
মাজুলীঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি পালন নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ইমানে নহয় যোৱা বিধানসভা নিৰ্বাচনত লগ লাগি নিৰ্বাচনত অৱতীৰ্ণ হোৱা তিনিটা দল বিজেপি, অগপ আৰু বিপিএফৰ বিৰুদ্ধেও উত্থাপন হৈছে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ৷ এই অভিযোগ উত্থাপিত হৈছে অসমৰ অভিমান, বিশ্ব ঐতিহ্যৰ যোগ্য স্থান মাজুলীৰ সাধাৰণ নাগৰিকে৷
যোৱা বিধান সভা নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰিৱৰ্তে মাজুলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা সৰ্বানন্দ সোণোৱাল আৰু মিত্ৰজোঁটৰ নেতাসকলে নানান প্ৰতিশ্ৰুতি তথা সপোন দেখুৱাইছিল মাজুলীৰ জনসাধাৰণক৷ সোণোৱাল আৰু মিত্ৰজোঁটৰ অংশীদাৰী দলৰ নেতাৰ বৰ বৰ কথা আৰু প্ৰতিশ্ৰুতি এতিয়া প্ৰতিশ্ৰুতি হৈয়ে থাকিল বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে৷
চৰকাৰ খনৰ তিনিটা বছৰ পাৰ হ’বৰ হ’ল যদিও মাজুলীৰ ৰাস্তা-ঘাট আজিও জৰাজীৰ্ণ, বিশুদ্ধ খোৱাপানী যোগান আঁচনি সমূহ বিকল, মথাউৰি উন্মুক্ত, গৰাখহনীয়া ৰোধ কৰাৰ কোনো ব্যৱস্থা নাই, স্কুল-কেলজ-শিক্ষা-স্বাস্থ্যৰ অৱস্থা আজিও উন্নত নহ’ল৷ বুনিয়াদী সমস্যা সমাধান নোহোৱাৰ লগতে বাৰিষা অহাৰ পিছতো উন্মুক্ত মথাউৰি সমূহ মেৰামতি কৰাৰ ব্যৱস্থা নকৰাৰ লগতে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই চৰকাৰে৷
যাৰ বাবে ক্ষোভিত হৈ পৰিছে মাজুলীৰ জনসাধাৰণ৷ প্ৰতিদিনে আন্দোলন কৰাৰ বাহিৰে মাজুলীবাসীৰ হাতত আন উপায় নাই৷ মাজুলীবাসীয়ে বছৰ বছৰ ধৰি যমৰ-যাতনা ভোগ কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷ জীৱন ধাৰণৰ উন্নয় মানদণ্ড অবিহনে অতি কষ্টৰে জীয়াই থকা মাজুলীবাসীৰ কথা কোনে শুনিব৷ যোৱা নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থীগৰাকীক মাজুলীৰ ৰাইজে বিপুল ভোটত জয়ী কৰালে৷
জয়ী হৈ মুখ্যমন্ত্ৰী হ’ল যদিও আজিও দুখৰ দিনৰ সামৰণি নপৰিল মাজুলীবাসীৰ৷ যোৱা বিধান সভা নিৰ্বাচনত বৰ বৰ ভাষণৰ জৰিয়তে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰ লগতে মাজুলীক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷ জনজাতীয় লোকে বাস কৰা নদীদ্বিপ মাজুলী প্ৰৱল গৰাখহনীয়াৰ কৱলত পৰি মাটিকালি ক্ৰমান্বয়ে কমি অহাৰ লগতে ৰাস্তা ঘাট মেৰামতিৰ অভাৱত জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷
চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ ফলত এতিয়া মাজুলীবাসীয়ে প্ৰতিদিনে ৰাজ পথলৈ ওলাই আহিব লগা হৈছে৷ ৰাজ পথলৈ ওলাই অহাৰ বাহিৰে আন পথ নাই মাজুলীৰ দুৰ্ভগীয়া জনসাধাৰণৰ হাতত৷ কিছু দিন পূৰ্বে নিমাটি ঘাট ৰক্ষা কৰাৰ দাবীত পৰ্তিবাদ সাব্যস্ত কৰিছিল যোৰহাট আছুই৷ তাৰ পিছতেই ১৪ মাৰ্চত মাজুলীবাসীয়ে মথাউৰী মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷
পিনৰ বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিধানসভা সমষ্টি মাজুলীত৷ দ্বিতীয় দিনাও উত্তাল হৈ পৰে মাজুলী সমষ্টি৷ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাত আছুৱে দ্বিতীয় দিনাও কঁপাই তোলে মাজুলীৰ আকাশ-বতাহ৷ মাজুলীৰ গৰাখহনীয়া ৰোধ তথা উন্মুক্ত মথাউৰি নিৰ্মাণৰ দাবীত বুধবাৰে মাজুলী মহকুমা ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
পুনৰ বৃহস্পতিবাৰেও আছুৰ নেতৃত্বত ওলাই অহা শ-শ ছাত্ৰ-ছাত্ৰীয়ে উত্তাল কৰে মাজুলীৰ পৰিৱেশ৷ মাজুলীৰ মেৰুদণ্ড স্বৰূপ পিজিজেএইচ গড়কাপ্তানি পথৰ অন্তৰ্গত গড়মূৰ জেংৰাই সংযোগী পথ মেৰামতিৰ দাবীত আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে৷
জৰাজীৰ্ণ পথটো শীঘ্ৰে মেৰামতি কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ মাজুলী মহকুমা সমিতি আৰু জেংৰাই আঞ্চলিক সমিতিয়ে ফুলনি চাৰিআলিত পুৱা ৮ বজাৰ পৰা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্য চৰকাৰৰ বিৰোদ্ধে শ্ল’গান দি উওাল কৰি তোলে মাজুলীৰ ৰাজপথ।