
চিৰাংঃ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত সকলোতকৈ বেছি আঁচনি ৰূপায়ন আৰু ঘোষণা কৰা বিভাগটোৱে আছিল স্বাস্থ্য বিভাগ৷ কেৱল ইটো কৰিম সিটো তৰিম বুলি ঘোষণা কৰাই নহয় মুখ্যমন্ত্ৰী তৰণ গগৈ আৰু তেতিয়াৰ কংগ্ৰেছী স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰাম্য এলেকাত বহু চিকিৎসালয় স্থাপন কৰিছিল৷
কেৱল ঘোষণা কৰি চমক সৃষ্টি কৰা মন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰতিটো এলেকাতে হাবি জংঘলৰ মাজত চিকিৎসালয় স্থাপন কৰাৰ বাবে ধনৰ আৱন্টন দিছিল৷ অসমৰ বিভিন্ন প্ৰান্তত চূণ-তেল সনা বহু চিকিৎসালয় থিয় হৈ আছে যদিও তলা ওলমি আছে৷
হাবি-জংঘলে আৱৰি ধৰা চিকিৎসালয় সমূহৰ দুৱাৰ-খিৰকী সমূহ ক্ৰমে জহি-খহি যাবলৈ ধৰিছে যদিও এতিয়াৰ চৰকাৰ আৰু পূৰ্বৰ কংগ্ৰেছী মন্ত্ৰী আৰু বৰ্তমানৰ বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব প্ৰদান কৰা নাই৷ চমক সৃষ্টিৰ বাবে আঁচনি ঘোষণা ৰূপায়ন কৰা প্ৰতিখন চৰকাৰে ৰাজকোষত জমা হোৱা ৰাইজে প্ৰদান কৰা ৰাজহৰ ধন অবাবতে অপব্যায় কৰি আহিছে৷
কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত সমগ্ৰ অসমত মডেল চিকিৎসালয়, ক্ষুদ্ৰ চিকিৎসালয়, উপ-চিকিৎসালয় স্থাপন কৰি গ্ৰাম্য এলেকাৰ লোকক স্বাস্থ্য সেৱা কৰাৰ বাবে বাবে মনস্থ কৰিছিল৷ তাৰ পিছত সমগ্ৰ অসমত চিকিৎসালয় গৃহ সমূহ নিৰ্মাণ কৰিছিল যদিও প্ৰায় সমূহ চিকিৎসালয় এৰাবাৰীত পৰিণত হয়৷ নিৰ্মাণ সমাপ্ত হোৱাৰ পিছৰে পৰা আজিলৈ বহু চিকিৎসালয়ত তলা ওলমি আছে নাই চিকিৎসক, নাৰ্চ, সা-সৰঞ্জাম৷
চৰকাৰী টকাৰ অপচয় কৰা চৰকাৰে কৃষকে ঋণ পৰিশোধ নকৰিলে হাৰাশাস্তি কৰে যদিও মন্ত্ৰীয়ে এনেদৰে চৰকাৰী টকাৰ অপচয় কৰাৰ পিছতো ধৰিব কোনে৷ এয়া লাখটকীয়া প্ৰশ্ন৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিৰাং জিলাৰ দুৰ্গম নাংলভাংগাৰ জয়পুৰতো এখন উপ-স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিছিল চৰকাৰে।
২০১৪ বৰ্ষতে ঠিকাদাৰে উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ সম্পূৰ্ণ কৰে৷ তেতিয়াৰ পৰা এতিয়ালৈ চিকিৎসালয় খনত তলা ওলমি আছে৷ চিকিৎসক-নাৰ্ছ নিযুক্তি নিদিয়াৰ লগতে হাবি-জংঘলৰে আৱৰি ৰাখিছে গৃহ। চিৰাং জিলাৰ নাংলভাংগা অতি দুৰ্গম এলেকা৷ অঞ্চলটোলৈ যাবলৈ তিনিখন নৈ পাৰ হৈ যাব লাগে। নৈ সমূহত নাই দলং৷ যাৰ ফলত বাৰিষাৰ সময়ছোৱা যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে ৰাইজৰ৷
২১ শতিকাতো বহিঃ জগতৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ থকা অঞ্চলটোত স্বাস্থ্য সেৱাৰ নামত ভেকোঁভাওনা কৰে চৰকাৰে। যাৰ ফলত প্ৰতি বছৰে চিকিৎসাৰ অভাৱত বহু ৰোগীৰ মৃত্যু হ’বলগীয়া হৈছে। স্থানীয় লোকৰ দাবীত সেও মানি অসম চৰকাৰে ভিতৰুৱা অঞ্চলটোত উপ স্বাস্থ্য কেন্দ্ৰটো ২০১৪ চনতে স্থাপন কৰাৰ পিছতো যোৱা ৫টা বছৰে চিকিৎসক-নাৰ্ছ নিযুক্তি নিদি উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত কৰিছে চৰকাৰে৷
আমি বহু দাবী জনোৱাৰ অন্তত উপ স্বাস্থ্য কেন্দ্ৰটো লাভ কৰিছিলো যদিও আমাৰ সপোন পূৰণ নহ’ল বুলি কয় স্থানীয় ৰাইজে৷ জহি খহি যোৱা উপ-স্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম কৰাৰ দাবী জনাই অসম চৰকাৰক৷ চৰকাৰে আমাৰ অঞ্চলত চিকিৎসক, নাৰ্ছ, ঔষধ আদিৰ যোগান ধৰি ভিতৰুৱা অঞ্চলটোৰ লোকৰ উপকাৰ কৰক অন্যথাই কাগজে পত্ৰই উপ স্বাস্থ্য কেন্দ্ৰ থাকি লাভ নাই বুলি ক্ষোভ উজাৰে ৰাইজে৷