আকৌ মাজুলীবাসীৰ হাহাকাৰ, গৰাখহনীয়া ৰোধৰ দাবীত আছুৰ নেতৃত্বত উত্তাল প্ৰতিবাদ

মাজুলীঃ অসমীয়াৰ আৱেগ, অনুভূতি মাজুলী৷ লোক-সংস্কৃতিৰ ভঁৰাল মাজুলী৷ মাজুলী চৌদিশৰ পৰা চহকী৷ জাতি-জনগোষ্ঠীৰ মিলন ভূমি মাজুলী৷ সত্ৰীয়া নৃত্য, গীত, খোল-তাল, ভাওনা-সবাহ, মিচিং গাভৰুৰ ঐনিতমৰ সুৰ মাজুলীৰ পৰিচয়৷ অসমীয়া মানুহৰ আৱেগ জড়িত হৈ আছে মাজুলীৰ সভ্যতা-সংস্কৃতিৰ সৈতে৷ 

অসমৰ জন-জীৱনৰ সৈতে মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ আছে এৰাব নোৱৰা এক সম্পৰ্ক৷ জগতগুৰু শংকৰদেৱে মাজুলীত ধূঁৱাহাট-বেলগুৰিত প্ৰথমখন সত্ৰ প্ৰতিষ্ঠা কৰি অসমীয়া সংস্কৃতিক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল৷যোৰহাট জিলাৰ এটা মহকুমা আছিল মাজুলী৷ এতিয়া মহকুমাৰ পৰা জিলা হ’ল। 

জাতি-মাটি-ভেটিৰ কথা কৈ শাসনলৈ অহা বিজেপিয়ে ২০১৬ চনৰ ২৭ জুনত মাজুলীক জিলা ঘোষণা কৰে৷ জিলা ঘোষণা কৰাৰ লগে লগে যেন সলনি হে হ’ল সকলো৷ কিন্তু জিলা হোৱাৰ পিছতো কোনো ধৰণৰ সলনি নহ’ল মাজুলীৰ৷ মাজুলীৰ লগতে যোৰহাটক ৰক্ষা কৰি থকা নিমাতী ঘাটৰ উন্নয়ন কৰা নহল৷ মাজুলীৰ বান আৰু গৰা খহনীয়া, বিদেশী সমস্যা, সীমাম্ত ছীল আদি বিষয়কলৈ অসমৰ ৰাজনীতি চলি আহিছে৷ 

প্ৰতিটো দলেই নিৰ্বাচনৰ পূৰ্বেই মাজুলীৰ বান আৰু গৰা খহনীয়া, বিদেশী সমস্যা, সীমান্ত ছীল আদি বিষয়ৰ কথা কৈ ভোট বিচাৰে আৰু সহজ সৰল অসমীয়াৰ ভোট লৈ দিছপুৰৰ মছনদ দখল কৰে৷ আনহে নালাগে বিশ্বৰ ঐতিহ্যপূৰ্ণ নদীদ্বীপ মাজুলীক সুৰক্ষা দিম বুলি বহু প্ৰতিশ্ৰুতি দিয়ে৷ যোৱাটো নিৰ্বাচনত খোদ মুখ্যমন্ত্ৰী প্ৰাৰ্থী গৰাকীয়ে মাজুলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হয়৷ 

ৰাইজে মাজুলীৰ উন্নয়ন হ’ব বুলি আশা পুহি ৰাখিছিল যদিও চৰকাৰখনত তিনিবছৰ অতিক্ৰম কৰিবৰ হ'ল যদিও কোনো ধৰণৰ পৰিৱৰ্তনৰ মুখ নেদেখিলে মাজুলীবাসীয়ে৷ আজিও মাজুলীবাসীয়ে বান গৰাখহনীয়া ৰোধ কৰিবৰ বাবে প্ৰতিবাদ কৰিব লগা হৈছে৷ 

বুধবাৰে মাজুলীৰ পৰা ব্ৰহ্মপুত্ৰ বৰ্ডক খেদাই পঠিওৱাৰ দাবীত উত্তাল হৈ পৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিধান সভা সমষ্টি৷   মাজুলী সুৰক্ষাৰ বাবে ১৬০ কোটি টকা চৰকাৰে মোকলাই দিয়াৰ পিছতো আঁচনিৰ কাম যোৱা চাৰি মাহে আৰম্ভ নকৰাত ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে মাজুলী মহকুমা ছাত্ৰ সন্থাই৷

মাজুলীৰ কমলাবাৰীত থকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ কাৰ্যালয়ত পুৱাৰে পৰা শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় সংস্থা ব্ৰহ্মপুত্ৰ বৰ্ড হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, ব্ৰহ্মপুত্ৰ বৰ্ড গ’ বেক, অসম চৰকাৰ মুৰ্দাবাদ, ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে জাতীয় সংগঠনটোৱে।