
মোৰাঝাৰঃ ৰাজ্যৰ একাংশ বিদ্যালয়ৰ ভিতৰচৰাত ৰাজনীতিয়ে গ্ৰাস কৰি পেলাইছে৷ পৰিচালনা সমিতিৰ সভাপতি, সদস্য হোৱাৰ ৰাজনীতি আৰম্ভ হৈছে ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানত৷ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈকে সকলোতে কম বেছি পৰিমানে ৰাজনীতি চলি আহিছে৷ ঠাই বিশেষে প্ৰভাৱ থকা ৰাজনৈতিক দলসমূহে বিদ্যালয় সমূহ নিজৰ দখলত ৰাখিব বিচাৰে৷
ফলত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ব্যাহত হয়৷ কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ ক্ষতি হয়৷ কিয় প্ৰয়োজন হয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ পদ৷ টকা ঘটিব পাৰি নেকি সভাপতিৰ পদৰ জৰিয়তে৷ সমাজ খনত নিজৰ প্ৰভাৱ খটুৱাবলৈ সভাপতি হ’ব বিচাৰে নেকি একাংশ লোকে৷ কিমান লোভনীয় এখন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পদ? এনেবোৰ পশ্ন উত্থাপন হৈ আহিছে ৰাজ্যজুৰি৷ ৰাজ্যত এতিয়া ইমূৰৰ পৰা সিমূৰলৈ বহু বিদ্যালয়ত একাংশ লোকে সভাপতি পদত অধিষ্ঠিত হোৱাৰ বাবে ৰাজনীতি কৰি অহাৰ সময়তে ৰাজ্যৰ এখন বিদ্যালয়ত এগৰাকী লোকে জালিয়তিৰ আশ্ৰয় লৈ সভাপতি হ’ব বিচৰাৰ তথ্য পোহৰলৈ আহিছে৷
নিজ কন্যাক ঢাল হিচাপে ব্যৱহাৰ কৰি সভাপকি হ’বৰ চেষ্টা কৰে। হোজাই জিলাৰ লংকা শিক্ষা খণ্ডৰ অন্তৰ্গত বৰবালি বালিকা প্ৰাথমিক বিদ্যালয়ত শেহতীয়াকৈ সংঘটিত হোৱা নাভুত-নাশ্ৰুত কাণ্ডই স্থানীয় সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আব্দুল হাচিব চৌধুৰী নামৰ লোকগৰাকীয়ে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি হ’বৰ যিকোনো পৰ্যায়লৈ যাবলৈ সাজু হয়৷ তেওঁৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত কণমানি কন্যা সভাপতি হ’বলৈ ঢাল হিচাপে ব্যৱহাৰ কৰে।
জানিব পৰা মতে, আব্দুল হাচিব চৌধুৰীৰ কন্যাই স্থানীয় ব্যক্তিগত খণ্ডৰ বিদ্যালয় দেৱস্থান জ্ঞানোদয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়ন কৰে। কিন্তু চৌধুৰীয়ে বৰবালি বালিকা প্ৰাথমিক বিদ্যালয়ত পৰিচালনা সমিতিৰ সভাপতি হোৱাৰ লোভত জালিয়তিৰ আশ্ৰয় লৈ কন্যাক বৰবালি বালিকা প্ৰাথমিক বিদ্যালয়তো পঞ্চম শ্ৰেণীত নাম লগাই থয়। উল্লেখ্য যে, বিভাগীয় সকলো নীতি নিয়মক ভৰিৰে মোহাৰি আব্দুল হাচিব চৌধুৰীয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মইনুল হকৰ সৈতে গোপন বুজাবুজিৰে সভাপতি পদত অধিষ্ঠিত হোৱাত সমগ্র অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
প্ৰশ্ন হয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ আসন হঠাৎ ইমান লোভনীয় হ’ল কিয়? কি স্বাৰ্থত এনেদৰে জালিয়াতিৰে সভাপতি পদত অধিষ্ঠিত হৈছে এই গৰাকী ব্যক্তি? চৰকাৰে বিভিন্ন আচনিৰ জৰিয়তে বিদ্যালয় সমূহক দি অহা আন্তঃগাঁথনিৰ ধনৰ লোভতেই সভাপতি হ’ব বিচাৰে বুলি অভিযোগ উত্থাপন কৰে৷ বিদ্যালয়খনত বিগত বহু দিনৰ পৰাই মধ্যাহ্ন ভোজনৰ নামত চলি থকা দুৰ্নীতিৰ তথ্যও পোহৰলৈ আহিছে বুলি কয় ৰাইজে। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়াকৈ মধ্যাহ্ন ভোজনৰ খাদ্য যোগান নধৰি কেৱল কাগজে পত্ৰই দেখুৱাই লুণ্ঠন অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰধান শিক্ষক মইনুল হকৰ বিৰুদ্ধে৷