
ঢেকীয়াজুলিঃ অসম আন্দোলনৰ হোতা, একালৰ ছাত্ৰ সন্থাৰ নেতা, অগপৰ নেতা, ৰাজহুৱা কৰ্মী চুলতান হুছেইনৰ মৃত্যুত শোকৰ ছাঁ পৰে শোণিতপুৰত৷ দিল্লীস্থিত এপ’ল হস্পাতালত চিকিৎসাধীন অৱস্থাত চুলতান হুছেইনে ৭মাৰ্চৰ বিয়লি মৃত্যুক আকোৱালি লয়৷ ৫৬বছৰ বয়সত ইহসংসাৰ ত্যাগ কৰা জাতীয়তাবাদী শিবিৰৰ নেতা চুলতান হুছেইনে মৃত্যুৰ সময়ত পত্নী বিজু শইকীয়াৰ লগতে দুগৰাকী পুত্ৰ-কন্যাক এৰি থৈ যায়৷
মিছামাৰীৰ পাতিদৈভেৰেলাৰ বাসিন্দা প্ৰয়াত শিক্ষক বিল্লাল হুছেইনৰ পুত্ৰ চুলতান হুছেইন ১৯৬১ চনত জন্ম গ্ৰহণ কৰিছিল৷ ছাত্ৰ অৱস্থাৰ পৰাই সামাজিক কামত জড়িত হৈ পৰি ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদকৰ দায়িত্ব লোৱাৰ লগতে অসম আন্দোলনত জপিয়াই পৰিছিল৷ আনহাতে মিছামাৰী শাখা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা কালৰ পৰাই জৰিত হৈ আছিল৷
পিছত আঞ্চলিক দল অগপত প্ৰতিষ্ঠা কালৰ পৰাই সক্ৰিয় ভাবে জড়িত হৈ পৰে৷ চুলতান হুছেইনে অগপৰ বিভিন্ন বিষয়বাব লৈ কাৰ্যনিৰ্বাহ কৰাৰ লগতে মৃত্যুৰ সময়লৈকে অগপৰ ঢেকিয়াজুলি সমষ্টি সমিতিৰ সভাপতি আৰু শোণিতপুৰ জিলা অগপৰ উপ-সভাপতিৰ দায়িত্ব পালন কৰি আহিছিল৷ জাতীয়তাবাদী শিবিৰৰ নেতা চুলতান হুছেইনৰ আকস্মিক বিয়োগৰ বাতৰি পোৱাৰ লগে লগে জন্মস্থান মিছামাৰী অঞ্চলৰ লগতে সমগ্ৰ জিলা খনতে শোকৰ ছাঁ পৰে৷
বৃহস্পতিবাৰে নেতাগৰাকীৰ মৃতদেহ দিল্লীৰ পৰা এয়াৰ এম্বুলেন্সেৰে মিছামাৰিস্থিত বাসগৃহ আহি পোৱাৰ পিছতেই শুকুৰবাৰে শেষ শ্ৰদ্ধা জনাবৰ বাবে শ-শ গুণমুগ্ধই ভিৰ কৰে৷ আছু, অগপ, আমছু, তেজপুৰ জিলা হাই স্কুল শিক্ষক সন্থা, আছা, আটছা, এবছু, আগছু, মুছা, বিজেপি, কংগ্ৰেছ, মিছামাৰী শাখা কৰ্মচাৰী পৰিষদ, মিছামাৰী প্ৰাথমিক শিক্ষক সন্থা, মিছামাৰী সাহিত্য সভা, ৰুপকোঁৱৰ শাখা সাহিত্য সভা, মিছামাৰী প্ৰাথমিক বড়ো সাহিত্য সভা ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷
নেতাগৰাকীৰ নশ্বৰ দেহ লৈ মিছামাৰীত ৰাইজে অন্তিম যাত্ৰা উলিয়াই বিহগুৰিৰ পিঠাখোৱাস্থিত কৱৰস্থানত জানাজা সম্পন্ন কৰে৷ আনহাতে পুৱা ৬ বজাৰ পৰা দুপৰীয়া এক বজালৈ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ঢেকীয়াজুলি চহৰকে আদি কৰি বিভিন্ন ব্যৱসায়ীক এলেকা সমূহ বন্ধ ঘোষণা কৰে৷