ওদালগুৰিত হাগ্ৰামাৰ ক্ষোভ, অসাংবিধানিক মন্তব্য প্ৰকাশ কৰা সকলক জেললৈ পঠিয়াম

ওদালগুৰিঃ ওদালগুৰি জিলাৰ বৰ্ণগাঁৱৰ নাগৰী পথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নাৰী দিৱস আৰু সদৌ বড়ো মহিলা কল্যান পৰিষদৰ ১৫ সংখ্যক বাৰ্ষিক অধিৱেশখনৰ শনিবাৰে সামৰণি পৰে। বিগত ৮মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা অধিবেশনৰ শনিবাৰে অন্তিম দিনটোত মুকলি সভা অনুষ্ঠিত হয়৷ সভাত মুখ্য অতিথি হিচাপে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উপস্থিত থাকি বিটিচিৰ নতুন ভূমি-নীতি সন্দৰ্ভত বিটিচি প্ৰশাসনে বাৰাম্বাৰ নিজৰ ভুল স্বীকাৰ কৰি আহিছে বুলি কয়। 

ইমানে নহয় হাজাৰ হাজাৰ লোকৰ সন্মুখত ভাষণ প্ৰদান কৰি বিটিচিৰ পৰিষদীয় চৰকাৰখনে কোনোপধ্যে নিজাববীয়াকৈ কোনো আইন প্ৰণয়ন বা প্ৰস্তুত কৰিব নোৱাৰে বুলি স্বীকাৰ কৰে হাগ্ৰামাই। পূৰ্বে বিটিচি অঞ্চলত যেনে ধৰণৰ ভূমিনীতি চলি আহিছে, আগন্তুক দিনতো সেই একেই ভূমি নীতি বাহাল থাকিব। ইয়াত কোনো ভূমি নীতিৰ সংশোধন বা নতুন ভূমিনীতি প্ৰণয়ন কৰা হোৱা নাই। কিন্তু বিগত ১২ জানুৱাৰীত বিটিচি কেবিনেটত উত্থাপন কৰা ভূমি নীতি বিটিচি প্ৰশাসনৰ ভুল আছিল বুলি কয়। 

বিটিচিয়ে ৰাইজক অন্য এক প্ৰসংগ বুজাব বিচাৰিছিল যদিত প্ৰস্তাৱ লিখাত খেলি মেলি হোৱা বাবে বিটিচি অঞ্চলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰিষদৰ আগন্তুক কেবিনেটত এই সন্দৰ্ভত আলোচনা কৰি ভুলবোৰ নোহোৱা কৰা হ’ব। এই প্ৰস্তাৱক একাংশই চূড়ান্ত ৰূপ বুলি ভাবি লৈ প্ৰতিবাদ সাব্যস্ত কৰি আৰু প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ কৰাটো দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে। মহিলাৰীয়ে আৰু কয়, এই প্ৰতিবাদৰ নামত একাংশ প্ৰতিবাদকাৰীয়ে বড়ো জাতিটোক লৈ ভয়ংকৰ ভাষ্য প্ৰদান কৰা কৰিছে বুলি কয়৷

মহিলাৰীয়ে কয়, এনে অসাংবিধানিক ভাষ্য প্ৰদান কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে তদন্ত কৰা হ’ব। যদি তদন্তত সত্য প্ৰমাণিত হয়, তেনে লোকক বিটিচি প্ৰশাসনে জেললৈ পঠিয়াব বুলি কয়। ভাষণৰ অন্য এক প্ৰসঙ্গত বিটিচি প্ৰধানগৰাকীয়ে কয় যে, মাজুলীৰ দুখন সত্ৰ ক্ৰমে কমলাবাৰী সত্ৰ আৰু আউনীআটী সত্ৰক ৫০ লাখকৈ সাহায্য প্ৰদান কৰা হ’ব। বিটিচি অঞ্চলৰ আলফা আৰু এনডিএফবি সংগঠনৰ শ্বহীদ পৰিয়ালৰ প্ৰতিটোকে বিটিচিয়ে এক লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব।

বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলৰ দৰে বড়ো মহিলাসকো সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে আগবঢ়ি যাবলৈ তেওঁ আহ্বান জনায়। বড়ো মহিলাসকলে বিগত প্ৰায় এটা দশক আন্দোলনেৰে বড়ো জাতিৰ বাবে যি অৰিহনা যোগাইছে সেয়া প্ৰশংসাৰ যোগ্য। ইফালে সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰীয়ে কয়  যে, বিটিচি অঞ্চলৰ বাহিৰৰ কোনো লোকেই আনকি জনজাতিৰ লোকেও বিটিচি অঞ্চলৰ ভূমি ক্ৰয় কৰিব নোৱাৰে। 

ইফালে কালি সাংসদ বিশ্বজিৎ দৈমাৰয়ে কৈছিল যে, বিটিচি অঞ্চলত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰত কোনো সংৰক্ষিত শ্ৰেণী নাথাকে, কিন্তু আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কেৱল ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভিতৰেই নহয় বাহিৰতো ৰাজবংশী, আদিবাসী, নাথ, যোগীকে ধৰি গোৰ্খাসকল সংৰক্ষিত শ্ৰেণীৰ বুলি মত ব্যক্ত কৰাৰ পাছত প্ৰমাণ হৈছে যে, বিষয়টো সন্দৰ্ভত সাংসদ আৰু বিটিচি প্ৰধানগৰাকীৰ মাজত মত পাৰ্থক্য আছে। অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাংবাদিক মাইনী মহন্তই বড়ো মহিলাসকল বিভিন্ন ক্ষেত্ৰত আগবঢ়া বুলি উল্লেখ কৰাৰ লগতে সাংবাদিকগৰাকীয়ে জনজাতিয় অধ্যুষিত অঞ্চলত শিক্ষাৰ প্ৰভাৱ কম হোৱা বাবে মহিলাসকল বিভিন্ন মাহেকীয়া সম্বন্ধীয় ৰোগত আক্ৰান্ত হয়।

ইয়াৰ বাবে বিটিচি চৰকাৰক বিটিচি অঞ্চলত মহিলাসকলৰ বাবে সুলভ মূল্যত নেপকিন যোগান ধৰাৰ বাবেও আহ্বান জনায়। আজিৰ সামৰণি সভাত উপস্থিত থাকে সদৌ বড়ো মহিলা কল্যান পৰিষদৰ কেন্দ্ৰীয় সভানেত্ৰী বিভাৰাণী নাৰ্জাৰী, মন্ত্ৰী ৰিহন দৈমাৰী, প্ৰমীলাৰাণী ব্ৰহ্ম, নাৰী নিৰ্যাতন বিৰোধী মঞ্চৰ নেত্ৰী সুমিত্ৰা হাজৰিকা, বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ লগতে বড়ো সাহিত্য সভাৰ সভাপতি আৰু বহু বিশিষ্ট লোক।