
লিডুঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো অব্যাহত আছে অবৈধ কয়লা খনন কাৰ্য আৰু ক’লা হীৰাৰ ব্যৱসায়৷ অৰুণাচলৰ চাংলাঙৰ খাৰচাংত মুকলি ভাৱে একাংশ লোকে কয়লাৰ চোৰাং ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ লগতে আমাৰ ৰাজ্য খনৰ তিনিচুকীয়া দিলাৰ মাৰ্ঘেৰিটা মহকুমাত লাখ লাখ টকা অবৈধ কয়লাৰ ব্যৱসায় অব্যাহত আছে৷
চোৰাং কয়লাৰ ব্যৱসায়কলৈ বিভিন্ন মহলে দাবী উত্থাপন অহাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে প্ৰতিবাদ কৰি আহিছে যদিও একাংশ লোকে চলাই আহিছে চোৰাং বেহা। সংগঠনটোৱে এক বিবৃতি যোগে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা বুলি কথাই প্ৰতি ফুলজাৰি মৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে লিডু-মাৰ্ঘেৰিটাৰ বিভিন্ন ঠাইত অব্যাহত থকা চোৰাং কয়লাৰ বেহাৰ কথা অৱগত নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰি আহিছে৷
তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত পাটকাই পাহাৰৰ লালমাটি শিলটপ নামৰ ঠাইত এগৰাকী মহিলাই চোৰাং কয়লা সৰবৰাহ কৰিবলৈ গৈ মৃত্যুক আঁকোৱালি লয়৷ জানিব পৰা মতে, মহিলা গৰাকীয়ে বুধবাৰে দিনৰ ভাগত পাটকাই পাহাৰৰ শিলটপ নামৰ ঠাইত গাড়ী পৰা পৰি যোৱা চোৰাং কয়লা সংগ্ৰহ কৰিবলৈ যাওঁতে বাগৰি অহা শিলৰ খুন্দাত চোৰাং কয়লা সংগ্ৰহ কৰিবলৈ যোৱা মহিলা গৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে থিতাতে মৃত্যু হয়৷
দুৰ্ঘটনাত পতিত হোৱা মহিলা গৰাকী লিডুৰ এক নং মোলং পাহাৰৰ নিবাসী চাহে বংতাই (৫০)বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে লিডু আৰু মাৰ্ঘেৰিটাত দীৰ্ঘ দিন ধৰি চলি অহা চোৰাং কয়লাৰ মুক্ত বেহাৰ বিৰুদ্ধে কৃষকনেতা অখিল গগৈয়ে সংবাদমেল যোগে বিস্ফোৰক তথ্য ফাদিল কৰাৰ পাছত অঞ্চলটিত কয়লাৰ চোৰাং বজাৰখন আংক্ষিক ভাৱে বন্ধ হৈ পৰিছিল৷
তদুপৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি মাৰ্ঘেৰিটা লিডু আদি অঞ্চলটোত চোৰাং কয়লাৰ বিৰুদ্ধে চি আই ডি তদন্তৰ ঘোষণা কৰিছিল যদিও পৰিতাপৰ বিষয় চি আই ডিৰ তদন্ত চলি থকাৰ সত্বেও লিডুৰ একাংশ লোকে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ অতি ঘনিষ্ঠ বুলি নিজকে দম্ভালি মাৰি ফুৰা এচাম চোৰাং কয়লা মাফিয়াই মুখ্যমন্ত্ৰী গৰাকীৰ এনে ঘোষণাক অংগুষ্ট প্ৰদৰ্শন কৰি ভিতৰুৱাকৈ অব্যাহত ৰাখিছে কয়লাৰ অবৈধ বেহা৷
প্ৰশ্ন হয়, মুখ্য মন্ত্ৰীৰ নিৰ্দেশ আৰু চি আই ডিৰ তদন্ত চলি থকাৰ মাজতো চোৰাং কয়লাৰ বেপাৰী সকলে কাৰ সাহসত পাটকাই পৰ্বতমালাৰ প্ৰাকৃতিক ভাৰসাম্য ধ্বংস কৰি এই ক’লা বজাৰখন চলাই গৈছে? আনফালে ৰাজহ ফাঁকিৰে ক’লাধনৰ পাহাৰ গঢ়া একাংশ কয়লা মাফিয়াই সমগ্ৰ ঘটনাটিক গাপ দিবৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷