
ওদালগুৰিঃ বিটিচিৰ পৰিষদীয় চৰকাৰখনে শেহতীয়াকৈ প্ৰণয়ন কৰিব বিচৰা ভূমিনীতিক লৈ বিটিএডি অঞ্চলত প্ৰতিবাদ অব্যাহত আছে প্ৰতিবাদ। এই নীতিৰ বিৰুদ্ধাচৰণ কৰি বুধবাৰে বিশাল গণসমাৱেশ আয়োজন কৰে সদৌ গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৱে। বুধবাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ আহ্বানত কেইবাসহস্ৰাধিক গোৰ্খা ৰাইজৰ উপস্থিতিত সংগঠনটোৱে ওদালগুৰি চহৰৰ মাজমজিয়াত এক গণসমাৱেশৰ আয়োজন কৰে।
ওদালগুৰি সদৰৰ মাজমজিয়াত অৱস্থিত বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি পূৰ্ণ কিৰাট ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিবাদী সভাত বিটিচি প্ৰশাসনৰ জনবিৰোধী নীতিক ধিক্কাৰ প্ৰদান কৰে। বিটিচি অঞ্চলত বসবাস কৰা গোৰ্খাসকলৰ ভূমি অধিকাৰকে ধৰি ৰাজনৈতিক, সামাজিক সমস্যাসমূহৰ পৰা বঞ্চিত কৰা বিষয়সমূহক হোৱা আলোচনাৰ অন্তত সভাই কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰে।
উক্ত প্ৰস্তাৱ অনুসৰি আগন্তুক ৩১ মাৰ্চৰ ভিতৰত বিটিচি চৰকাৰখনক নতুন ভূমি নীতি উঠাই লোৱাৰ বাবে দাবী উত্থাপন কৰা হয়। আনহাতে বিটিএডি অঞ্চলত কেইবাবছৰ আগৰে পৰাই গোৰ্খা সম্প্ৰদায়ৰ লোকৰ মাটিক বিভিন্ন কৌশলেৰে দখল কৰি থকা বিষয়টো অতিশীঘ্ৰে নিষ্পত্তিৰ দাবী উত্থাপন কৰা হয়।
আনহাতে এই প্ৰতিবাদী সভাই শেহতীয়াকৈ বিটিচি চৰকাৰখনে গ্ৰহণ কৰিব বিচৰা ভূমি নীতি তথা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত সুৰক্ষিত শ্ৰেণীৰ ভূমি অধিকাৰ খৰ্ব কৰাৰ দৰে জনবিৰোধী সিদ্ধান্ত লোৱাৰ পাছতো এই সন্দৰ্ভত ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন বিজেপি চৰকাৰখনে মৌনতা অৱলম্বন কৰি থকা কাৰ্যক ধিক্কাৰ প্ৰদান কৰি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
আগন্তুক ৩১ মাৰ্চৰ ভিতৰত ভূমি নীতি উঠাই লোৱাৰ লগতে দাবীসমূহ পূৰণ নকৰিলে ১ এপ্ৰিলৰ পৰা ছাত্ৰ সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আগছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সঞ্জীৱ ছেত্ৰী, বিটিচি ক্ষেত্ৰীয় সমিতিৰ সভাপতি জন চৌহান, সাধাৰণ সম্পাদক ৰোহিত কুমাৰ দাহালৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোকে।