ওদালগুৰিত জলসিঞ্চন বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ ঘৰত আয়কৰ বিভাগৰ অভিযান

ওদালগুৰিঃ বুধবাৰে ওদালগুৰিত আয়কৰ বিভাগে এগৰাকী জলসিঞ্চন বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ ঘৰত অতৰ্কিতে অভিযান চলায়। ওদালগুৰিৰ বিশিষ্ট ব্যৱসায় তথা জলসিঞ্চন বিভাগৰ বহু কোটি টকীয়া আচনিৰ কাম কৰি থকা অশোক বাজাজৰ ওদালগুৰিস্থিত বাসগৃহত অভিযান চলাই আয়কৰ বিভাগে।

দিনৰ ১১ বজাৰ পৰা বাতৰি লিখা পৰলৈ চলি থকা এই অভিযানত কি নথি উদ্ধাৰ হৈছে সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই। উল্লেখ্য যে, অভিযানকালত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কৰ্তব্যৰত আৰক্ষীয়ে আয়কৰ বিভাগে অভিযান চলোৱা বুলি স্পষ্ট কৰে।

কিন্তু কি কাৰণত এনে অতৰ্কিতে অভিযান চলোৱা হৈছে সেয়া কোনো পক্ষই স্পষ্ট কৰা নাই যদিও অভিযানত ব্যৱহৃত AS01BL0464 নম্বৰ বাহনখনত ভাৰত চৰকাৰ বুলি লিখা থকাত কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগে অভিযান চলোৱা বুলি সন্দেহ কৰা হৈছে। এগৰাকী কেবিনেট মন্ত্ৰীৰ অতি ঘনিষ্ঠ ঠিকাদাৰৰ ঘৰত কিয় এনে অভিযান চলাইছে তাকে লৈ ওদালগুৰিত ব্যাপক চৰ্চাৰ আৰম্ভ হৈছে। আয় বহিৰ্ভূক্ত ধনৰ বাবেই নে অন্য কাৰণত এয়া অভিযান চলিছে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব।