই পৰিল। সমানে জিলা স্বাস্থ্য বিভাগটোৰ প্ৰতি ছ'চিয়েল মিডিয়াতো ব্যাপক চৰ্চাৰ সৃষ্টি হোৱা দেখা গৈছে।

অভিযোগ পোৱাৰ পাছতেই একাংশ ৰাইজে অভিযোগ কৰি কয় যে, কমিচনৰ অংকত একাংশ চিকিৎসকৰ মইমতালিত এনেধৰণৰ কাৰ্য সংঘটিত হৈ আহিছে। কেৱল ম্যাদ উকলা ঔষধেই নহয়, চহৰখনৰ একাধিক ফাৰ্মাচী অনুজ্ঞাপত্ৰবিহীন তথা ভুৱা অনুজ্ঞাপত্ৰৰে চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

একমাত্ৰ জিলা স্বাস্থ্য বিভাগৰ একাংশ বৰমুৰীয়াৰ পকেট মোটা অংকৰ ধন সোমাই থকাৰ ফলতেই এনে অবৈধ কাৰ্য ওদালগুৰি চহৰত সুলভ বুলিও বহুজনে মত ব্যক্ত কৰে। জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত সংঘটিত এনে চাঞ্চল্যকৰ ঘটনাৰ উচিত উচ্চস্তৰীয় তদন্ত কৰিলে হয়টো পোহৰলৈ আহিব আৰু অধিক ভয়ংকৰ তথ্য। এইক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপৰ দাবী জনাই ভুক্তভোগী ৰোগীৰ পৰিয়ালসমূহৰ লগতে সচেতন মহলে৷