নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত ১-২ ব'হাগত উদযাপন কৰা হ’ব ৰঙালী বিহু

নগাঁওঃ নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিত বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও আগন্তুক ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ৰঙালী বিহু উৎসৱ উদযাপনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা নগাঁৱৰ সদৰৰ সাংবাদিক, অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠন তথা বিভিন্ন বিশিষ্ট ব্যক্তিৰ সহযোগত ৰঙালী বিহু উৎসৱ কৰি এক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে।

নগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হৈ অহা বিহু উৎসৱ অহা ১ আৰু ২ ব'হাগত উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। নগাঁৱৰ ইলেকট্ৰনিক মিডিয়াৰ সভাকক্ষত জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাৰ পৌৰহিত্যত শনিবাৰে অনুষ্ঠিত হোৱা এখন সভাত আগন্তুক ৰঙালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি সৰ্ম্পকে বিশদ আলোচনা কৰাৰ লগতে বিহু উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজনৰো সিদ্ধান্ত গ্ৰহণ কৰে।

ৰঙালী বিহু উৎসৱ সুকলমে অনুষ্ঠিত কৰাৰ বাবে মুনীন্দ্ৰ শইকীয়াক সভাপতি, পলাশ ৰঞ্জন দাসক কাৰ্যকৰী সভাপতি, অখিল চন্দ্ৰ দাস, হেমেন কুমাৰ দাস, বিষ্ণুৰাম মেধি, ধনঞ্জয় তালুকদাৰ, কবিন গায়ন আৰু দিলীপ লস্কৰক উপ-সভাপতি, জ্যোতিপ্ৰসাদ বৰা আৰু ভাস্কৰ জ্যোতি মেধিক সাধাৰণ সম্পাদক, অজিত কুমাৰ শইকীয়া, বীৰেন বৰাক সহকাৰী সাধাৰণ সম্পাদক, তপন কুমাৰ বৰাক কোষাধ্যক্ষ, মানৱ জ্যোতি বৰাক সাংস্কৃতিক সম্পাদক, অজিত শইকীয়াক প্ৰচাৰ সম্পাদক আৰু মিজু বৰাক কাৰ্যালয় সম্পাদক হিচাপে লৈ এখন ৫১ জনীয়া উদযাপন সমিতি গঠন কৰা হয়। সদৌ নগাঁও ৰঙালী বিহু উৎসৱৰ সমূহ কাৰ্যসূচীতে সকলো ৰাইজৰ সহায়-সহযোগিতা তথা পৰামৰ্শ উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।