
জাগুনঃ জিলা খনৰ সেউজীয়া পাহাৰবোৰ ক্ৰমান্বয়ে ধ্বংস হ’ব ধৰিছে৷ কিছুবছৰ আগলৈকে মূল্যৱান গছেৰে ভৰি থকা পাহাৰ কেইখন যেন ক্ৰমান্বয়ে ধ্বংস হ’ব ধৰিছে৷ বিভিন্ন মূল্যবান গছেৰে ভৰি থকা পাহাৰৰ সৌন্দৰ্যই আকৰ্ষিত কৰিছিল মানুহক৷ প্ৰকৃতিক ভালপোৱা মানুহে পাহাৰক লৈ গৌৰৱ কৰিছিল৷
তিনিচুকীয়া জিলাৰ কথাকে কৈছো৷ জিলাখন সেউজীয়া জিলা ৰূপে বিখ্যাত আছিল৷ বনজ সম্পদেৰে ভৰি আছিল৷ অসম-অৰুণাচল সীমান্তৰ জিলাখন প্ৰকৃতিৰ ভড়াল সদৃশ৷ টিৰাপ, টিপং, লিডু আদি বনাঞ্চলত গছ-গছনিৰে ভৰি আছিল৷ কিন্তু বনাঞ্চল ক্ৰমান্বয়ে ধ্বংস হ’ব ধৰিছে৷
#বন মন্ত্ৰী প্ৰমিলা ৰাণীয়ে জিলা খন ভ্ৰমণ কৰি কি কৈছিল?
#বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই জাগুন অঞ্চল ভ্ৰমণ কৰি পাহাৰ সমূহৰ গছ-গছনি ৰক্ষা কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছিল৷ বিশেষকৈ জাগুন অঞ্চলৰ পাহাৰ, গছ-গছনি ৰক্ষা কৰাৰ বাবে স্থানীয় জনগোষ্ঠীয় লোকক দায়িত্ব প্ৰদান কৰিছিল মৌখিক ভাৱে৷
কিন্তু জনগোষ্ঠীয় লোকসকলে পাহাৰ ৰক্ষা কৰাটো দূৰৰ কথা এফালৰ পৰা ধ্বংস কৰাৰ হে অভিযোগ উত্থাপন হৈছে৷ উদক ভেটি ৰখীয়া কৰাৰ দৰে হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷ বন বিভাগে অভিযান চলাই বহু পৰিয়ালৰ পৰা সময়ে সময়ে কাঠ উদ্ধাৰ কৰি আহিছে৷ প্ৰতিঘৰ পৰিয়ালত মূল্যৱান কাঠ মজুত কৰি থোৱাৰ অভিযোগ উত্থাপন হয়৷ এই ক্ষেত্ৰত বন বিভাগৰ দুৰ্বল স্থিতি সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে৷
#জাগুনত কোনে কৰিছে বন ধ্বংস?
#জিলা খনৰ বিশেষকৈ জাগুনত বৃদ্ধি পাইছে পাই আহিছে বন ধ্বংস যজ্ঞ। যোৱা ০৯ মাৰ্চত জাগুনৰ জাগৰিবস্তি অঞ্চলত বন বিভাগে অভিযান চলাই। অভিযান কালত বন বিভাগে প্ৰতিঘৰ লোকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ কাঠ।
কিন্তু ঢাল তৰোৱাল বিহীন নিধি ৰাম চৰ্দাৰ বন বিভাগ৷ অভিযান চলাই থকাৰ সময়তে জাগৰিবস্তি অঞ্চলৰ মহিলা ওলাই প্ৰতিবাদ সাব্যস্ত কৰে। কাঠভৰ্তি গাড়ী আৰু বন বিভাগৰ লোকক লক্ষ্য কৰি শিলাবৰ্ষণ কৰে৷
মহিলাসকলে তেওঁলোকে নিজা কাঠ আৰু কিনি অনা বুলি দাবী কৰে। বনবিভাগৰ লোকে জব্দ কৰা কাঠ এৰি থৈ আহিবলৈ বাধ্য হয়।প্ৰতিঘৰ লোকৰ ঘৰত আছে একোটাকৈ কাঠফলা মেচিন। উল্লেখ্য যে, মাটি বেদখল কৰি বসবাস কৰা এই লোকসকলে স্বয়ং বনমন্ত্রী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ কৃপাত এতিয়া বনাঞ্চলৰ সম্ৰাট হৈ পৰিছে।
জব্দ কৰা কাঠ বনবিভাগ এৰি থৈ আহিবলগীয়া বিষয়টোৱে বনবিভাগৰ স্বৰূপটোকে উদঙাই দিছে। ঘৰে ঘৰে চোৰাং কাঠৰ মুকলি বেহা চলি থকাৰ ফলত পাহাৰ সমূহ কিমান দিনলৈ সেউজীয়া হৈ থাকিব তাক লৈ চিন্তা কৰাৰ সময় সমাগত৷
#তিনিচুকীয়াৰ পাহাৰত পুঁজিপতিৰ হাতোৰা
#ভূগৰ্ভৰ পৰা বাণিজ্যিক পৰ্যায়ত আকৰ আহৰণ কৰা কেইবাটাও কোম্পানীয়ে অসম-নাগালেণ্ড সীমান্তৰ পাহাৰৰ বুকু খুলি খাই থকাৰ অভিযোগ আজিৰ নহয়৷ গোপনে দূৰ্গম অঞ্চলত থিতাপি লৈ চৰকাৰৰ সম্পূৰ্ণ সহযোগ তথা অনুমতি লৈ কয়লা খনন কৰি অহা কোম্পানীয়ে অবাধে সেউজীয়া পাহাৰ এফালৰ পৰা ধ্বংস কৰি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
চৰকাৰে বান্ধি দিয়া নীতি নিয়ম উলংঘা কৰি তথা পৰিসৰৰ বাহিৰত ধ্বংস যজ্ঞ চলাই গৈছে সেউজীয়া পাহাৰত৷ কোম্পানীয়ে এনে ধৰণৰ ধ্বংস চলাই গৈছে সকলোকে লগত লৈ৷ দিল্লীৰ চৰকাৰ দিছপুৰৰ চৰকাৰ, দুই তিনিগৰাকী অসম-অৰুণাচলৰ বিধায়ক, অসম আৰু অৰুণাচলৰ উগ্ৰপন্থীক হাতত লৈ এই কাৰ্য সংঘটিত কৰিছে কোম্পানী সমূহে৷
পাহাৰ কাটি পথ সজাৰ পৰা আপম্ভ কৰি সেউজীয়া গছ-গছনি কাটি তহিলং কৰি খনন কাৰ্য চলাই গৈছে কোম্পানী বোৰে৷ এই কাৰ্য সম্ভৱ হৈছে কেৱল টকাৰ বলত৷ সকলো পক্ষকে টকাৰে কিনি ৰাখিছে এনে কোম্পানীয়ে৷
এএনই, ডিচিএল, মহাৰত্নৰ দৰে বৃহৎ বৃহৎ ক'ল মাইনিং কোম্পানী সমূহে দিনে নিশাই তিনিচুকীয়া জিলাৰ লিডুৰ পাটকা পাহাৰকে ধৰি পাহাৰত অবাধ গতিত ধ্বংস যজ্ঞ চলাই গৈছে পাহাৰ সমূহত৷ আৰক্ষী, অসামৰিক প্ৰশাসন, উগ্ৰপন্থী, মন্ত্ৰী-বিধায়ক সকলোকে টকাৰে মেনেজ কৰি চলাই গৈছে নিজ খেয়াল সূচীত ধ্বংস যজ্ঞ৷ মাহেকত এটা অংশ দিয়ে উগ্ৰপন্থী সমূহক৷
#গছ-গছনি কিয় প্ৰয়োজন?
#গোলকীয় উষ্ণতা ৰোধৰ বাবে পৃথিৱীত গছ-গছনি খুবেই প্ৰয়োজন হৈ পৰিছে৷ যাৰ বাবে পাহাৰ কেইখন সেউজীয়া হৈ থকাৰ বাবে তথা গছ-গছনিৰে ভৰি থকাত গৌৰৱ কৰিছিল ৰাইজে৷ পৃথিৱীখনৰ বাবে ভয়ানক প্ৰত্যাহ্বান গোলকীয় উষ্ণতা এই কথা প্ৰকৃতি প্ৰেমীসকলে ভালকৈ জানে।
পৃথিৱীৰ জলবায়ু গড় উষ্ণতা দিনক দিনে বৃদ্ধি পায় অহাত বিশ্বৰ সকলো প্ৰকৃতি প্ৰেমী চিন্তিত। ৰাষ্ট্ৰসংঘই চিন্তিত হৈ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ বাৰে বাৰে কৈ আহিছে৷ প্ৰায় ১৯৭১ চনৰ পৰাই বৰ্ধিত শক্তিৰ প্ৰায় ৯০ শতাংশ সাগৰ-মহাসাগৰত জমা হৈছে৷ মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি কাল হ’ব পাৰে বিশ্ব মানুহৰ বাবে৷ তাৰ বাবে মানুহে পৰিৱেশ সংৰক্ষণ কৰিবলৈ প্ৰচাৰ কৰি থকা হৈছে৷ পাহাৰ ধ্বংস নকৰিবলৈ গছ-গছনি ৰোপন কৰিবলৈ আহ্বান জনাই আহিছে৷
#আমাৰ দেশৰ চৰকাৰ, মন্ত্ৰী-বিধায়কে গুৰুত্ব প্ৰদান কৰেনে?
#আমাৰ দেশৰ মানুহে গোলকীয় উষ্ণতাক লৈ গুৰুত্ব প্ৰদান কৰেনে? আনহে নালাগে চৰকাৰে গুৰুত্ব প্ৰদান কৰেনে৷ ৰাজ্য খনৰ মন্ত্ৰী, বিধায়ক, আমোলা, বিষয়াই এনেবোৰ কথা ভাবি সজাগ হবলৈ চেষ্টা কৰেনে৷ যদি আপুনি ভালকৈ পৰ্যবেক্ষণ কৰে আমাৰ ৰাজ্য খনৰ মন্ত্ৰী-বিধায়কে এনেবোৰ কথাক লৈ মুঠেও গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷
বনজ সম্পদ ৰক্ষাৰ দোহাই দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা চৰকাৰে খোদ ধ্বংস কৰে বনজ সম্পদ৷ এই অভিযোগ বছৰ বছৰ ধৰি উত্থাপন হৈ আহিছে৷ অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰেও ২৫ মাহ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল৷ বনজ সম্পদৰ ৰক্ষা শ্ল’গান যেন শ্ল’গান হৈ থাকিল৷
চৰকাৰ খনৰ প্ৰায় ২২ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই৷ বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত সেউজীয়া পাহাৰ কাটি আজিও বন ধ্বংস কৰি আহিছে একাংশ লোকে৷ আনহাতে পাহাৰৰ গছ-গছনি কাটি তহিলং কৰি গৈছে একাংশ লোকে৷ তথাপিও যেন ধৰোতা কোনো নাই৷