ফেচিষ্ট আদৰ্শৰ লোকে লেনিনৰ প্ৰতিমূৰ্তি বগৰাই অট্টহাস্য কৰিলেই লেনিনৰ আদৰ্শ মৰহি নাযায়

ৰঙিয়াঃ ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিজেপিৰ সমৰ্থকে লেনিনৰ মূৰ্তি এক্সকেভেটৰেৰে বগৰাই ভাঙি পেলাই৷ সোমবাৰে আগৰতলাৰ বেলনিয়া কলেজ চৌহদত থকা লেনিনৰ মূৰ্তি বিজেপিৰ সমৰ্থকে ভাঙি পেলায়৷ জানিব পৰা মতে, বিজেপিৰ সমৰ্থকে এক্সকেভেটৰেৰে লেনিনৰ মূৰ্তিটো ভাঙি পেলোৱাৰ লগতে বহু ঠাইত চিপিআইএমৰ নেতা-কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বিভিন্ন দল-সংগঠনে এই ঘটনাক গৰিহণা দিয়াৰ লগতে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ ইয়াৰ লগে লগে প্ৰতিবাদো সাব্যস্ত কৰে বামপন্থী দলে৷ 

ৰঙিয়াতো চি পি আইএমেে সমদল উলিয়াই পথসভা অনুষ্ঠিত কৰে৷ বুধবাৰে ৰঙিয়া আঞ্চলিক সমিতিৰ সভাপতি বীৰেন্দ্ৰ শৰ্মাৰ নেতৃত্বত মুখ্য কাৰ্যালয়ৰ পৰা হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ বিজেপি হুচিয়াৰ, বিজেপিৰ একনায়কত্ববাদ নচলিব, কমিউনিজিম জিন্দাবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, লেনিনৰ প্ৰতিমূৰ্তি ধ্বংসকাৰীসকলক শীঘ্ৰে কৰায়ত্ত কৰক আদি ধ্বনি দি চহৰখনৰ মাজেৰে সমদল কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ 

পিছত চহৰখনৰ ১ নং পুলিচ পইন্ট আৰু হাইৱে চকত পথসভা অনুষ্ঠিত কৰি বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে চিপিআইএমৰ নেতা-কৰ্মীসকল৷ সভাত বিজেপিক এক ফেচিষ্ট দল বুলি অভিহিত কৰি দলটোৰ কামৰূপ জিলাৰ সম্পাদক মণ্ডলীৰ সদস্য বিবেকানন্দ অধিকাৰীয়ে কয় যে, কমিউনিজিমৰ অন্যতম জনক লেনিনৰ প্ৰতিমূৰ্তি বুলডজাৰেৰে বগৰাই দি তেওঁৰ আদৰ্শক হত্যা কৰিব নোৱাৰি৷ 

প্ৰতিমূৰ্তি ধ্বংস কৰিলেও আদৰ্শৰ কাহানিও মৃত্যু নহয়৷ লেনিনৰ বাণী পৃথিৱীৰ শ্ৰমজীৱি, কৃষিজীৱি মানুহৰ হিয়াই হিয়াই চিৰজাগ্ৰত হৈ আছে আৰু ভৱিষ্যতলৈয়ো থাকিব৷ বিশ্বত যি পৰ্যন্ত দৰিদ্ৰ শ্ৰমজীৱি মানুহৰ ডিঙিত শোষণৰ শিকলিডাল ওলমি থাকিব সেই পৰ্যন্ত লেলিন জীয়াই থাকিব৷

কেইজনমান ফেচিষ্ট আদৰ্শৰ লোকে লেনিনৰ প্ৰতিমূৰ্তি বগৰাই অট্টহাস্য কৰিলেই লেনিনৰ আদৰ্শ মৰহি নাযায়৷ বিজেপিয়ে ত্ৰিপুৰাৰ নিৰ্বাচনত জয়লাভ কৰি উঠিয়েই লেনিনৰ প্ৰতিমূৰ্তি ভাঙি তেওঁলোকৰ শাসনৰ নমুনা দাঙি ধৰিছে বুলি মন্তব্য কৰে অধিকাৰীয়ে৷  আচলতে বিজেপিয়ে লেনিনৰ আদৰ্শক লৈ ত্ৰিপুৰাত আতংকিত হৈছে৷ কাৰণ বিজেপিৰ আদৰ্শই হৈছে মানুহক জাতি, ধৰ্ম, বৰ্ণৰ ভিত্তিত ভাগ ভাগ কৰি শাসনৰ বাঘজৰী হস্তগত কৰা৷ 

ত্ৰিপুৰাৰ নিৰ্বাচনত যিহেতু ৪৪ শতাংশ মানুহে চি পি আই(এম)ৰ পক্ষত ভোট দিছে গতিকে ৰাজ্যখনত যে এক গৰিষ্ঠ সংখ্যক লোকে এতিয়াও সাম্যবাদত বিশ্বাস কৰে সেই কথা বিজেপিয়ে ভালদৰে বুজি পাইছে৷ বিজেপিয়ে ইয়াকো বুজি পাইছে যে এই ৪৪ শতাংশ লোক তেওঁলোকৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান ৷ গতিকে এইসকল মানুহক নিজৰ নীতি আদৰ্শৰ মাধ্যমেৰে নহয় ভয় ভাবুকিৰে তেওঁলোকক কাবু কৰি নিজৰ ফলীয়া কৰাৰ বৃথা চেষ্টাত লিপ্ত হৈছে বিজেপি৷ 

পিছে হাজাৰ চেষ্টা কৰিলেও ত্ৰিপুৰাৰ মাটিৰ পৰা সাম্যবাদৰ সুঘ্ৰান কোনো শক্তিয়ে নোহোৱা কৰি পেলাব নোবাৰে বুলি কয় নেতাগৰাকীয়ে৷ সভাত চি পি আই(এম)ৰ ৰাজ্যিক সদস্য বাসুৰাম কলিতাই ভাষণ দি কয় যে, বিজেপিৰ কৰ্মী সমৰ্থকসকলে লেনিনৰ প্ৰতিমূৰ্তি ভঙাটোত কোনো আচৰিত হ’বলগীয়া নাই৷ কাৰণ একে মতাদৰ্শৰ নাথুৰাম গডছেই জাতিৰ পিতা মহাত্মা গান্ধীক প্ৰাৰ্থনা সভালৈ গৈ থাকোতে গুলীয়াই হত্যা কৰিছিল৷ 

যিসকল লোকে দাসত্বৰ শিকলিৰ পৰা মুক্তি দিয়া মহাত্মা গান্ধীকে ৰেহাই নিদিলে সেইসকলে লেনিনক কি যুক্তিত ৰেহাই দিব? বিজেপিয়ে সমগ্ৰ দেশতে এক ভয় শংকাৰ পৰিৱেশ ৰচনা কৰি অতি সন্তৰ্পণে বনিক গোষ্ঠীৰ স্বাৰ্থৰ অনুকুলে কাম কৰিব লাগিছে বুলি অভিযোগ কৰি নেতাগৰাকীয়ে৷ 

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখন এতিয়া দেশৰ পুঁজিবাদী বনিক গোষ্ঠীসমূহৰ হাতৰ পুতলা৷ এই বনিক গোষ্ঠীৰ লাভ লোকচানৰ অংকতে এতিয়া প্ৰস্তুত হয় দেশৰ আঁচনি৷ চৰকাৰী খণ্ডৰ উদ্যোগ, কল কাৰখানা আৰু প্ৰতিষ্ঠানসমূহ এটাৰ পিছত এটাকৈ ব্যক্তিগতকৰণ কৰি নৰেন্দ্ৰ মোডীয়ে সাধাৰণ জনতাৰ বাবে দুৰ্দিন নমাই আনিছে৷

নিত্য ব্যৱহাৰ্য বয়বস্তুসমূহৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশৰ জনতাক জুৰুলা কৰি পেলাইছে৷ পেট্ৰ’ল, ডিজেলৰ অবিৰত মূল্যবৃদ্ধিৰ ফলত পৰিস্থিতিয়ে অধিক আটিল ৰূপ ধাৰণ কৰিছে৷ ইমানৰ পিছতো কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে টিঙৰ পৰা নমা নাই৷ বিপুল পৰিমানৰ অৰ্থ ব্যয় কৰি তেওঁ এখনৰ পিছত আনখন দেশ ভ্ৰমণ কৰি গৈছে দ্বিধাহীনভাৱে৷ প্ৰধানমন্ত্ৰীগৰাকীৰ এই বিদেশ ভ্ৰমণসমূহ হৈ পৰিছে দেশৰ অৰ্থনীতিৰ বাবে বোজাস্বৰূপ৷ 

চৰকাৰী চাকৰিৰ দুৱাৰ বন্ধ কৰি মোদী চৰকাৰে দেশৰ নিবনুৱা যুৱক-যুৱতীসকলৰ ওপৰত যিদৰে ৰামটাঙোন শোধাব লাগিছে সেয়াই চৰকাৰখনৰ বেপৰোৱা মনোভাৱটো প্ৰকট কৰি তুলিছে৷ তদুপৰি দেশত এফ ডি আই ব্যৱস্থা প্ৰৱৰ্তন কৰি থলুৱা ব্যৱসায়ীসকলৰ জীৱন জীৱিকাৰ পথো ৰুদ্ধ কৰি পেলাইছে গইখন চৰকাৰে৷

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাম্ৰাজ্যবাদী শক্তিসমূহৰ সৈতে হাত মিলাই দেশৰ সাতামপুৰুষীয়া গোষ্ঠী নিৰপেক্ষ ভাৱমূৰ্তিতো চৰম আঘাট হানিছে বুলি অভিযোগ কৰে কলিতাই৷ সভাত যুৱনেতা অমৰজ্যোতি শৰ্মাই ভাষণ দি কয় যে,, ত্ৰিপুৰাৰ দৰে সৰু ৰাজ্য এখনৰ নিৰ্বাচন জিকি বিজেপিয়ে সম্প্ৰতি যি স্বৈৰতন্ত্ৰ আৰম্ভ কৰিছে সেয়াই অনাগত দিনত যে ৰাজ্যখন এক অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজেৰে আগবাঢ়িব লাগিব তাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে৷