কেন্দ্ৰীয় চৰকাৰে সাঁকো হ’ব নোৱাৰে কিয়, অসম-মিজোৰাম সীমান্তৰ পৰিৱেশক লৈ চিন্তিত কেন্দ্ৰ

photo-credit-facebook

হাইলাকান্দিঃ সীমা সমস্যা এক ভয়াবহ সমস্যা ৰূপে দেখা দিছে অসমৰ বাবে৷ প্ৰতিৱেশী ৰাজ্যৰ সৈতে ক্ৰমান্বয়ে সম্পৰ্ক বেয়াৰ দিশে আগবাঢ়িছে অসমৰ জনসাধৰণ আৰু চৰকাৰৰ৷ অসম-নাগালাণ্ড, অসম-অৰুণাচল, অসম-মেঘালয়, অসম-মিজোৰাম সীমান্তত প্ৰতিদিনে উত্তেজনাৰ সৃষ্টি হয়৷ যাৰ ফলত বিভিন্ন ক্ষেত্ৰত ক্ষতি হৈছে ৰাজ্য চাৰিখনৰ৷

ব্যৱসায়, সংস্কৃতিৰ আদান-প্ৰদান, পৰ্যটন দিশৰ উন্নয়নত এই বিবাদে বাধা হৈ থিয় দিছে৷ এই বিবাদ মীমাংসাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা নিৰুৎসাহজনক৷ ইউপিএ আৰু এনডিএ দুয়ো খন কেন্দ্ৰীয় চৰকাৰেই এই বিষয়ত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰা দেখা নাযায়৷ 

চৰকাৰে ইচ্ছা কৰিলে ৰাজ্য সমূহৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাই বাবে সাঁকো হ’ব পাৰে৷ ইখন ৰাজ্য আৰু সিখন ৰাজ্যৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি সীমা সমস্যা সমাধান কৰিব পাৰে৷ কিন্তু অচিন কাৰণত এনে পন্থা অৱলম্বন নকৰে কেন্দ্ৰীয় চৰকাৰে৷ 
  
দেশত মূৰ্তি ভঙাৰ প্ৰতিযোগিতা অব্যাহত থকাৰ সমানে সমানে মহাৰাষ্ট্ৰ কৃষক আন্দোলনৰ চৰ্চা অব্যাহত আছে৷

আনহাতে অসম-মিজোৰাম সীমান্তত ভূমি দখল কেন্দ্ৰীক উত্তেজনা অব্যাহত থকাত কেন্দ্ৰীয় চৰকাৰে চিন্তা ব্যক্ত কৰিব লগা হৈছে৷ ক্ৰমান্বয়ে অসম-মিজোৰাম সীমান্তৰ উত্তেজনাৰ খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো প্ৰকাশ পোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত চিন্তা ব্যক্ত কৰিব লগা হৈছে৷ 

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লাল থানৱালাই ইতিমধ্য আলোচনাত বহি সীমান্তৰ উত্তেজনাৰ শাম কটাৰ চেষ্টা কৰে৷ ৯ মাৰ্চত কেইবাটাও মিজো সংগঠনে অসম-মিজোৰাম সীমান্ত ভিৰ কৰি অসমৰ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

এই খবৰ এদিন পূৰ্বে লাভ কৰিছিল অসম প্ৰশাসনে৷ লগে লগে সীমান্তত অসমৰ প্ৰশাসনে নিৰাপত্তা বৃদ্ধি কৰে৷ 

অৰ্ধসামৰিক বাহিনী মোতায়ান কৰাৰ লগতে আৰক্ষীৰো অতন্দ্ৰ পহৰা চলে এলেকাটোত। তেনে অসমৰ প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচালনা কৰিব লগা হয়৷

লাঠিচালনাত সাংবাদিক আহত কৰাৰ লগতে আন আন লোকো আহত হয়৷ লাঠি চালনাৰ পিছতো মিজো প্ৰতিবাদকাৰীয়ে হুৰুত্ব প্ৰদান নকৰাত অসম আৰক্ষীয়ে শূন্য লৈ গুলীচলানা কৰে৷ মিজোৰামৰ ছাত্ৰ সংগঠনে প্ৰথমে উক্ত ঠাইৰ পৰা অসম আৰক্ষীক আতৰি আহিবলৈ দাবী জনাইছিল৷ 

মিজোৰামৰ জৈপুইৰ এজন ছাত্ৰ গুৰুতৰ ভাৱে আহত হয় বুলি মিজো আৰক্ষীয়ে দাবী কৰে৷ অসম আৰক্ষীয়ে আইন উলংঘা কৰাৰো অভিযোগ কৰে৷

অসম-মিজোৰাম সীমান্তৰ সীমা বিবাদক লৈ আলোচনা কৰিবলৈ মিজোৰামৰ মুখ্য সচিব অৰবিন্দ ৰায়ে দুয়ো খন চৰকাৰক আহবান জনায়৷ আনহাতে অসম-নাগালেণ্ড সীমান্তৰ পিছত অসম-মিজোৰাম সীমান্তত উত্তেজনা তথা সংঘৰ্ষপূৰ্ণ পৰিৱেশ সৃষ্টি হৈ অহাত চিন্তা ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ 

সীমান্তৰ স্থিতৱস্থা বাহাল ৰাখিবলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়ান কৰাৰ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে৷ ঘটনাৰ সমস্ত ৰিপৰ্ট তৎকালে কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰিবলৈ গৃহ মন্ত্ৰাণালয়ে নিৰ্দেশ দিয়ে দুয়োখন চৰকাৰৰ প্ৰশাসনক৷ 

উল্লেখ যোগ্য যে, অসম-নাগালেণ্ডৰ দৰে অসম আৰু মিজোৰামৰ মাজৰ সীমা সমস্যা পূৰ্বতে উদ্ভৱ হোৱা এটা বিষয়৷ ক্ৰমান্বয়ে এই জুইকুৰা পুনৰ জ্বলিবলৈ আৰম্ভ কৰিছে৷ ধুমুহাৰ সৃষ্টি নোহোৱাৰ পূৰ্বে তিনিও খন চৰকাৰে চিন্তা কৰি সমস্যা সমাধান কৰাৰ চেষ্টা কৰা উচিত বুলি ৰাইজে মত ব্যক্ত কৰিছে৷