আনে নকৰা নতুবা নভবা কামবিলাক কৰিবলৈ চেষ্টা কৰিব লাগেঃড০ অলক

ডিব্ৰুগড়ঃ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ত শনিবাৰে আনুষ্ঠানিকভাৱে কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ উদ্ধোধন কৰা হয়৷ মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অলক কুমাৰ বুঢ়াগোহাঁইয়ে৷

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খনীন্দ্ৰ মিশ্ৰ ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত উপাচাৰ্য ড০ অলক কুমাৰ বুঢ়াগোহাঁইয়ে কাৰিকৰী শিক্ষাক জ্ঞানৰ শক্তি বুলি অভিহিত কৰি কাৰিকৰী শিক্ষাৰ কোনো জাত নাই বুলি মন্তব্য আগবঢ়ায়৷ উপাচাৰ্য ড০ বুঢ়াগোহাঁইয়ে জগতখনৰ বিষয়ে জানিবলৈ হ’লে পাঠ্যপুথি জ্ঞানৰ বাহিৰেও কাৰিকৰী শিক্ষাৰো প্ৰয়োজন বুলি কয়৷

মানৱ জীৱনক কেৱল চৰকাৰী চাকৰিয়েই সুখী কৰি ৰাখিব নোৱাৰে বুলি লগতে মন্তব্য কৰি কয়, তাৰ বাবে ব্যক্তিজনে নিজে কিবা এটা কৰাৰ হাবিয়াস থাকিব লাগে৷

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত আৰু বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা ‘অসমী ফাউণ্ডেচন’ৰ পৃষ্ঠপোষকতাত আৰম্ভ কৰা কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত উপাচাৰ্য ড০ বুঢ়াগোহাঁইয়ে আৰু কয়, প্ৰত্যেক মানুহৰে ভাবি চোৱা বা সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকে৷ আমি নিজেই নিজক আৱিস্কাৰ কৰিব লাগিব৷ আনে নকৰা বা নভবা কামবিলাক কৰিবলৈ চেষ্টা কৰিব লাগে৷

অনুষ্ঠানত অধ্যাপক জ্যোতিপ্ৰসাদ তামুলী, শোভ্ৰজ্যোতি তামুলী, সুৰজিত বৰকটকী, ইশ্বাংকুৰ শইকীয়া আদিকে ধৰি অসমী ফাউণ্ডেচন আৰু মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷