গৰু-ছাগলীয়ে পঢ়ে ITIত, গৰৈমাৰিত চূণ-তেল সনা ভৱনত চলে মদৰ আড্ডা

গৰৈমাৰীঃ তৰুণ গগৈৰ কাৰ্যকালত ৰাজ্যত কাঠফুলাৰ দৰে স্থাপন কৰিছিল শিক্ষানুষ্ঠান-চিকিৎসালয়৷ সেইবোৰত এতিয়া গৰু-ছাগলী থকা ঘৰ আৰু মদপীৰ আড্ডাস্থল হৈ পৰিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চমক সৃষ্টিৰ বাবে এনে অনুষ্ঠান স্থাপন কৰি এতিয়া গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ তদানীন্তন শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰীগৰাকীয়েই বৰ্তমান দুয়োটা বিভাগৰ মন্ত্ৰী হৈ আছে৷ 

কিন্তু তৰুণ গগৈৰ কাৰ্যকালত স্খাপন কৰা অনুষ্ঠান সমূহক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ দ্বিতীয় আৰু তৃতীয় কাৰ্যকালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎয়ালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান স্থাপন কৰিছিল৷ সেই চিকিৎসালয়-শিক্ষানুষ্ঠানসমূহ চূণ-তেল সানি ভৱন সমূহ সম্পূৰ্ণ কৰি থোৱা আছে যদিও বৰ্তমান এৰাবাৰীত পৰিণত হোৱা দেখা গৈছে৷

কংগ্ৰেছ চৰকাৰৰ দিনতেই হওক বা বিভিন্ন কাৰণতেই হওক বৰ্তমানৰ চৰকাৰে এই চিকিৎসালয় তথা শিক্ষানুষ্ঠান সমূহক কোনো গুৰুত্ব প্ৰদান কৰা নাই৷ তেনে এখন শিক্ষানুষ্ঠান হৈছে গৰৈমাৰী স্থিত আইটিআই শিক্ষা প্ৰতিষ্ঠান৷

নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দুবছৰৰ পিছতো দক্ষিণ কামৰূপৰ ছয়গাও সমষ্টিৰ বৃহত্তৰ গৰৈমাৰীত ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰি দিয়া নহ’ল ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান৷ৰাজ্য চৰকাৰে শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক ঔদ্যোগিক প্ৰশিক্ষণৰ জৰিয়তে সংস্থাপনৰ ব্যৱস্থা কৰাৰ যি পৰিকল্পনা হাতত লৈছে সেইয়া যেন অসাৰ প্ৰতিপন্ন হৈছে ।

সম্প্ৰতি তেনে এক উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বিগত দুটা বছৰ ধৰি কাম সম্পূৰ্ণ হোৱাৰ পিছতো মুকলি নকৰাৰ ঘটনা এটি শেহতীয়াকৈ পোহৰলৈ আহিছে দক্ষিণ কামৰূপৰ ছয়গাও সমষ্টিৰ বৃহত্তৰ গৰৈমাৰীত। 

উল্লেখ্য যে, ২০১৪ চনত বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত আৰু ছয়গাও সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন শিক্ষা বিভাগৰ সংসদীয় সচিব ৰেকিবুদ্দিন আহমেদে গৰৈমাৰীত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আধাৰ শিলাৰ শুভ উদ্যোধন কৰিছিল।

উল্লেখ্য যে, উক্ত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো নিৰ্মাণ কৰাৰ বাবে উপযুক্ত ঠাই বিচাৰি নোপোৱাত অৱশেষত গৰৈমাৰীৰ একমাত্ৰ পুৰণি শিক্ষানুষ্ঠান মাজোৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ খনত নিৰ্মাণ কৰে। এই আই টি আই প্ৰতিষ্ঠানটো বিদ্যালয়ৰ খেল পথাৰত নিৰ্মাণ কৰাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে খেল ধেমালিৰ পৰা বঞ্চিত হবলগীয়া হৈছে।

জানিব পৰা মতে এম এচ ডি পি আঁচনিৰ অধীনত গৰৈমাৰী উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো প্ৰায় তিনি কোটি টকা খৰচ কৰি দুই বছৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে যদিও বৰ্তমানলৈকে চৰকাৰ তথা ঊৰ্ধতম বিভাগীয় কৰ্তৃপক্ষই মুকলি কৰি কোনো এজন বিষয়া কৰ্মচাৰী দিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে সচেতন লোকে।

লক্ষণীয়ভাৱে এই সংখ্যালঘু অধ্যুষিত অঞ্চল গৰৈমাৰীত এনে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান হোৱাত অঞ্চলটোৰ শিক্ষিত যুৱক যুৱতী সকলে ইয়াৰ পৰা প্ৰশিক্ষণ লৈ নিজৰ নিজৰ ভবিষ্যত জীৱনৰ সংস্থাপন হ’ব বুলি বহু আশা কৰিছিল যদিও সেই আশা যেন সপোন হৈয়ে ৰ’ব।

অতিশীঘ্ৰে গৰৈমাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো মুকলি কৰি কাৰ্যক্ষম কৰি তুলিবলৈ অঞ্চল বাসী ৰাইজৰ লগতে যুৱক যুৱতী সকলে চৰকাৰ তথা ঊৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ।