মহিলা সাংবাদিকক আক্ৰমণ, সাংবাদিক সুৰক্ষা মঞ্চই কলে, অসম আৰক্ষীৰ বৰ্বৰতা উন্মোচিত হৈছে

ডিব্ৰুগড়ঃ সমগ্ৰ দেশৰ বাবেই সাংবাদিকসকল সমাজৰ বাবে অতন্দ্ৰ প্ৰহৰী৷ সমাজ জীৱনৰ বাবে দিনে-নিশাই শ্ৰম কৰিও অনিশ্চয়তাত ভুগিবলগা হোৱাৰ লগতে বিভিন্ন সময়ত ভাবুকি আৰু বিভিন্ন গোচৰৰ সন্মুখীন হ’ব লগা হয় সাংবাদিকসকল৷ আমাৰ ৰাজ্য খনৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ অতন্দ্ৰ প্ৰহৰী সাংবাদিকসকলৰ জীৱনৰ সুৰক্ষাক লৈ এতিয়া বাৰুকৈয়ে চিন্তিত৷

জীৱনক লৈ তেওঁলোকৰ বাবে নাই কোনো ধৰণৰ নিৰাপত্তা৷ যাৰ ফলত আক্ৰমণৰ বলি হ’ব লগা হ’ল এগৰাকী মহিলাসাংবাদিক৷ এই ঘটনাই অসম আৰক্ষীৰ বৰ্বৰতা উন্মোচিত হোৱা বুলি অভিযোগ উত্থাপন কৰে সাংবাদিক সুৰক্ষা মঞ্চ-অসমে৷  অসম-মিজোৰাম সীমান্তত কৰ্তব্যৰত মহিলা সাংবাদিকসহ মিজোৰামৰ এখন দৈনিক কাকতৰ সম্পাদকৰ ওপৰত অসম আৰক্ষীয়ে চলোৱা আক্ৰমণৰ ঘটনাক বিৰুদ্ধে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম, কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মা আৰু সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে৷

অসম আৰক্ষীক ফেচিষ্ট আখ্যা দি এনে বৰ্বৰতাৰ ফলত সীমান্তৱৰ্তী ৰাজ্যখনৰ মহিলা সাংবাদিকসহ আন এগৰাকী সাংবাদিক আহত হ’বলগীয়া ঘটনাৰ গভীৰ উদ্বেগ প্ৰকাশ কৰে সাংবাদিক সংগঠনটোৱে৷ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰে সাংবাদিক সংগঠনটোৱে। উল্লেখ্য যে, মিজোৰামে অসমৰ ভূমি বেদখলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা 'নিউজ ১৮ অসম নৰ্থ ইষ্ট’ নামৰ বৈদ্যুতিন মাধ্যমৰ মিজোৰামৰ মহিলা সাংবাদিক এমি চি ল’বে অসম আৰক্ষীৰ লাঠি চালনাত গুৰুতৰভাৱে আহত হয়।

আনপিনে অসম আৰক্ষীৰ গুলীচালনাৰ ফলত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা 'মিজো জিৰলাই পাউল’ৰ সম্পাদক ৰিকি বৰ্তমান চিকিৎসাধীন হৈ আছে। কৰ্তব্যৰত সাংবাদিকে পৰিচয় পত্ৰ দেখুওৱাৰ পিছতো অতি বৰ্বৰতাৰে সংবাদ-মাধ্যমৰ ওপৰত জঁপিয়াই পৰি সংবাদ-মাধ্যমৰ স্বাধীনতাক খৰ্ব কৰিছে অসম আৰক্ষীয়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে খ্যাত কৰ্তব্যৰত সংবাদ-মাধ্যমৰ প্ৰতি চৰকাৰে নিৰাপত্তা প্ৰদান নকৰাৰ ফলতে এইদৰে প্ৰতি মুহূৰ্তত আক্ৰমণৰ বলি হ’বলগীয়া হৈ আহিছে সংবাদিকসকল।

আনহাতে চৰকাৰে সাংবাদিকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত এখন সুকীয়া আইন প্ৰণয়ন কৰি সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰয়োজনীয় আছিল যদিও কোনো এখন চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই। প্ৰেছ বিবৃতিত অসম-মিজোৰাম সীমান্তত সাংবাদিক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত দোষীক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাই সাংবাদি সুৰক্ষা মঞ্চই।