
বন্ধ ঘোষণা, শীত-তাপ নিয়ন্ত্ৰিত গাড়ী-ঘৰত থকাসকলে বুজি নাপাব দধীয়াবাসীৰ ঘা ডোখৰৰ বেদনা
ডিব্ৰুগড়ঃ তেওঁলোকৰ পায় অহা যন্ত্ৰণাৰ ছবিখন বৰ্ণনা কৰা বৰ কঠিন৷ শীত-তাপ নিয়ন্ত্ৰিত গাড়ী-ঘৰত থকা লোকসকলে তেওঁলোকৰ অন্তৰৰ ঘা ডোখৰৰ বেদনা বুজি নাপাব৷ শীত তাপ নিয়ন্ত্ৰিত গাড়ী-ঘৰত থকা সকলে নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবৰ বাবেহে দুখৰ পজাত থকা মানুহৰ কাষ চাপে৷ তাৰ পিছত তেওঁলোক ডাঙৰ মানুহ হয়৷
যিসমূহ মানুহৰ কথা কব খুজিছো তেওঁলোকে প্ৰতিটো বাৰিষাই হাহাকাৰ কৰে। আকাশৰ পৰা বৰষুণৰ টোপাল পৰাৰ পিছতে জলপৃষ্ঠ বৃদ্ধি হয় আৰু তেতিয়াৰ পৰাই তেওলোকৰ অন্তৰে কান্দিবলৈ আৰম্ভ কৰে। প্ৰতিটো বানে ভয়াৱহ ৰূপ ধাৰণ কোৰ লগে লগে তেওঁলোকৰ অন্তৰে ইনাই-বিনাই কান্দে।
ব্ৰহ্মপুত্ৰৰ নদীৰ লগতে উপনৈসমূহে ফেনে ফুটুকাৰে বাঢ়ি অহাৰ লগে লগে চৌদিশে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। জলমগ্ন হৈ বন্য জীৱ-জন্তুৰ দৰে পৰিৱেশ হয় তেওঁলোকৰ। তেওঁলোকৰ অন্তৰে কান্দে।
এসাজ ভাতৰ বাবে চকুলো টুকি সময় পাৰ কৰে। জীয়ৰী-বোৱাৰীয়ে বিপদত পৰে। সন্তানে স্কুলৰ পৰিৱৰ্তে টম্বুৰ তলত সোমাই ধ্বংসৰ আখৰা প্ৰত্যক্ষ কৰে। জীৱন নহয় যেন এখন সমাপ্ত নোহোৱা সংগ্ৰাম হে। এনে কষ্টকৰ জীৱন সহি শ-শ পৰিয়াল থাকে ডিব্ৰু-ছৈখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দধীয়া-লাইকাৰ। তেওঁলোকৰ ঘৰবোৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে কাহানিবাই উটুৱাই নিছে সপোন বোৰ। এতিয়া শিবিৰৰ বাসিন্দা তেওলোক।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নুশুনে গৃহ জিলা ডিব্ৰুগড়ৰ থলুৱাৰ আৰ্তনাদ
১৩ মাৰ্চত অসম বন্ধ ঘোষণা জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ
ক্ৰমান্বয়ে ঘৃণা জন্মিছে ৰাজনৈতিক নেতাৰ প্ৰতি
তেওলোক অসমৰ থলুৱা। থলুৱাৰ চৰকাৰে কোনোবা উদ্যোগপতিক শ-শ বিঘা মাটি দিয়ে যদিও তেওলোকৰ বাবে একঠা ভূমি ওলাই নপৰে। তেওলোকে কোনো ৰাজনেতাক টকা দিব নোৱাৰাৰ বাবেই হয়তো একঠা ভূমি নাপায়।
তেওঁলোকৰ সন্তানবোৰৰ সপোনবোৰ কলিতে মৰহি যায়। মাজে মাজে চৰকাৰে তেওলোকৰ বাবে আনে আশাৰ বতৰা। কিন্তু আশা বাস্তৱত পৰিণত নহয়৷ সময় বোৰ পাৰ হৈ গৈ থাকে আৰু তেওলোকৰ হৃদয়ে কান্দিহলৈ আৰম্ভ কৰে৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ক'ৰ জন এলেকাত বছৰ বছৰ ধৰি বসবাস কৰি থকা ১২০৬ পৰিয়ালক শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰি বুলি ৰাজ্য চৰকাৰে কয় যদিও সেয়া বাস্তৱত পৰিণত নহল।
এই সম্পৰ্কত ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদ্দুৰীয়ে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দধীয়া বনগাঁৱৰ পুনৰসংস্থাপন দাবী সমিতি আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিতও হৈছিল।
মুখ্যমন্ত্ৰী আৰু কেইবাগৰাকী মন্ত্ৰী-বিধায়কে বৰ বৰ কথাও কৈছিল৷ কিন্তু তেনে সময় আজিও আহি নাপালে৷ জিলা উপায়ুক্ত লয়া মাদ্দুৰীয়ে ধেমাজী জিলাৰ জোনাই মহকুমা এলেকাত থলুৱা লোকসকলক সংস্থাপন কৰিলে আপত্তি থাকিব নেকি বুলি মতামত গ্ৰহণ কৰিছিল। কিন্তু বাস্ৱ হ’ব কেৰিয়া৷ থলুৱা সকলে এটা ঘৰ পাব কেতিয়া৷ শান্তিৰে শুব পাৰিব কেতিয়া৷ কেতিয়া সুৰক্ষিত হ’ব তেওলোকৰ সন্তানৰ ভৱিষ্যৎ৷
ডিব্ৰু-ছৈখোৱাৰ দধীয়া-লাইকাৰ ১২ হাজাৰ মিচি জনজাতিক পুনৰ সংস্থাপন, অসমৰ ১২ হাজাৰৰো অধিক বেকলগ পুৰণ আৰু বিশ্বনাথ-শোণিতপুৰ জিলাৰ ডেৰ লাখ লোকক পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰাৰ দাবীত জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে ১৩ মাৰ্চৰ পুৱা ০৫ বজাৰ পৰা ১২ ঘন্টীয়া অসম বন্ধ ঙোষণা কৰিছে।
জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধ সফল কৰিহৰ বাবে ডিব্ৰুগড়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। ডিব্ৰুগড় জনজাতি কল্যাণ ভৱনত জিলা ট্ৰাইৱেল সংঘৰ সভাপতি দিগন্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত এই বন্ধ শান্তিপূৰ্ণভাৱে সফল কৰি তোলাৰ স্বাৰ্থত সকলো দল-সংগঠনৰ পূৰ্ণ সহযোগিতা কামনা কৰে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে।
সভাত সদৌ অসম ট্ৰাইৱেল সংঘৰ সভাপতি মিলন সোণোৱাল, টাকাম মিচিং পৰিণ কেবাংৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নবীন মিলি, সোণোৱাল কছাৰী গণ মঞ্চৰ সভাপতি দীপক শইকীয়া, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক বুধিন সোণোৱাল, ডিব্ৰুগড় জিলা টি এম পি কেৰ সভাপতি চন্দন টায়ে, সম্পাদক প্ৰণৱ বড়ি, ডিব্ৰুগড় জিলা ট্ৰাইৱেল সংঘৰ সাধাৰণ সম্পাদক ৰাজু সোণোৱালকে ধৰি টাকাম মিচিং মিমৗ কৗবাং, টাকাম মিচিং মিমাগ কৗবাং, সোণোৱাল কছাৰী মহিলা পৰিষদ, মেছ কছাৰী মহিলা পৰিষদ আদি সংগঠনসমূহৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।
চৰকাৰে জনজাতিয় লোকসকলক পুনৰ সংস্থাপন নিদিলে চৰকাৰক শান্তিত থাকিব নিদিয়াৰ হুংকাৰ দিয়ে সংগঠন সমূহে৷