
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰীত দেওবাৰে এনডিএফবিৰ (এছ) এগৰাকী দুধৰ্ষ সদস্যই আত্মসমৰ্পন কৰে। ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত এনডিএফবিৰ ৪২ নং বেটচৰ সদস্য ৰিণ্ডাও ব্ৰহ্ম(২৫) ওৰফে বি ৰিংহাবে কোকৰাঝাৰ জিলাৰ ছেৰফাংগুড়ী আৰক্ষী থানাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।
ছেৰফাংগুড়ী কাপুৰগাঁৱৰ সমেশ্বৰ ব্ৰহ্মৰ পুত্ৰ ৰিণ্ডাও ব্ৰহ্ম ওৰফে বি ৰিংহাবে ম্যানমাৰৰ পৰা প্ৰশিক্ষন লৈ যোৱা ২০১৭ চনৰ নৱেম্বৰ মাহত কোকৰাঝাৰ জিলাত প্ৰৱেশ কৰিছিল। ২০১৬ চনৰ আগষ্ট মাহত কোকৰাঝাৰ বালাজান তিনালিত এনডিএফবিয়ে সংঘটিত কৰা নৰসংহাৰত বি ৰিংহাবৰ পিতৃয়ে গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱাৰ লগতে তেওঁৰ পেহীয়ে মৃত্যুক আকোঁৱালি লৈছিল বুলি সদৰি কৰিছে কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে৷