শেষ বিন্দু তেজ থকালৈ সংগ্ৰাম কৰা সকল গেৰুৱা হ’ল, চৰকাৰৰ বিৰুদ্ধে নামতিত সমাৱেশ

নামতিঃ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতি আৰু বৃহত্তৰ নামতি চাৰি আলি আঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰে নামতি চাৰিআলি হাইস্কুল খেল পথাৰত নাগালিম ফ্ৰেমৱৰ্ক, হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে এখন বৃহৎ সমাৱেশ অনুষ্ঠিত হয়৷ 

কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চফৰ আলী আৰু সমাৱেশ পৰিচালনা সমিতিৰ সভাপতি আচিকুৰ ৰহমানে পতাকা উত্তোলন কৰা পাছতেই শ্বহীদ তর্পন কৰে যুটীয়া সম্পাদক অনন্ত আৰন্ধৰা আৰু নকুল গগৈয়ে। গেলেকী আৰু নাজিৰা খণ্ডৰ বন বিষয়া আচিকুৰ আহমেদে বৃক্ষ ৰোপন কার্যসূচী মুকলি কৰে। 

১ বজাৰ পৰা শিৱসাগৰ জিলাৰ মানৱ অধিকাৰ কর্মী অর্জুন গোৱালাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক প্রশান্ত কুমাৰ বৈশ্যই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল আৰু নগা ফ্রেমৱর্ক চুক্তি ৰাজহুৱা কৰাৰ আহ্বান জনাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমীয়া জাতিক চূড়ান্ত প্রতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰে। 

জাতীয় নায়ক হৈ তেওঁ খলনায়কৰ পৰিচয় দি কেন্দ্রৰ ওচৰত আঁঠু লৈ থলুৱা উদ্যোগসমূহ কেন্দ্রীয় চৰকাৰৰ পালিত বণিক গোষ্ঠিক চমজাই দিছে বুলি কয়। সমাজ সচেতক চামচুল বাৰিকে ভাষণ প্ৰদান নকৰি জাতীয়তাবাদী নেতাই সুবিধাবাদী চৰিত্র লোৱাৰ বাবেই চৰকাৰখনে অসমীয়া জাতি ধ্বংস কৰাৰ সিদ্ধান্ত গ্রহণ কৰি আছে বুলি কয়। 

সমাৱেশত উপস্থিত থাকি আলফা নেতা জিতেন দত্তই নগা ফ্ৰেমৱৰ্ক ৰাজহুৱা কৰা আৰু হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতা কৰি এইবোৰ কেনেকুৱা ভণ্ডামি বুলি কেইবাটাও দল-সংগঠনক উভতি ধৰে৷ দিছপুৰত তেওঁলোকে দপদপাই আছে৷ হিন্দু বাংলাদেশী সংস্থাপন কৰিব নিদিও বুলি কৈ সদনৰ মজিয়াত বৰমূৰীয়া সকল মনে মনে থাকে৷ 

তেওঁলোক সুবিধাবাদী চৰিত্ৰৰ৷ সুবিধাবাদী হোৱাৰ বাবেই তেওঁলোকে চৰকাৰৰ পৰা ওলাই নাহে৷ জনতাক বুৰ্বক বনাইছে তেওঁলোকে৷ শেষ মাত্ৰ তেজ থকালৈ তেওঁলোকে সংগ্ৰাম কৰিম বুলি কৈছিল৷ কিন্ত এতিয়া তপন গগৈ হতৰ দৰে লোক গেৰুৱা হ’ল তেওলোকে হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে ওকালতি কৰিছে বলি আক্ৰমণাত্মক ভাষণ প্ৰদান কৰে৷ 

দত্তৰ আৰু কয়, সকলো জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহে যদিহে ক্ষুদ্র স্বার্থ পৰিহাৰ কৰি ঐক্যবদ্ধতাৰে শক্তিশালী জনমত গঠনৰ ভূমিকা গ্রহণ নকৰে তেন্তে ভৱিষ্যতে গোলামী খাটিব লাগিব বুলি। ইয়াৰোপৰি এনএছচিএনৰ নেতা মুইভাক পত্রযোগে অসম ভূমি গ্রহণ নকৰিবৰ বাবে আহ্বান জনোৱা বুলি কয়৷ 

যদি ভূমি গ্ৰহণ কৰাৰ চেষ্টা কৰে তেন্তে অসমেৰে এনএছচিএনৰ সংঘাট অনিবার্য্য বুলি অকয়। সভাত আটাছুৰ কেন্দ্রীয় সমিতিৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই জীতেন দত্তৰ আহ্বানৰ প্রতি সঁহাৰি জনাই অচিৰেই উমৈহতীয়া মঞ্চ যোগে প্রৱল আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। 

সভাত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ আহ্বায়ক ৰাজু গগৈ, টাই আহোম যুৱ পৰিষদৰ সম্পাদক যতীন বৰুৱা,  PCPDৰ সদস্য শৰৎ হাজৰিকা, তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক কমল নাথ, সাংবাদিক মনোজ কুমাৰ গগৈকে প্রমুখ্য কৰি সংগঠনটোৰ কেইবাখনো জিলাৰ নেতৃবৃন্দৰ লগতে স্থানীয় ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।