নগাঁও-আমগুৰিত পথ দুৰ্ঘটনা, নিহত-১, আহত-২

নগাঁও/আমগুৰিঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ দৌল মন্দিৰ পথত পথ দুৰ্ঘটনাত সংঘটিত হৈ দুজন লোক গুৰুতৰ ভাবে আহত হয়। দৌল মন্দিৰ চাৰিআলিত এএছ-০২ এ-৮১৮৮ নম্বৰৰ মাৰুতি চুজুকিৰ সৈতে বিপৰীত দিশৰ পৰা অহা নম্বৰ প্লেট বিহীন এখন গ্লেমাৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ লাগে৷

লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত গুৰুতৰভাবে আহত বাইক আৰোহীক স্থানীয় বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে।

আহত দুই বাইক আৰোহী শিলপুখুৰী গাঁৱৰ আব্দুৰ ৰহমানৰ পুত্ৰ হাবিজুৰ ৰহমান (১৯) আৰু আব্দুল হুছেইনৰ পুত্ৰ জিয়াৰুল আহমেদ (২০) বুলি জানিব পৰা গৈছে। আনহাতে, শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ হালোৱাটিঙত সংঘটিত হয় পথ দু্ৰ্ঘটনা।

এই দুৰ্ঘটনাৰ ফলত ঠিতাতে নিহত হৈছে হানিফ নামৰ এজন লোক। আমগুৰি নগৰৰ পৰা তীব্ৰ বেগী আহি থকা AS-04-BC-1076 নম্বৰৰ ডাম্পাৰ খনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা চাইকেল অৰোহীজনক খুন্দা মৰাৰ ফলত লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয়।

আমগুৰি নগৰত বাস লোকজনৰ ঘৰ বিহাৰৰ মুজ্জাফৰপুৰত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোত অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম্যৰ বাবেই এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'বলৈ পালে বুলি প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিছে ।