অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

নগাঁওঃ ৰাজ্যৰ অন্যতম ছাত্ৰ সংগঠন অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ দাসৰ পদত্যাগ৷

এক বিবৃতিৰ জৰিয়তে সাধাৰণ সম্পাদক গৰাকীয়ে ব্যক্তিগত তথা পাৰিবাৰিক সমস্যাৰ বাবেই ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদকৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে৷

ইতিমধ্যে  পদত্যাগ পত্ৰ ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপৰিও নগাঁও জিলা সমিতি আৰু ৰাইদঙীয়া আঞ্চলিক সমিতিলৈ পৃথকে পৃথকে প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে৷