
কোকৰাঝাৰঃ বিটিচিৰ ভূমি নীতি আৰু সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা সন্দৰ্ভত বিটিচিয়ে খছৰা প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতেই উদ্ভৱ হোৱা অগ্নিগৰ্ভ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। বিশেষকৈ বৃহস্পতিবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ত সদৌ অসম নেপালী সাহিত্য সভা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ গোৰ্খা সন্মিলনী আৰু বিটিচি গোৰ্খা ছাত্ৰ সন্থাৰ সতে এক বৈঠকত মিলিত হৈ বিটিচি কেবিনেট পৰিষদৰ সভাত লোৱা খছৰা প্ৰস্তাৱ ভুল আছিল বুলি মন্তব্য প্ৰকাশ কৰাৰ পিছতেই পৰিস্থিতিয়ে স্বাভাৱিক দিশত গতি কৰিছে৷
দল-সংগঠনসমূহে হিংসাৰ সলনি শান্তি কামনা কৰিছে। পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক কৰাৰ প্ৰচেষ্টা আৰু ভুল বুজাবুজি আঁতৰ কৰাৰ স্বাৰ্থত পুনৰাই হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ত সদৌ অসম বেংগলী যুৱ-ছাত্ৰ পৰিষদ, এবিএমছু, আদিৱাসী জাতীয় মহাসভা আৰু আছাৰ সতে মিলিত হয়। বিভিন্ন দল-সংগঠনৰ কেন্দ্ৰীয় নেতৃবৰ্গই বিটিচিয়ে স্পষ্টীকৰণ কৰাত সন্তোষ প্ৰকাশ কৰি কোনো জাতি জনগোষ্ঠীয়ে অধিকাৰৰ পৰা বঞ্চিত হলে আন্দোলন গঢ়ি উঠাটো স্বাভাৱিক বুলি মন্তব্য কৰি আন্দোলন হিংসাত্মক হোৱাৰ বিৰোধিতা কৰে৷
ইপিনে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বৈঠকৰ অন্তত সাংবাদিকৰ আগত সংগঠনসমূহৰ সতে হোৱা আলোচনা ধনাত্মক বুলি সদৰি কৰি ভূমিৰ অধিকাৰৰ উপৰিও আন জাতীয় সমস্যাৰ ওপৰতো আলোচনা হোৱা বুলি সদৰি কৰে। ভাৰতীয় সংবিধান মতেই ভূমিৰ অধিকাৰ লাভ কৰিব বুলি সদৰি কৰি হাগ্ৰামা মহিলাৰীয়ে এইক্ষেত্ৰত ভুল বুজাবুজি আঁতৰ হোৱা বুলি মন্তব্য কৰিছে।
জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সকলো দল-সংগঠনৰে আলোচনা হ’ব যদিও অবড়ো নামৰ কোনো জাতি নাই আৰু সেয়েহে অবড়োৰ সতে আলোচনা নহয় বুলিও সাংবাদিকৰ এক প্ৰশ্নোত্তৰত স্পষ্ট কৰি দিয়ে মহিলাৰীয়ে। আনহাতে, নিশা ৮ বজাত বড়োলেণ্ড অতিথিশালাত অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ সতেও হাগ্ৰামা মহিলাৰী এক বৈঠকত মিলিত হয় আৰু কাইলৈ দিনৰ ১১ বজাত ইউনাইটেড অৰ্গানাইজেচন কঅৰ্ডিনেচন সমিতিৰ সতে এক বৈঠকত মিলিত হ’ব বুলি সদৰি কৰে হাগ্ৰামা মহিলাৰীয়ে।